মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুৱে 1375 শকতে বহৰিত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰি অসমত ভাগৱত শাস্ত্ৰত নিৰ্দেশিত বিধি বিধানমতে বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি আছিল । ইয়াৰ অনেক পৰৱৰ্ত্তী কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীত থিতাপি লৈ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা আৰম্ভ কৰিছিল ।দুয়োৰে ধৰ্ম একে কৃষ্ণভক্তি মূলক বৈষ্ণৱ ধৰ্ম হ’লেও উভয়ৰে ধৰ্মৰ সাধন প্ৰণালী আৰু আচাৰ আচৰণ সম্পূৰ্ণ পৃথক । যিসকলে এই সম্পৰ্কে বিস্তাৰিতভাৱে জানিব বিচাৰে তেওঁলোকে প্ৰয়াত নগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী দেৱৰ দ্বাৰা ৰচিত আৰু উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘৰ দ্বাৰা প্ৰকাশিত ‘ ধৰ্মমূৰ্ত্তি মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ’ নামৰ গ্ৰন্থৰ ‘মধ্যযুগত অসমৰ ভাগৱত-ধৰ্ম’ নামৰ অধ্যায়টো পঢ়ি চাব পাৰে ।
দেহত্যাগৰ পিচত শংকৰদেৱ গুৰুৰ ধৰ্মৰ উত্তৰাধিকাৰিত্ব সম্পৰ্কীয় বিবাদৰ পৰিণতিত শংকৰী নৱ বৈষ্ণৱ ধৰ্মৰ শিষ্য ভকতসকল কাল ,নিকা,পুৰুষ আৰু ব্ৰহ্ম্- এই চাৰি সংহতিত বিভক্ত হৈ পৰিছিল । এই বিভাজন প্ৰক্ৰিয়া অনুসৰি কেৱল যিসকল ব্ৰাহ্মণে শংকৰদেৱ গুৰুৰ শিষ্যত্ব গ্ৰহণ কৰি তেওঁৰ আজ্ঞাপৰ হিচাপে ধৰ্ম প্ৰচাৰ কৰি আছিল সেই সকলে নিজকে ব্ৰহ্ম সংহতিৰ অন্তৰ্ভুক্ত বুলি পৰিচয় দিয়াটোহে যুক্তিসঙ্গত কথা । কিন্তু কিছুমান অত্যুতসাহী লোকে অজ্ঞানতা বশতই হওক অথবা প্ৰৰোচনামূলকভাৱেই হওক শংকৰদেৱতকৈ বহু আগৰে পৰা সত্ৰ স্থাপন কৰি স্বতন্ত্ৰভাৱে নিজস্ব ধৰ্মমত প্ৰচাৰ কৰি থকা মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ কেৱল ব্ৰাহ্মণ ধৰ্মগুৰু হোৱা হেতুকেই তেওঁৰ ধৰ্ম ব্ৰহ্ম সংহতিৰ অন্তৰ্ভুক্ত বুলি ক’বলৈ আৰম্ভ কৰে । এনেদৰে দীৰ্ঘকাল ধৰি চলি থকা অপপ্ৰচাৰৰ ফলত প্ৰকৃত সত্য আবৃত হৈ পৰা হেতুকে বৰ্ত্তমান কালতো বহুতো হৰিদেৱী সত্ৰই তেনে ভুল কথাকে সত্য বুলি মানি লৈ নিজৰ সত্ৰখন ব্ৰহ্মসংহতিৰ সত্ৰ বুলি পৰিচয় দি ভাল পায় ।
শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মহে চাৰি সংহতিত বিভক্ত হৈছিল । শ্ৰীশ্ৰী হৰিদেৱৰ দ্বাৰা প্ৰচাৰিত বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৃথক ধৰ্ম হোৱা হেতুকে শংকৰদেৱ প্ৰবৰ্ত্তিত নৱ বৈষ্ণৱ ধৰ্মৰ সংহতি বিভাজনৰ দ্বাৰা কোনো প্ৰকাৰে প্ৰভাৱিত হোৱাৰ প্ৰশ্ন নুঠে ।
নিকাসংহতি , কালসংহতি , পুৰুষসংহতি আৰু বহ্মসংহতিৰ অন্তৰ্ভুক্ত সত্ৰ মানেই সেই সত্ৰৰ মূল অৰ্থাত্ আদিগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ । যিহেতু হৰিদেৱী সত্ৰৰ মূল বা আদিগুৰু মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গতিকে কোনো হৰিদেৱী সত্ৰই নিজকে ব্ৰহ্ম স্ংহতিৰ অন্তৰ্ভুক্ত সত্ৰ বুলি পৰিচয় দিয়াটো ভুল কাৰণ তেনে কৰিলে হৰিদেৱ গুৰু শংকদেৱৰ বাহ্মণ শিষ্য সকলৰ ভিতৰৰে এজন আছিল প্ৰকাৰান্তৰে বুলি মানি লোৱা হয় ।
আমাৰ ওপৰোক্ত কথাখিনিৰ সমৰ্থনত নগেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী দেৱৰ ‘ধৰ্মমূৰ্ত্তি মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ’ গ্ৰন্থৰ নিৰ্বাচিত অংশ (পৃঃ 31-32) থাউকতে পোৱাকৈ তলত উদ্ধৃত কৰি দিয়া হ’ল –
‘ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰৱৰ্ত্তিত নাম ধৰ্মত প্ৰথমে কিছু পৰিমাণে হ’লেও বিবাহ ,শ্ৰাদ্ধ , অশৌচ আদিৰ ক্ষেত্ৰত স্মাৰ্ত্ত বিধান মানিছিল বাবে শংকৰ-হৰি-দামোদৰ আদিৰ মতানৈক্য হোৱা নাছিল, সকলো কেইজনে নিজ নিজ মতেৰে চলিছিল ।শ্ৰীশংকৰদেৱে উজনিত ধৰ্ম প্ৰচাৰ কৰিবলৈ লওঁতে ভালেখিনি প্ৰতিকূল অৱস্থাৰ সন্মুখীন হ’ব লগীয়া হৈছিল ,পাটবাউসীত আহিও তেনে অসুবিধাতেই পৰিছিল বুলিব পাৰি । শ্ৰীহৰিদেৱ আৰু শ্ৰীদামোদৰদেৱৰ সাধন প্ৰণালীত বেদাচাৰৰ সংযোগৰ ফলত কিন্তু কোনেও একো বিৰোধিতা কৰা নাছিল আৰু সেইবাবেই হৰি-দামোদৰ সহযোগে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত ভালেখিনি সহায় কৰিছিল । সেই বাবেই পৰস্পৰে পৰস্পৰক স্বীকৃতি দানেৰে সহায় –সহযোগৰ হাত আগবঢ়াই নিজ নিজ মতেৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰত ব্যাপৃত হৈছিল। ইজনৰ সত্ৰলৈ সিজনৰ আগমন আৰু নাম-কীৰ্ত্তনাদি বা ভাগৱত পাঠাদিও কৰাৰ কথা চৰিত পুথিত উল্লেখ আছে । সেই বাবেই সাধন প্ৰণালীত কিছু কিছু ভেদ থাকিলেও তিনিওজনা মহাপুৰুষে ঐক্য মতেৰে ধৰ্ম প্ৰচাৰ কৰিব পাৰিছিল ।