Message and information from different Satra

--

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ, দোলাইগাওঁ, বঙাইগাওঁ

শ্ৰী নলিনী কুমাৰ শৰ্মা,

উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সংগঠনিক সম্পাদক,
শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ,দোলাইগাওঁ পৰিচালনা সমিতিৰ উপ-সভাপতি

 

চমু আভাস

          “মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ, দোলাইগাও, বঙাইগাওঁ” সত্ৰ খনৰ জন্ম ১৯৯২ ইং চনৰ ১৩.০৯.১৯৯২ তাৰিখটো বুলি থোৰতে কলেও আছলতে ইয়াৰ বীজ ৰোপন কৰিছিল ১৯৮৭ ইং চনতে দুগৰাকী পূজ্যপাদ গুৰু ক্ৰমে প্ৰয়াত হৰেকৃষ্ণ দেৱ গোস্বামী, অদলা গুৰি (কোকিলা সত্ৰৰ নতুন নাম) সত্ৰৰ সত্ৰাধিকাৰ দেৱ আৰু প্ৰয়াত ত্ৰৈলোক্য নাথ গোস্বামী, নপ্তীপাৰা সত্ৰ, নলবাৰী দেৱ সকলে । কালক্ৰমত গুৰুজনাৰ কৃপা বৰিষণ হৈ বৰ্তমান দোলাইগও, বঙাইগাওঁ সত্ৰ খনে পুৰ্ণতা প্ৰাপ্ত হবলৈ সক্ষম হৈছে ।

             এই সত্ৰখন অদালগুৰি সত্ৰৰ সত্ৰাধিকাৰ দেৱৰ উৎসাহ আৰু কৃপাদৃষ্টিত স্থাপন বা উন্নিত কৰণ হৈছে যদিও ই সত্ৰ পৰিচালনা সমিতিৰ তত্বাবধানত পৰিচালিত হৈ আছে । এই সত্ৰ খনৰ লগত উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সহায় সহযোগিতা পাই থকা হৈছে । এই সত্ৰ খনৰ গুৰি ধৰোতা সকল ক্ৰমে – প্ৰয়াত সিদ্ধেশ্বৰ চৌধুৰী, প্ৰয়াত প্ৰভাত চন্দ্ৰ ৰায়, প্ৰয়াত অশ্চিনি কুমাৰ ৰায়, প্ৰয়ত অম্বিকচৰণ চৌধুৰী, প্ৰয়াত ব্ৰজেন চৌধুৰী, শ্ৰীযুত ৰামেশ্বৰ চৌধুৰী, শ্ৰীযুত লোকনাথ চৌধুৰী, শ্ৰীযুত দীনেশ চৌধুৰী, প্ৰয়াত কুমুদ শৰ্মা, শ্ৰীযুত শৰৎ শৰ্মা, শ্ৰীযুত ব্ৰজেন চন্দ্ৰ ৰায়, শ্ৰীযুত নীৰেন চন্দ্ৰ দাস, শ্ৰীযুত বৰদাকান্ত ভাগৱতী, শ্ৰীযুত ৰণজিৎ দাস, শ্ৰীযুত বসন্ত চৌধুৰী, শ্ৰীযুত বিমল ৰায়, শ্ৰীযুত নলিনী কুমাৰ শৰ্মা ।

             সত্ৰ খনৰ জন্ম  লগ্নৰে পৰা গঠনমূলক তথা সাংগঠনিক কামত একান পতীয়াকৈ লাগি থকা শ্ৰীযুত নলিনী কুমাৰ শৰ্মা আৰু শ্ৰীযুত শৰৎ শৰ্মা বৰ্তমানৰ পৰিচালনা সমিতিতো কাৰ্য্যনিৰ্বাহ কৰি আছে । এই সত্ৰখনে গোটেই বঙাইগাওঁ জিলা খনকে সামৰি লোৱাৰ পৰিকল্পনা আছে আৰু গুৰু কৃপা থাকিলে এখন জাকত জিলিকা সত্ৰ হিচাপে গঢ় দিয়াৰ আচনি ৰখা হৈছে । যোৱা ০১-০৩-২০১৮ ইং তাৰিখত সত্ৰ মহাসভাৰ পৰা “শ্ৰীশ্ৰী হৰিদেৱ সত্ৰ, দোলাইগাওঁ” নামেৰে পঞ্জীয়ন ভূক্ত হৈ স্বীকৃতি পত্ৰ পোৱা হৈছে । বৰ্তমানৰ অসম চৰকাৰৰ পঞ্জীয়ন আয়ুক্তৰ ওচৰত চৰকাৰী পঞ্জীয়নৰ বাবে আবেদন জনোৱা হৈছে । সত্ৰখনত এটি কমিউনিটি ঘৰ, বৰ্তমানৰ মন্দিৰ, নামঘৰ থকাৰ লগতেএখন আটকধূনীয়া গেট আছে ( দাতা শ্ৰীযুত শৰৎ শৰ্মা আৰু পৰিয়ালবৰ্গই তেখেত সকলৰ প্ৰয়াত পিতৃ প্ৰভাত শৰ্মা আৰু মাতৃ দেৱী প্ৰয়াত ধৰ্ম্মেশ্বৰী দেৱীৰ সোঁৱৰণত দান দিছে ) । পৰবৰ্ত্তী কালৰ বাবে মাষ্টাৰ প্লেন বনাই থকা হৈছে  ।

Please enter your Name, Address, Suggession etc.

Please use english alphabets only while filling the form

Name:        
Address