কিন্তু শংকৰদেৱৰ তিৰোধানৰ পিচত মাধৱদেৱে শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মত কিছু যোগ-বিয়োগ ঘটোৱাৰ লগে লগেই বিৰোধ বিভেদৰ সৃষ্টি হ’বলৈ ধৰিলে । এই খিনিতেই মহাপুৰুষীয়াসকলৰ কিছুমানে বিশেষকৈ ‘নিকা’ পন্থী সকলে অৰ্থাত্ মথুৰাদাস ,বদুলা আতা আদিৰ অনুগামীসকল মাধৱদেৱকো আন এগৰাকী প্ৰধান ধৰ্মগুৰু ৰূপে স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু ‘শংকৰ-মাধৱ দুজনা গুৰু’ ৰূপে ক’বলৈ আৰম্ভ কৰিলে । ভৱানীপুৰীয়া গোপাল আতাই মাধৱদেৱৰ পৰা ধৰ্ম লৈছিল । তেওঁৰ লগতো ঘটনাক্ৰমে সাধাৰণ কথাতে লাগিলত ভৱানীপুৰীয়া গোপালেও আঁতৰি গৈ ‘কালসংহতি’ প্ৰবৰ্ত্তন কৰি ‘পূৰ্ণগুৰু’ ৰূপে প্ৰতিষ্ঠিত হ’ল । শংকৰ নাতি পুৰুষোত্তম-চতুৰ্ভুজ ঠাকুৰ দুগৰাকীৰ লগতো মথুৰাদাস বুঢ়া আতাৰ ভেদভাৱৰ সৃষ্টি হ’ল ; ফলত তেওঁলোকে পিতামহৰ ধৰ্মনীতি সংৰক্ষিত কৰি ‘ পুৰুষ সংহতিৰ্’ জন্ম দিলে ।ফলত মহাপূষীয়া ধৰ্ম কাল ,নিকা আৰু পুৰুষ সংহতিত ত্ৰিধা বিভক্ত হৈ পৰিল । শ্ৰীশ্ৰীহৰিদেৱ আৰু শ্ৰীশ্ৰী দামোদৰ গুৰুৱে কিন্তু পূৰ্বৰ দৰেই বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থাকিল , তাত কোনো শাখা বা পন্থৰ সৃষ্টি নহ’ল বা আজিলৈকে হোৱা নাই ।
কিন্তু পৰবৰ্ত্তী চৰিতকাৰ সকলে এইবোৰ কথাৰ আঁত নিবিচাৰি হৰি-দামোদৰ গুৰুৱে ভাগ হৈ বেলেগ ধৰ্ম প্ৰচাৰ কৰা বুলি লিখিবলৈ ধৰিলে । পাচলৈ এওঁলোক দামোদৰী , হৰিদেৱী নাইবা ‘ব্ৰহ্মসংহতি’ নামে মহাপুষীয়া ধৰ্মৰ এটা উপ-বিভাগ বুলি দেখুৱাবৰ প্ৰৱণতা দেখা গ’ল ; কোনে কেতিয়া এই ভ্ৰান্ত নামকৰণ কৰিলে তাক কিন্তু সঠিকভাৱে নিৰ্ণয় কৰা নাযায় ।
এই সময়তেই বিভিন্ন পন্থৰ চৰিত পুথিবোৰো ৰচিত হ’বলৈ ধৰিলে আৰু প্ৰত্যেক পন্থই নিজ নিজ পন্থৰ সপক্ষে কোৱা আৰু প্ৰতিপক্ষৰ প্ৰতি বিৰূপ মন্তব্য দিবলৈ লাগি গ’ল । ফলত প্ৰকৃত সত্য হেৰাল । সত্ৰীয়া সাধন প্ৰণালীলৈ লক্ষ নকৰাকৈ নাম-কীৰ্ত্তন কৰা দেখিয়েই যেয়ে যেনেকৈ পাৰে লিখিবলৈ আৰম্ভ কৰিলে ; ফলত শ্ৰীশ্ৰীদামোদৰ গুৰুক এগৰাকী খাবনোপোৱা সাধাৰণ খেতিয়ক বাহ্মণ আৰু শংকৰৰ শিষ্যৰূপে থিয় কৰোৱা হ’ল আৰু হৰিদেৱকো শংকৰদেৱৰ শিষ্য সজাই থৈ দিলে’ । ইত্যাদি আমি আমাৰ বক্তব্যৰ লাগত সংগতি থকা অংশৰো কিছু অংশহে উদ্ধৃত কৰিলো । ইয়াতকৈ বিতংভাৱে সকলো কথা জানিবলৈ ইচ্ছুক ব্যক্তিয়ে গ্ৰন্থখনৰ পৰা সবিশেষ তথ্য সংগ্ৰহ কৰিব পাৰে।
***********************************
মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই সৰু কালৰে পৰা সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ নিয়ম অনুসৰি তেওঁৰ পিতৃৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত অন্যান্য শিক্ষাৰ্থীৰ সৈতে অক্ষৰ জ্ঞানৰ পৰা আৰম্ভ কৰি গীতাকে ধৰি বিভিন্ন শাস্ত্ৰ আৰু লগতে পাণীনি ব্যাকৰণ আদি অন্যান্য বিষয়ো অধ্যয়ন কৰিছিল ।তাৰ পিচত কাশীত বেদ আৰু দৰ্শন শাস্ত্ৰৰ সুবিজ্ঞ পণ্ডিতৰ তত্বাৱধানত চাৰিবছৰ কাল বেদ আৰু দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰি সেই সময়ৰ প্ৰচলিত সমাবৰ্ত্তন উৎসৱৰ জৰিয়তে বেদ-দৰ্শনাচাৰ্য উপাধি লাভ কৰিছিল ।কাশীৰ পৰা কামৰূপলৈ প্ৰত্যাবৰ্ত্তনৰ পথত তেওঁ পাঁচ বছৰ কাল পুৰীৰ জগন্নাথ মন্দিৰত মূল ভাগৱত শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰিছিল । এই অধ্যয়নৰ ফলত তেওঁ স্পষ্টভাৱে অনুভৱ কৰিছিল যে ভাগৱত শাস্ত্ৰত বেদ আৰু বেদান্ত দৰ্শনৰ সাৰভাগ সহজবোধ্য ৰূপত প্ৰকাশিত হৈছে । লগতে তেওঁ ইয়াকো অনুভৱ কৰিছিল যে বেদ-উপনিষদৰ মূল প্ৰতিপাদ্য পৰম ব্ৰহ্ম আৰু ভাগৱতৰ মূল প্ৰতিপাদ্য ভগৱান শ্ৰীকৃষ্ণ একে তত্ব । বেদ উপনিষদৰ জ্ঞান সহজ বোধ্য নহয় – এই জ্ঞানত প্ৰতিষ্ঠা লাভ কৰিলে পৰমাৰ্থ প্ৰাপ্তি নিশ্চিত হয় যদিও এই পথ সকলোৰে বাবে সুগম নহয়। আনহাতে ভাগৱত শাস্ত্ৰৰ উপদেশ অনুসৰি ভগৱান শ্ৰীকৃষ্ণ প্ৰতি একান্ত ভক্তি আচৰণ কৰিলে একে ফল লাভ কৰিব পাৰি আৰু এই পথ পৰমাৰ্থ প্ৰাপ্তিৰ অতি সুগম পথ ।
মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ আধাৰত কৃষ্ণভক্তি প্ৰচাৰ কৰাৰ উদ্দেশ্য আগত ৰাখি সত্ৰ স্থাপন কৰিছিল ।কৃষ্ণক নিজ আত্মাৰূপে উপাসনা কৰা , তাৰ পৰিণতিত জগতৰ স্থাৱৰ জঙ্গম সৰ্বত্ৰতে কৃষ্ণ দৰ্শন আৰু একমাত্ৰ কৃষ্ণত বাহিৰে ক’তো আন একো নাই বুলি প্ৰত্যক্ষভাৱে উপলব্ধি কৰাটোৱে তেওঁৰ ধৰ্মৰ মূল লক্ষ্য ।
গুৰুজনাই তেওঁৰ শৰণ সিদ্ধান্ত নামৰ পুথিত উপযুক্ত গুৰুৰ লক্ষণ বৰ্ণনা প্ৰসঙ্গত কৈছে যে গুৰুৰ সকলোতকৈ প্ৰয়োজনীয় গুণ হৈছে কৃষ্ণক এক আৰু অদ্বিতীয় প্ৰিয়তম আত্মাৰূপে উপাস্য বুলি থকা জ্ঞান । আত্মপ্ৰীতি জীৱৰ স্বভাৱ , সকলো জীৱই নিজক সবাতোকৈ বেছি ভাল পায় ।ভগৱান শ্ৰীকৃষ্ণ আত্মাৰূপে সমস্তৰে ভিতৰত বিদ্যমান । গতিকে কৃষ্ণপ্ৰেম আত্মপ্ৰীতিৰ ৰূপত সকলো জীৱৰ ভিতৰতে থকা এক স্বাভাৱিক অৱস্থা ।এই তত্বজ্ঞানত প্ৰতিষ্ঠিত গুৰুৱে শিষ্যক কৃষ্ণ প্ৰেমৰ প্ৰতি সহজে আকৰ্ষিত কৰিব পাৰে কাৰণে সকলো গুৰুতকৈ শ্ৰেষ্ঠ জ্ঞানসম্পন্ন গুৰু বুলি উল্লেখ কৰি হৰিদেৱ গুৰুজনাই কৈছে -
কৃষ্ণ প্ৰিয়তম আত্মা যৈত নাহি ভয় ।লোকৰ সুখৰ প্ৰতি অনুৰাগ বা আকৰ্ষণ থাকে ,কোনেও কেতিয়াও দুঃখ পাব নিবিচাৰে । সুখৰ প্ৰতি মানুহৰ যি অনুৰাগ সি আত্মানুৰাগ মূলক ,কাৰণ নিজৰ বাবেই সুখৰ কামনা ।আত্মানুৰাগ নিজৰ প্ৰ্তি অনুৰাগ বা প্ৰেম, ই অন্যৰ প্ৰতি প্ৰেম নহয় । যি বস্তুৰ প্ৰতি অনুৰাগ বা প্ৰেম বাহিৰৰ অন্য একোৰে ওপৰত নিৰ্ভৰশীল নহয় সিয়ে পৰম সুখ বা পৰমানন্দ ।
আনহাতে যিহেতু মানুহ সুখৰ প্ৰতি অনুৰাগী , সেই হেতুকে যি বস্তুৱে মনুহক সুখ দিব পাৰে সেই বস্তুৰ প্ৰতিও মানুহৰ প্ৰেম বা অনুৰাগ জন্মে । গতিকে জগতত দেখা যায় যে যি বস্তুৰ প্ৰতি অনুৰাগ বা প্ৰেম জন্মে সি হয় সুখ নাইবা সুখৰ উপায় ।সেয়েহে সুখোপায় আৰু সুখৰ ভিতৰত মানুহৰ সুখোপায়ৰ প্ৰতি যি অনুৰাগ অৰ্থাত্ ধন , সম্পদ , গৃহ , পৰিবাৰ ইত্যাদিৰ প্ৰতি যি প্ৰেম, তাৰ পৰিবৰ্ত্তন হৈ থাকে । কিন্তু সুখৰ প্ৰতি যি অনুৰাগ সি হৈছে আত্মাৰ প্ৰতি প্ৰেম ,যাৰ কোনো পৰিবৰ্ত্তন নহয় ।
বিষয়–বস্তুৰ পৰা অৰ্থাত্ সুখোপায়ৰ লাভ কৰা আনন্দ নিত্য পৰিবৰ্ত্তনশীল , কিন্তু আত্মানন্দৰ পৰিবৰ্ত্তন নাই । আত্মাৰ অৰ্থেই অন্য সকলো বস্তুৰ প্ৰিয়্ত্ব আৰু প্ৰয়োজন । বিশ্বব্ৰহ্মাণ্ডৰ কোনো বস্তুৱে তাৰ নিজৰ কাৰণে আনন্দদায়ক নহয় । আত্মাৰ অৰ্থেই সকলো বস্তু আনন্দদায়ক । জীৱনৰ পৰিস্থিতিৰ পৰিৱৰ্ত্তনৰ কাৰণে যেতিয়া কোনো বস্তুৰ প্ৰিয়ত্বৰ পৰিৱৰ্ত্তন হয়, অৰ্থাত্ সুখোপায় বুলি ভাৱি থকা বস্তু সমুহ যেনে - ধন, সম্পদ , মাটিবাৰী আত্মীয় স্বজন আদি এটা এটকৈ হাতৰ পৰা গুছি যায় , তেতিয়াও আমি মৰিব নিবিচাৰো । ভিক্ষাৰীৰ দৰে অতি নিঃকিন অৱস্থাত হ’লেও বাছি থাকিব বিচাৰো ।অৰ্থাত্ যেতিয়া সুখোপায়সমুহে বাঞ্ছিত সুখ দিব নোৱাৰা হেতুকে ইবিলাকৰ প্ৰতি প্ৰেম নোহোৱা হয় , তেতিয়াহে অনুভৱ হয় যে সুখানুৰাগ বা আত্মাৰ প্ৰতি অনুৰাগ বা প্ৰেম অপৰিবৰ্ত্তনীয়ভাৱে সৰ্বদা বিৰাজমান থাকে। আনকি নিজৰ ওপৰতে যেতিয়া কিবা বিৰক্তিভাৱ আহে আৰু যাৰ বশবৰ্ত্তী হৈ মানুহে আত্মহত্যা পৰ্যন্তও কৰিব পাৰে , সিও প্ৰকৃততে আত্মাৰ ওপৰত অহা বিৰক্তি নহয় , ই আচলতে জীৱনৰ এনে এক বেদনাদায়ক অৱস্থা যি সুখদায়ক নোহোৱা হেতুকে সেই বিশেষ অৱস্থাটোৰ প্ৰতি অনুৰাগ বা প্ৰেম নাথাকে কাৰণে তেনে অৱস্থাৰ পৰা মুক্ত হোৱাৰ চেষ্টাহে ।আত্মহত্যাক যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ প্ৰতি প্ৰেম বুলি ক’ব পাৰি, ই নিজৰ আত্মাৰ প্ৰ্তি ঘৃণা নহয় ।আত্মা আনকি যিজনে আত্মহত্যা কৰিব বিচাৰে তেওঁৰো সাৰ ভাগ । সেই কাৰণে আত্মাৰ প্ৰতি ঘৃণা থাকিব নোৱাৰে ।ইবিলাকৰ পৰা এইটো স্পষ্ট হয় যে আত্মা অন্তৰৰ গভীৰতম আৰু সৰ্বোত্তম প্ৰেমৰ বস্তু ।
আত্মাৰ প্ৰতি থকা প্ৰেমৰ বাবেই কোনেও নিজৰ বিনাশ নিবিচাৰে । সকলোৰে ভিতৰত চিৰকাল বাচি থকাৰ বাবে এক আন্তৰিক ইচ্ছা থাকে । অন্তৰৰ গভীৰতম প্ৰদেশত নিজৰ মৃত্যুক বাধা দি সদাই বাচি থকাৰ এক গভীৰ ইচ্ছা সকলো জীৱৰে থাকে আৰু ই সকলোৰে অস্তিত্বৰ বীজ স্বৰূপ ।
হৰিদেৱ গুৰুজনাই কৈছে ‘কৃষ্ণ প্ৰিয়তম আত্মা যৈত নাহি ভয়’ – আত্মা আমাৰ প্ৰত্যেকৰে সবাতোকৈ প্ৰিয় বস্তু । কৃষ্ণই হৈছে সেই প্ৰিয়তম আত্মা । নিজতকৈ পৃথক কোনো দ্বিতীয় বস্তুৰ পৰাহে ভয় উত্পন্ন হয় , কৃষ্ণ এক আৰু অদ্বিতীয় কাৰণে তেওঁক ভীতিগ্ৰস্ত কৰিব পৰা একো দ্বিতীয় বস্তু নাই । সেই হেতুকে কৃষ্ণৰ লগত একাত্মতা জ্ঞান সমস্ত ভয়ৰ নিবাৰক ।
কৃষ্ণ জগতৰ সমস্তৰে আত্মা – এই সত্যৰ সাক্ষাত উপলব্ধি কৰাৰ পিচত নিজৰ পৃথক ব্যক্তিত্ব বুলি একো থকা সম্ভৱ নহয় আৰু আত্মাত বাহিৰে দ্বিতীয় তত্ব ক’তো একো নাই কাৰণে আমি নিজেও কৃষ্ণৰ বাহিৰত থকা সম্ভৱ নহয় । সেইকাৰণে সমস্ত জগতৰ লগতে নিজকো কৃষ্ণৰে অন্তৰ্গত বুলি জ্ঞানত প্ৰতিষ্ঠিত হোৱাটোৱে হৈছে মুক্তিৰ অৰ্থ । ভগৱান কৃষ্ণৰ পাদপদ্মত শৰণ গ্ৰহণ কৰি একমাত্ৰ কৃষ্ণকে ভক্তিভাৱে উপাসনা কৰিলে এই জ্ঞানত প্ৰতিষ্ঠিত হ’ব পাৰি বুলি ভাগৱত শাস্ত্ৰত বিভিন্ন প্ৰকাৰে প্ৰতিপন্ন কৰা হৈছে আৰু ইয়ে মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ভক্তি ধৰ্মৰ মূল তত্ব ।
***********************************
মহপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই পুৰী , গয়া ,কাশী , মথুৰা , বৃন্দাবন , হৰিদ্বাৰ হৃষিকেশ , বদ্ৰীনাথ আদি তীৰ্থ সমুহ ভ্ৰমণ কৰা কালত সাক্ষাত পোৱা সেই সময়ৰ বিভিন্ন পণ্ডিত আৰু সাধু সজ্জন আদিৰ সৈতে মত বিনিময় কৰি ধৰ্মতত্ব , দেবতত্ব , আত্মতত্ব আদি বিষয়ৰ বিস্তাৰিত জ্ঞান লাভ কৰিছিল ।সেই সময়ত গুৰুজনা ওঠৰ বছৰীয়া যুবক আছিল । কিন্তু শিশু কালৰে পৰা অধ্যাপক পিতৃৰ লগতে তেওঁৰ টোলত শিক্ষা গ্ৰহণৰ কাৰণে বিভিন্ন স্থানৰ পৰা আহি শিক্ষাগুৰুৰ বাসগৃহতে থকা ছাত্ৰসকলৰ সান্নিধ্য লাভ কৰাৰ সুযোগ লাভ কৰিছিল । সেই সুযোগতে গীতা পুৰাণ উপনিষদ আদি বিভিন্ন শাস্ত্ৰৰ পৰা আধ্যাত্মিক বিষয়ৰ শিক্ষা লাভ কৰাৰ উপৰিও পিতৃৰ টোলতে আনুষ্ঠানিক ভাৱে চাৰিবছৰ কাল পানিণী ব্যাকৰণ অধ্যয়্ন কৰিছিল । সেই কাৰণে বয়সত নবীন হ’লেও সমগ্ৰ উত্তৰ ভাৰতৰ তীৰ্থস্থান সমুহত লগ পোৱা বিশিষ্ট পণ্ডিত তথা সাধু-সন্ন্যাসীসকলৰ সৈতে মত বিনিময় কৰি পাৰমাৰ্থিক তত্ব আলোচনা কৰিব পৰা আৰু তেনেদৰে প্ৰাপ্ত তত্বজ্ঞান হৃদয়ঙ্গম কৰিব পৰাৰ ক্ষমতা তেওঁৰ আছিল । ,
তীৰ্থ ভ্ৰমণ কৰাৰ অন্তত গুৰুজনাই কাশীত বিশিষ্ট পণ্ডিতৰ তত্তাবধানত চাৰি বছৰ কাল বেদ আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়ন সুখ্যাতিৰে সমাপ্ত কৰি সেই সময়ৰ নিয়ম অনুসৰি অনুষ্ঠিত সমাবৰ্ত্তন অনুষ্ঠানত বেদাচাৰ্য আৰু দৰ্শনাচাৰ্য উপাধি লাভ কৰিছিল। ইয়াৰ পিচত গুৰুজনা আহি পুৰীত উপস্থিত হোৱাত তাৰ বিশিষ্ট পণ্ডিত সমাজে জগন্নাথ মহপ্ৰভুৰ স্বপ্নাদেশ অনুসৰি তেওঁক জগন্নাথ মন্দিৰত মূল ভাগৱত শাস্ত্ৰ অধ্যয়ন আৰু ব্যাখ্যা কৰাৰ বাবে অনুৰোধ কৰে । সেই অনুৰোধ ৰক্ষা কৰি গুৰুজনাই মন্দিৰৰ প্ৰচলিত শাস্ত্ৰীয় নিয়মমতে শ্ৰীমদ্ভাগৱত শাস্ত্ৰ অধ্যয়্ন কৰি সেই শাস্ত্ৰৰ যি ব্যাখ্যা আগ বঢ়াইছিল তাৰ দ্বাৰা পুৰীৰ বিদ্বৎ সমাজৰ পৰা আৰম্ভ কৰি উপস্থিত জনসাধাৰণো মুগ্ধ হৈছিল । এনেদৰে পাঁচ বছৰ কাল ভাগৱত অধ্যয়ন কৰাৰ পিচত গুৰুজনা ভাগৱত বৰ্ণিত ভক্তি ধৰ্মৰ ওপৰত একান্ত আস্থাপৰায়ণ হৈ এই সহজ জ্ঞান তথা সৰল আচৰণযুক্ত ভক্তি ধৰ্ম জনসাধাৰণৰ বাবে অতি উপযোগী হ’ব বুলি নিশ্চিত হয়। সেই সময়ত তেওঁ ইয়াকো জানিব পাৰিছিল যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন সাধু সন্তৰ দ্বাৰা ইতিমধ্যে এই ধৰ্ম জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা হৈছে যদিও কামৰূপ দেশত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ তেতিয়ালৈকে হোৱা নাই । সেয়েহে তেওঁ নিজৰ সাধনালব্ধ জ্ঞান আৰু ভাগৱত ভক্তিধৰ্ম আপোন দেশৰ আপোন জনসাধাৰণৰ মাজলৈ নি তেওঁলোকক ধৰ্মৰ নামত প্ৰচলিত কুসংস্কাৰ –কদাচাৰৰ পৰা মুক্ত কৰাটো কৰ্ত্তব্য বুলি বিবেচনা কৰি নিজ দেশলৈ প্ৰত্যাবৰ্ত্তন কৰাৰ মন কৰে । পুৰীৰ বিদ্বৎ সমাজে তেওঁৰ এনে মনোবাসনা যুক্তিসংগত বিবেচনা কৰে গুৰুজনাৰ সেৱাৰ স্বীকৃতি হিচাপে ভাগৱতাচাৰ্য উপাধিৰে সন্মানিত কৰি বিদায় সম্ভাষণ জনায় ।
ইয়াৰ পিচত গুৰুজনা পূৰ্বপুৰুষৰ বাসস্থান কামৰূপৰ বহতি গ্ৰামলৈ ( বৰ্ত্তমান বৰপেটা জিলাৰ বহৰি গাওঁ )উভতি আহে আৰু তাতে নিজৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ অৰ্থে এখন সত্ৰ স্থাপন কৰে । এইখন সত্ৰকে আদি সত্ৰ বুলি কোৱা হয় আৰু ১৩৭৫ শকাব্দত তেতিয়াৰ বৰ অসমৰ এই প্ৰথম সত্ৰখন স্থাপন কৰা হৈছিল বুলি চৰিত পুথিত কোৱা হৈছে ।
অৰ্থাৎ জগতত যিজনাৰ অখণ্ড সত্তা বা অস্তিত্ব বিদ্যমান তেওঁক উপলব্ধি কৰিব পৰাৰ ব্যৱস্থাপনা য্’ত থাকে তাৰ নাম সত্ৰ ।
জগত কি ? যি যি পদাৰ্থক লৈ জগত সৃষ্টি কৰা হৈছে তাৰ ভিতৰত কৰ্মেন্দ্ৰিয় অধিকৃত পদাৰ্থ ,অৰ্থাৎ যিবিলাক পদাৰ্থৰ ওপৰত কৰ্মেন্দ্ৰিয়সমুহ কৰ্মতৎপৰ হ’ব পাৰে, তেনে পদাৰ্থ অতি স্পষ্টভাৱে অনুভৱ কৰিব পাৰি কিন্তু ইয়াৰ পৰিমাণ তুলনামূলকভাৱে কম । পঞ্চ জ্ঞানেন্দ্ৰিয় অধিকৃত পদাৰ্থ বা পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ বিষয়ীভুত পদাৰ্থ তাতকৈ অধিক ।মানসপ্ৰত্যক্ষৰ অধিকৃত পদাৰ্থ বা মনৰ বিষয়ীভুত পদাৰ্থ তাতোকৈ অধিক আৰু অনুমানগম্য বা অনুমানৰ দ্বাৰা বুজিব পৰা পদাৰ্থ তাতকৈও অধিকতৰ ।ইয়াৰোপৰি অনুমানৰ অগম্য পদাৰ্থসমুহ যাক মাত্ৰ শাস্ত্ৰ্জ্ঞানৰ দ্বাৰাহে বুজা হয় – এইধৰণৰ নানাবিধ স্থুল সুক্ষ্ম পদাৰ্থৰ সমষ্টিয়ে জগত । এই জগতকে ‘সদেব সৌম্য ইদমগ্ৰে আসীৎএকমেবাদ্বিতীয়ম্’ শ্ৰুতিমন্ত্ৰত ইদং শব্দৰ দ্বাৰা বুজোৱা হৈছে আৰু ইয়াৰ প্ৰত্যকতে এক অখণ্ড সৎ স্বৰূপ ব্যাপ্ত হৈ আছে ।
অখণ্ড সদ্বস্তু কি ? ছান্দোগ্য উপনিষদৰ ষষ্ঠ অধ্যায়ৰ দ্বিতীয় খণ্ডৰ প্ৰথম মন্ত্ৰত কোৱা হৈছে – ‘সদেব সৌম্য ইদমগ্ৰে আসীৎ একমেবাদ্বিতীয়ম্’ –অৰ্থাৎ প্ৰথমে এই জগত এক অদ্বিতীয় সৎৰূপে বৰ্ত্তমান আছিল । ইয়াৰ পৰা বুজা যায় যে অখণ্ড সৎ জগতৰ সৃষ্টিৰ পূৰ্বৰ অৱস্থা আৰু এই সদ্বস্তুক আশ্ৰয় কৰি জগত সৃষ্টি হোৱা হেতুকে অসত্য হোৱা সত্বেও জগতৰ অস্তিত্ব সত্য বুলি অনুভুত হয় ।
গীতাত কোৱা হৈছে –সদ্ভাৱ (আছে এই অৰ্থত , অৰ্থাৎঅস্তিত্ব বুজাবৰ কাৰণে ) আৰু সাধুভাৱ অৰ্থাৎ শ্ৰেষ্ঠ অৰ্থ বুজাবৰ কাৰণে সৎ শব্দ প্ৰযুক্ত হয় । একেদৰে মঙ্গলজনক কাৰ্য বুজাবৰ বাবেও সৎ শব্দৰ প্ৰয়োগ কৰা হয়। ভাগৱত শাস্ত্ৰত এই সদ্বস্তুৰ পৰিচয় এনেদৰে দিয়া হৈছে –
স্থিত্যুৎত্ত্যপ্যায়ান্ পশ্যেদ্ভাৱানাং ত্ৰিগুণাত্মনাম্ ।ত্ৰিগুণাত্মক পদাৰ্থমাত্ৰৰে উৎপত্তি ,স্থিতি আৰু বিনাশ অৱস্থা বিচাৰ কৰি চালে বুজা যায় যে উৎপত্তিত কাৰণৰূপে , স্থিতিত আশ্ৰয় ৰূপে আৰু বিনাশত পৰিণাম ৰূপে কোনো এক তত্ববস্তুৰ নিত্য সম্বন্ধ বৰ্ত্তমান থাকে ।সৃষ্টি , স্থিতি আৰু বিনাশৰূপ কাৰ্য ভিন্ন ভিন্ন হোৱা সত্বেও যি তত্ববস্তু সকলো অৱস্থাৰে অনুগত হৈ থাকে আৰু প্ৰলয়ৰ পিচতো যি অৱশিষ্ট থাকে সেয়ে সৎ- পদাৰ্থ । তৈত্তিৰীয় উপনিষদত এই পৰমতত্ব বা সদ্বস্তু বা ব্ৰহ্মক অনন্ত বুলি কোৱা হৈছে ।
ব্ৰহ্মৰ স্বৰূপ নাম আৰু ৰূপৰ পৰা পৃথক । নাম আৰু ৰূপ জগতৰ স্বভাৱ। ছন্দোগ্য উপনিষদৰ ষষ্ঠ অধ্যায় ,দ্বিতীয় খণ্ডৰ প্ৰথম মন্ত্ৰত ঋষি আৰুণিয়ে কৈছে যে ব্ৰহ্ম সৎ অৰ্থাৎ অস্তিত্ব। ঐতৰেয় উপনিষদৰ তৃতীয় অধ্যায় ,প্ৰথম খণ্ডৰ তৃতীয় মন্ত্ৰত কোৱা হৈছে যে ব্ৰহ্ম প্ৰজ্ঞান , চিৎ বা চৈতন্য। ছান্দোগ্য উপনিষদৰ সপ্তম অধ্যায়ৰ ত্ৰয়োবিংশ খণ্ডত ঋষি সনতকুমাৰে কৈছে যে ভুমা বা ব্ৰহ্ম সুখ ,আনন্দ । তিনিওটাকে একেলগ কৰি অথৰ্ব বেদান্তৰ্গত উত্তৰ তাপনীয় উপনিষদত ব্ৰহ্ম সৎ-চিৎ-আনন্দ স্বৰূপ বুলি কোৱা হৈছে অৰ্থাৎ অস্তিত্ব – জ্ঞান – আনন্দ ব্ৰহ্মৰ স্বভাৱ । এইদৰে শ্ৰুতিৰ অন্যান্য স্থানতো কোৱা হৈছে যে সৎ- চিৎ- আনন্দ ব্ৰহ্মৰ প্ৰকৃতি । নাম আৰু ৰূপ জগতৰ স্বভাৱ যদিও সৎ-চিৎ-আনন্দৰ পৰা স্বাধীন পৃথক বস্তু নহয় , ইয়াৰ ভিত্তিৰ ওপৰত প্ৰতিফলিত হোৱা দৃশ্যহে ।ইয়াৰ অৰ্থ এইটো নহয় যে সৎ-চিৎ-আনন্দৰ বাহিৰত নাম আৰু ৰূপ বুলি অন্য কিবা বস্তু আছে ।ইয়াৰ অৰ্থ হৈছে যে,এটা মাটিৰ পাত্ৰৰ পৰা মাটি অংশ বাদ দিলে পাত্ৰ্ৰ্ৰৰ নাম ৰূপ অৱশেষ নাথাকে । অৰ্থাৎ পাত্ৰ মাটিৰ পৰা পৃথকভাৱে দেখা সম্ভৱ নহয় ।একেদৰে জগতৰ পৰা সৎ-চিৎ-আনন্দভাগ বাদ দিলে , নাম আৰু ৰূপৰ পৃথক অনুভুতি বা দৃশ্য থাকিব নোৱাৰে । জগতৰ পৰা সৎ-চিৎ-আনন্দ বাদ দিলে জগতো নাই।সেইদৰে ব্ৰহ্মৰ পৰা পৃথক কোনো সৃষ্টি নাই। এয়ে সেই একক অস্তিত্ব যি বহু হয় অৰ্থাৎ বহু হিচাপে প্ৰতিভাত হয়।
এই জগত উৎপত্তিৰ পূৰ্বে পৰমেশ্বৰে সমগ্ৰ জগতৰ স্বৰূপ চিন্তা কৰি আৰু সৃষ্ট বস্তুসমুহৰ প্ৰত্যেকৰে নাম নিৰ্ধাৰিত কৰি সংকল্পপূৰ্বক এই সমস্ত জগত সৃষ্টি কৰিলে ।সৃষ্টিৰ পূৰ্বে অব্যক্ত যি ঈশ্বৰ-শক্তি সেয়ে সৃষ্টিকালত প্ৰকাশিত হৈ নাম আৰু ৰূপ এই দুই প্ৰকাৰৰ হয় । এইৰূপে বিভক্ত ঈশ্বৰৰ সেই মায়াৰূপ অচিন্ত্য শক্তিৰ নাম অব্যাকৃত । ছান্দোগ্য উপনিষদৰ ষষ্ঠ অধ্যায় ,চতুৰ্থ খণ্ডৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰত কোৱা হৈছে – ‘ সেই সৎস্বৰূপ দেৱতাই তেজ, জল আৰু অন্ন এই তিনি দেৱতাত জীৱাত্মাৰূপে অনুপ্ৰবিষ্ট হৈ নাম আৰু ৰূপ ব্যক্ত কৰাৰ সংকল্প কৰিলে । তাৰ পিচত তেওঁ জীৱাত্মাৰূপে এইসকল দেৱতাৰ অভ্যন্তৰত প্ৰৱেশ কৰি নাম আৰু ৰূপ ব্যক্ত কৰিলে’ ।
অগ্নিয়ে যিদৰে দাহ্য পদাৰ্থৰ ভিতৰত প্ৰৱেশ কৰি সেই পদাৰ্থৰ ৰূপ গ্ৰহণ কৰে সেইদৰে পৰমাত্মাই সমস্ত প্ৰপঞ্চ জগতৰ প্ৰত্যেক বস্তুতে প্ৰৱেশ কৰি সকলোকে ক্ৰিয়াশীল কৰে । ভাগৱতত এই কথা এনেদৰে কোৱা হৈছে –
বিলক্ষণঃ স্থূলসুক্ষ্মাদ্দেহাদত্মেক্ষিতা স্বদৃক্ ।দ্ৰষ্টা স্বয়ংপ্ৰকাশ আত্মা দৃশ্য পদাৰ্থ আৰু স্থূল সুক্ষ্ম দেহতকৈ ভিন্ন । যিদৰে দাহক আৰু প্ৰকাশক অগ্নি দাহ্য কাঠ আদি পদাৰ্থতকৈ , ভিন্ন কিন্তু দাহ্য পদাৰ্থৰ ভিতৰত প্ৰৱেশ কৰি নিৰোধ ,উৎপত্তি, অনুত্ব ,বৃহত্ব , নানাত্ব আদি দাহ্য পদাৰ্থৰ ৰূপ ধাৰণ কৰে সেইদৰে পৰমাত্মা দেহাদিত প্ৰৱিষ্ট হৈ দেহাদিৰ গুণ অনুসৰি গুণৱান হিচাপে প্ৰতীয়মান হয় ।
স্বযোনিষু যথা জ্যোতিৰেকং নানা প্ৰতীয়তে ।অগ্নি এক হ’লেও নিজৰ উৎপত্তি স্থান কাঠ আদিৰ আকৃতি-প্ৰকৃতিৰ বৈষম্য হেতু দীৰ্ঘ-হ্ৰস্বাদিৰ ভেদবশতঃ নানা আকাৰত প্ৰতীয়মান হয় ।একেদৰে প্ৰকৃতিস্থ অৰ্থাৎ দেহাশ্ৰিত আত্মাও দেহৰ গুণবৈচিত্ৰবশতঃ নানাৰূপে প্ৰতীয়মান হয় ।
বিকাৰৰহিত পৰব্ৰহ্মত নিহিত মায়াশক্তি নানা প্ৰকাৰে বিকৃত হৈ থাকে । মায়াকে প্ৰকৃতি আৰু মায়াবিশিষ্ট পৰমেশ্বৰক মায়ী বুলি কোৱা হয়। এনেদৰে শ্ৰুতিত কোৱা হৈছে যে এক পৰমাত্মাই নিজকে অসংখ্য প্ৰকাৰৰ নাম আৰু ৰূপৰ বিভিন্নতা সহ প্ৰকাশিত কৰিছে । আৰম্ভণীতে অপ্ৰকাশিত অৱস্থা বা অব্যক্ত মাত্ৰ আছিল যি সকলো বস্তুৰে গৰ্ভ স্বৰূপ ।যিদৰে গুটিৰ ভিতৰত গছ সম্ভাৱনাৰ ৰূপত থাকে সেইদৰে অব্যক্তত সমস্ত নাম আৰু ৰুপ আবৃত আছিল । সেয়েহে যিদৰে গছ গুটিতকৈ পৃথক বুলি ক’ব নোৱাৰি , সেইদৰে আমি ক’ব নোৱাৰো যে নামসমুহ আৰু ৰূপসমুহ অব্যক্তৰ পৰা বাস্তৱিকতে পৃথক ।অব্যক্তত নাম আৰু ৰূপ সম্ভাৱনা হিচাপে নিহিত হৈ থাকে আৰু দুয়োটা , অৰ্থাত্ অব্যক্ত আৰু জগতৰ নাম-ৰূপ একেটা মুদ্ৰাৰ দুপিঠি ।অব্যক্ত কাৰণ আৰু নাম –ৰূপ কাৰ্য ।
যিহেতু অব্যক্ত অৱস্থাত আৰু বিনাশৰ পিচত কোনো বস্তু অৰ্থাৎ নাম আৰু ৰূপৰ অস্তিত্ব নাথাকে সেই হেতুকে জগতৰ সৃষ্ট বস্তু মিথ্যা বুলি কোৱা হৈছে । যি বস্তু সত্য সি আদি আৰু অন্তত যি ৰূপত থাকে সি বৰ্ত্তমান অৱস্থাতো তেনেকুৱা থাকে । অৰ্থাৎ যি বস্তু আদি , অন্ত আৰু মধ্য আদি সৰ্বকালত নাথাকে তাৰ বৰ্ত্তমান অস্তিত্বও সত্য নহয় ।ভগৱদ্গীতাৰ দ্বিতীয় অধ্যায়ৰ আঠাইশ সংখ্যক শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক সেই কথাকে এনেদৰে কৈছে – ‘ হে অৰ্জুন , ভুতসমুহ আদিতে অব্যক্ত থাকে আৰু অন্ততো অব্যক্ত হয় , সেয়েহে মধ্যত যি ব্যক্ত অৱস্থা তাক মিথ্যা বুলি ক’ব পাৰি ।
ভাগৱততো শ্ৰীকৃষ্ণৰ দ্বাৰা উক্ত হৈছে-
ন যত পুৰস্তাদুত যন্ন পশ্চান্মধ্যে চ তন্ন ব্যপদেশমাত্ৰম্ ।যি সৃষ্টিৰ পূৰ্বতে নাছিল আৰু প্ৰলয়ৰ পিচতো নাথাকে সি মধ্যকালতো নাথাকে – ইয়ে স্থিৰ সিদ্ধান্ত । সৃষ্টি আৰু প্ৰলয়ৰ মধ্যকালত যি দৃশ্য ভাসমান হয় সি কল্পনাপ্ৰসূত আৰু নামসৰ্বস্ব ।এইটো অব্যৰ্থ সত্য যে নাম ৰূপ বিশিষ্ট বস্তু যাৰ দ্বাৰা নিৰ্মিত আৰু প্ৰকাশিত হয় সেয়ে সদ্বস্তুৰ প্ৰকৃত স্বৰূপ আৰু পাৰমাৰ্থিক সত্বা – এয়ে মোৰ নিশ্চিত সিদ্ধান্ত ।
প্ৰত্যক্ষেনানুমানেন নিগমেনাত্ম্সংবিদো ।প্ৰত্যক্ষ অৰ্থাৎ বেদ , অনুমান অৰ্থাৎ স্মৃতি আৰু পুৰাণাদি শাস্ত্ৰ তথা আত্মানুভূতি আদি সমস্ত পন্থাতে সৰ্বতোভাৱে প্ৰমাণিত যে জগত উৎপত্তি আৰু বিনাশশীল হোৱা হেতুকে অনিত্য আৰু অসত্য । এই সম্যক জ্ঞানত প্ৰতিষ্ঠিত হৈ জগতৰ একোৰে লগত সংশ্লিষ্ট নোহোৱাকৈ বিচৰণ কৰিব লাগে ।
জ্ঞানমেকং পৰাচীনৈৰিন্দ্ৰিয়ৈৰ্ব্ৰ্হ্মনিৰ্গুণম্ |জগত প্ৰপঞ্চৰ যি অনুভৱ হয় সি ভ্ৰান্তিমাত্ৰ । ব্ৰহ্ম এক , জ্ঞানস্বৰূপ আৰু নিৰ্গুণ , তথাপি ইন্দ্ৰিয়ৰ দ্বাৰা ভ্ৰান্তিবশতঃ শব্দাদি গুণযুক্ত পাঞ্চভৌতিক বিষয়ৰ ৰূপত অনুভুত হয় । অৰ্থাৎ এক পৰব্ৰহ্মত বাদে জগতত অন্য একো নাই আৰু আমি জগতত দেখি থকা পৃথক পৃথক বস্তুসমুহ ভ্ৰান্তিমাত্ৰ অৰ্থাৎ অসৎ পদাৰ্থ ।
ওপৰৰ আলোচনাৰ পৰা স্পষ্ট হয় যে জগতৰ উচ্চতম লোকৰ ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি নিম্নতম স্তৰৰ পশু-পক্ষী .তৰু-তৃণ , মাটি –শিল ইত্যাদি বস্তু জগতৰ প্ৰত্যক বস্তু দেশ- কালৰ দ্বাৰা খণ্ডিত আৰু অসৎ পদাৰ্থ । পৰব্ৰহ্ম চৈতন্য হৈছে একমাত্ৰ অখণ্ড সৎ বস্তু । কেতিয়াবা ছাঁ-পোহৰৰ খেলিমেলিবশতঃ ৰছী এডালকে সাপ যেন দেখি আমি ভয়তে জপিয়াই উঠো । পিচত ভালকৈ চাই আমি তাক ৰছী বুলি জানিব পাৰো । এই উপমাত দেখা যায় যে ৰছীত দেখা সাপ সত্য নহয় কিন্তু সাপ দেখাৰ আগতে , সাপ দেখাৰ সময়ত আৰু সাপ দেখাৰ পিচত – এই তিনিওটা অৱস্থাতে ৰছীৰ অস্তিত্ব সত্য আৰু সেই সত্যক আশ্ৰয় কৰি ৰছীত সৰ্পভ্ৰম হয় । একেদৰে অখণ্ড সৎ বস্তু পৰব্ৰহ্মক আশ্ৰয় কৰি জগতৰ নাম ৰূপ প্ৰকটিত হয় । ৰছী নাথাকিলে যিদৰে তাত ভ্ৰমবশতঃ সাপ দেখা সম্ভৱ নহয় ,সেইদৰে সত্য স্বৰূপ পৰব্ৰহ্ম অবিহনে অসত্য স্বৰূপ জগতৰ প্ৰকাশ সম্ভৱ নহয় ।
প্ৰপঞ্চ বিশ্বৰ যিকোনো এটা পৰিদৃশ্যমান পদাৰ্থৰ কাৰণ অনুসন্ধান কৰি অভ্যন্তৰৰ পিনে গতি কৰি থাকিলে যি আদি কাৰণত উপনীত হোৱা যায় আৰু কাৰণ অনুসন্ধান কৰা বস্তুটোৰ বিনাশ হোৱাৰ পিচতো যি অৱশিষ্ট থাকে সেয়ে সৎ । উদাহৰণ স্বৰূপে – বস্ত্ৰৰ কাৰণ সূতা , সূতাৰ কাৰণ কপাহ , তাৰ কাৰণ কপাহৰ গছ , তাৰ কাৰণ গুটি ইত্যাদি প্ৰকাৰে গৈ থাকিলে আমাৰ অনুসন্ধান সৰ্বকাৰণৰ কাৰণ স্বৰূপ পৰব্ৰহ্মত সমাপ্ত হয় আৰু কাপোৰৰ বিনাশ হোৱাৰ পিচতো তাৰ বিনাশ নহয় আৰু সেয়ে ‘সৎ’।এই সৎ জগতৰ সমস্ত বস্তুতে অন্তৰ্নিহিত আৰু তাৰ কাৰণেই সমস্ত বস্তুৰ বৰ্ত্তমানতা সম্ভৱ । গতিকে ইয়াৰ পৰা স্পষ্ট হয় যে ‘সৎ’ হৈছে মূল কাৰণ , ইয়াৰ কোনো কাৰণ বা উৎপত্তি নাই ।
এই সত্যৰ উপলব্ধিৰ অৰ্থে হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰিছিল বুলি ওপৰত উল্লেখ কৰা হৈছে ।
***********************************
বেদৰ অনুগামী শাস্ত্ৰসমুহৰ প্ৰকাশ মানৱক নিম্নতৰ স্তৰৰ পৰা শিক্ষাদান কৰি ক্ৰমশঃ উন্নতিৰ পথত আগুৱাই নি অৱশেষত একেবাৰে উচ্চতম স্তৰৰ বেদজ্ঞান লাভ কৰাৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ বাবে ভগৱানে কৰা ব্যৱস্থা । এনে প্ৰকাৰৰ অগণন শাস্ত্ৰৰ ভিতৰত কি শাস্ত্ৰ কেনে প্ৰকাৰৰ শিষ্যৰ বাবে ক্ৰমোন্নতিৰ সহায়ক তাৰ নিৰ্বাচনো অভিজ্ঞ গুৰুৰ দ্বাৰা কৰা হয় । উদাহৰণ স্বৰূপে মহাপুৰুষ শ্ৰ্ৰীশ্ৰী হৰিদেৱ গুৰুৱে তেওঁৰ শিষ্য সকলৰ কাৰণে ভাগৱত আৰু গীতা শাস্ত্ৰ নিৰ্বাচন কৰিছিল ।ইয়াৰ কাৰণ ভাগৱত আৰু গীতা বেদৰ জ্ঞান কাণ্ড বা বেদান্তৰ সাৰ অংশ ।বেদত কোৱা হৈছে – ‘একং সদ্বিপ্ৰা বহুধা বদন্তি’ – অৰ্থাত সত্য এক , জ্ঞানীসকলে সেই এক সদ্বস্তুকে বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণে প্ৰকাশ কৰাৰ চেষ্টা কৰিছে’। গীতা আৰু ভাগৱত দুয়োখন শাস্ত্ৰতে শ্ৰীকৃষ্ণক সেই একমাত্ৰ পৰম সত্য বুলি বুলি কোৱা হৈছে। কৃষ্ণক প্ৰিয়তম আত্মাৰূপে আৰু পৰম ব্ৰহ্মৰূপে একমাত্ৰ উপাস্য দেৱতা বুলি নিৰ্দেশ কৰা হৈছে । গুৰুজনাই বেদ , উপনিষদ , গীতা, ভাগৱত আৰু পুৰাণাদি সমস্ত শাস্ত্ৰ অধ্যয়ন কৰাৰ পিচত শিষ্য সকলক উপদেশ দি কৈছে যে সমস্ত পুৰাণ , গীতা , ভাগৱত , বেদ , উপনিষদ সকলোতে একমাত্ৰ কৃষ্ণৰ কথাই কোৱা হৈছে । ইয়াৰ কাৰণ যিহেতু কৃষ্ণ বা পৰমাত্মাত বাদে জগতত আন একো নাই গতিকে শাস্ত্ৰত কৃষ্ণত বাদে আৰু অন্য কাৰ কথা থাকিব পাৰে ?
সমস্ত পুৰাণে গীতা ভাগৱতে শ্ৰুতি শাস্ত্ৰে কৃষ্ণ বাণী ।
গুৰুজনাই লগতে আৰু কৈছে যে কৃষ্ণই প্ৰকৃতি আৰু কৃষ্ণই পুৰুষ অৰ্থাৎ জগতৰ জড়্-জীৱ বা স্থাৱৰ- জঙ্গম আদিকে ধৰি প্ৰকৃতিৰ অন্তৰ্গত যত বস্তু আছে সেই সমস্তই কৃষ্ণ আৰু যি অমোঘ নিয়ামক শক্তিৰ দ্বাৰা সমস্তৰে নিয়ন্ত্ৰণ হৈ আছে সেই শক্তিৰ অধিপতিও কৃষ্ণ। গুৰুজনাৰ ভাষাত
কৃষ্ণই প্ৰকৃতি, কৃষ্ণই পুৰুষ - জানিবাহা সাৰ কৰি ।
এই তত্ব জনসাধাৰণৰ বোধগম্য হোৱাকৈ প্ৰচাৰ কৰাটো হৰিদেৱ গুৰুজনাৰ সত্ৰ স্থাপনৰ মুখ্য উদ্দেশ্য আছিল । সেই কাৰণে যিজন গুৰু কৃষ্ণ তত্বৰ বিজ্ঞাতা তেওঁহে গুৰু হোৱাৰ যোগ্য বুলি কৈছে । কৃষ্ণ বাদে অন্য একো তত্ব নাই , কৃষ্ণ আত্মাৰূপে সকলোৰে হৃদয়ত পৰম প্ৰেমৰ বস্তু বা আত্মাৰূপে বিৰাজ কৰি আছে বুলি যাৰ নিশ্চিত প্ৰত্যয় আছে আৰু ভৱিষ্যতেও এই সম্পৰ্কে কোনো কাল বা পৰিস্থিতিতে বিন্দুমাত্ৰও সংশয় পোষণ কৰাৰ সম্ভাৱনা নাই , সেইজন ব্যক্তিহে গুৰু হোৱাৰ উপযুক্ত বুলি উল্লেখ কৰি হৰিদেৱ গুৰুজনাই কৈছে–
কৃষ্ণ প্ৰিয়তম আত্মা যৈত নাহি ভয় ।
কদাচিতো বিন্দুমাত্ৰ শংকা নকৰয় ॥
এহি ৰহস্যক জ্ঞাতা সেহি সুধীজন ।
হৰিদেৱ গুৰুজনাই কৈছে যে জগতত ঈশ্বৰ কৃষ্ণত বাদে আৰু আন একো নাই , ইয়াকে জানি নিজৰ ইন্দ্ৰিয়ৰ পৰিতৃপ্তিৰ অৰ্থে অহৰহ কৰি থকা কৰ্মসমুহৰ পৰা বিৰত হোৱাৰ চেষ্টা কৰিব লাগে , একান্তভাৱে ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে জগতৰ কল্যাণমূলক কৰ্ম কৰিব লাগে ।অকপট ভাৱে তেনেকৈ কৰি থাকিলে এটা সময়ত জগতত ঈশ্বৰত বাদে আন একো নাই বুলি উপলব্ধি হয় বা জগতৰ সৰ্বত্ৰতে ঈশ্বৰ দৰ্শন হয় আৰু সংসাৰৰ শোক তাপৰ পৰা মুক্ত হ’ব পাৰি–
ইন্দ্ৰিয় সবৰ সৰ্ব কাম ধৰ্ম যত ।
***********************************
হৰিদেৱ গুৰুজনাই কৈছে আৰাধনাৰ অৰ্থ হৈছে হৰিপদ সেৱা আৰু ভগৱানৰ সেৱাত সদা নিযুক্ত থকাই ভক্তি। ভগৱান নাৰায়ণ বা কৃষ্ণতকৈ শ্ৰেষ্ঠতৰ দেৱতা আৰু কোনো নাই। কাৰণ একমাত্ৰ তেওঁহে মুক্তি দানৰ অধিকাৰী ।কিন্তু ভগৱানৰ সেৱা ত্ৰুটিহীন বা নিস্বাৰ্থ আৰু নিষ্কপট হলেহে মুক্তিলাভ কৰিব পাৰি । ইহজগতৰ সুখ সম্ভোগ , স্বৰ্গলোক ,ব্ৰহ্মলোক প্ৰাপ্তি ইত্যাদি বিষয় বাসনাৰ উপভোগৰ উদ্দেশ্য আগত ৰাখি কৰা ভগৱানৰ সেৱা-উপাসনা ত্ৰুটিপূৰ্ণ আৰু ইয়াৰ দ্বাৰা কৰ্মবন্ধন হয়। ভগৱানক নিবেদন কৰা সেৱাভক্তি ত্ৰুটিহীন হ’লে মুক্তিলাভ হয় আৰু ত্ৰুটিপূৰ্ণ হ’লে কৰ্মবন্ধন হয় -
দেৱ নাৰায়ণ বিনে নাহি শ্ৰেষ্ঠতৰ ।অন্তঃকৰণৰ ভাৱনা অনুসৰি ত্ৰুটিমুক্ত বা ত্ৰুটিপূৰ্ণ ভগৱত সেৱা নিৰ্ধাৰিত হয় । উদাহৰণ স্বৰূপে এজন সোণাৰীৰ কাৰখানাত বিভিন্ন প্ৰকাৰৰ সোণৰ অলংকাৰ থাকিব পাৰে । ইয়াৰে কিছুমান সম্পূৰ্ণৰূপে নিৰ্মিত ,কিছুমান অৰ্ধনিৰ্মিত অথবা সৰু বা ডাঙৰ ইত্যাদি বিভিন্ন আকৃতিৰ হ’ব পাৰে । এতিয়া এজন চোৰ যদি সোণ চুৰি কৰিবলৈ কাৰখানাত সোমায় তেন্তে চোৰৰ বাবে সকলো প্ৰকাৰৰ গহণাৰ আশ্ৰয় সোণখিনিৰহে গুৰুত্ব আছে । গহণাৰ বিভিন্ন প্ৰকাৰৰ সুন্দৰ কাৰুকাৰ্য , ডিঙি ,হাত বা কাণত পিন্ধাৰ উপযোগীতা , নিৰ্মাণৰ সম্পূৰ্ণতা বা অসম্পূৰ্ণতা ইত্যাদি চোৰৰ কাৰণে লক্ষণীয় বিষয় নহয় আৰু তেওঁ সেইবোৰ চাই সময় নষ্ট নকৰে । গহণা যিয়ে নহওক ইয়াৰ ভিত্তিৰূপ সোণহে চোৰৰ লক্ষ বস্তু । একেদৰে নিষ্কাম উপাসকে সমগ্ৰ জগতৰ সমস্ত বস্তুৰ একমাত্ৰ আশ্ৰয় ভগৱানক জানে কাৰণে পৃথকে জগতৰ জ্ঞান লাভ কৰাৰ প্ৰয়োজন নহয় । তেওঁৰ কাৰণে জগতৰ সমস্ত বস্তু ভগৱানৰে প্ৰকাশ্য ৰূপ । নাম আৰু ৰূপৰ পৰা তেওঁৰ একো নতুনকৈ পাবলগীয়া নাই । তেনে অৱস্থাত জগতৰ লগতে জগতস্থ অসত্য বস্তুসমুহৰ প্ৰয়োজনীয়তাও সমাপ্ত হয় ।এনে প্ৰকাৰৰ মনোভাৱ লৈ একান্ত ভাৱে কৰা ভগৱত আৰাধনা ত্ৰুটিমুক্ত হয় । যি বস্তুৰ অসত্য বুলি প্ৰমাণিত হয় তাৰ জ্ঞান লাভ কৰাৰো কোনো প্ৰয়োজন নাথাকে । ভগৱান একমাত্ৰ পৰম সত্য আৰু ভগৱত প্ৰাপ্তি হ’লে অন্য একো পাবলৈ বাকী নাথাকে এনে প্ৰকাৰৰ মনোভাৱেৰে ভগৱত সেৱা কৰিলে জীৱ কৰ্ম বন্ধনৰ পৰা মুক্ত হয় বুলি গুৰুজনাই কৈছে ।
আনহাতে ওপৰোক্ত উপমাত চোৰৰ সলনি এজনী গৃহীণী যদি অলংকাৰ কিনিবৰ বাবে কাৰখানাত সোমায় তেন্তে তেওঁৰ লক্ষ হ’ব অলংকাৰৰ নাম আৰু ৰূপ ।গহণাৰ বিভিন্ন ধৰণৰ মনোমোহা কাৰুকাৰ্য দেখি তেওঁ মুগ্ধ হ’ব আৰু সোণৰ দামৰ ওপৰঞ্চি হিচাপে কাৰুকাৰ্য সমুহ অৰ্থাৎ নামৰূপ সমুহৰো মূল্য দি গহণা কিনি ল’ব ।কাৰণ তেওঁৰ কাৰণে নাম আৰু ৰূপৰ গুৰুত্ব অধিক ।একেদৰে যিসকলে জগতৰ নামৰূপ সমুহৰ অন্তৰালত অৱস্থিত পৰব্ৰহ্মৰ বিষয়ে অজ্ঞ তেনে অজ্ঞানী ব্যক্তি নামৰূপৰ দ্বাৰা মোহগ্ৰস্ত হৈ তাৰ প্ৰাপ্তিৰ আশাত বিভিন্ন প্ৰকাৰৰ কৰ্মত লিপ্ত হৈ কষ্টভোগ কৰে । এনে প্ৰকাৰৰ মনোভাৱ লৈ কৰা আৰাধনা কৰ্ম ত্ৰুটিযুক্ত । জগতত নাম ৰূপ বিশিষ্ট বস্তু অগণন । নাম ৰূপৰ প্ৰ্তি আসক্ত হ’লে তেনে আসক্তিৰ কেতিয়াও অন্ত নপৰে । এটা বস্তু পোৱাৰ পিচত অন্য এটা পাবলৈ হাবিয়াস জন্মে । আকাঙ্ক্ষাৰ কোনো সীমা নাথাকে কাৰণে জন্ম জন্মান্তৰ ধৰি বাসনাৰ পিচত দৌৰি ফুৰিব লগীয়া হয় । সেইকাৰণে গুৰুজনাই কৈছে যে জগতৰ নাম আৰু ৰূপত আকৃষ্ট হৈ সেই বোৰৰ প্ৰাপ্তিৰ কামানা লৈ কৰা ত্ৰুটিপূৰ্ণ ভগৱত সেৱাৰ দ্বাৰা বন্ধন হয় ।
হৰিদেৱ গুৰুজনাই কৈছে যে কলিযুগৰ প্ৰভাৱত লোকে বিষয় বাসনাৰ পিচতে দৌৰি ফুৰে । সংসাৰৰ নাম ৰূপ বিশিষ্ট বস্তুৰ প্ৰাপ্তিৰ অৰ্থেহে ভগৱানৰ উপাসনাত ব্ৰতী হয়- যি উপাসনা ত্ৰুটিপূৰ্ণ । গতিকে কলিকাল সৰ্বপ্ৰকাৰে ধৰ্ম বিবৰ্জিত বুলি ক’ব পাৰি । কিন্তু ইয়াৰ ভিতৰতো যিসকল লোকে জগতৰ একমাত্ৰ আত্মা স্বৰূপ ভগৱান বাসুদেৱ কৃষ্ণৰ আৰাধনা কৰে তেওঁলোকে উত্তম কৃতাৰ্থ লাভ কৰে – অৰ্থাৎ অবিৰতভাৱে কৰি থকা কৃষ্ণ উপাসনাৰ ফলত চিত্তমল দুৰীভূত হয় । বিষয় বাসনাৰ প্ৰতি বৈৰাগ্যৰ উদয় হয় আৰু উত্তম গতি লাভ কৰাৰ পথ প্ৰশস্ত হয়
যিটো ঘোৰ কলিযুগ কাল সমাহিত ।ভগৱান সত্য-ত্ৰেতা-দ্বাপৰ-কলি সকলো যুগৰে বাসনাযুক্ত বা বাসনামুক্ত উভয় প্ৰকাৰৰ উপাসক তথা সাধু অথবা দুষ্ট সকলোৰে হৃদয়ত সমভাৱে অৱস্থান কৰি সকলোৰে মন, বুদ্ধি, ইন্দ্ৰিয়সমুহ পৰিচালনা কৰি আছে । এই পৰিচালনা কাৰ্যত কোনো প্ৰকাৰৰ স্বেচ্ছাচাৰিতা নাই। ভগৱানৰ দ্বাৰা প্ৰবৰ্ত্তিত কৰ্মবাদ হৈছে এই পৰিচালনাৰ নিয়ম পৰম্পৰা আৰু সেই অনুসৰিহে জীৱ ভগৱানৰ দ্বাৰা পৰিচালিত হয়। জীৱ অসংখ্য যোনিত অনন্ত কোটি জন্মত উপাৰ্জিত কৰ্মবীজে ভূতসুক্ষ্মৰ ৰূপত জীৱৰ উপাধি বা শৰীৰ নিৰ্মাণ কৰে । পৰমাত্মা জীৱৰ অন্তৰত অন্তৰ্যামীৰূপে চিৰবৰ্ত্তমান থাকে ।উপাধিৰ আবেষ্টনীয়ে পৰমাত্মাৰ স্বৰূপ আৱৰণ কৰি ৰাখে । অবিৰত ভাৱে অনুষ্ঠিত কৰি থকা ভগৱানৰ আৰাধনাৰ দ্বাৰা এই আৱৰণ ক্ৰমান্বয়ে পাতলীয়া হৈ গৈ থাকে । এই আৱৰণকে চিত্তমল বুলিও কোৱা হয় । অপসাৰণৰ দ্বাৰা চিত্তমল যিমানে স্বচ্ছতৰ হয় সিমানে ভগৱততত্ব বা ভগৱদ্ৰূপ ক্ৰমশঃ স্পষ্টতৰ হয় । সেই কাৰণে বেদ , উপনিষদ ,ব্ৰহ্মসূত্ৰ ,গীতা , ভাগৱত শাস্ত্ৰত ভগৱানৰ উপাসনাৰ উপদেশ দিয়া হৈছে আৰু গুৰুজনাইও নববিধ ভক্তিৰ এক বা একাধিক প্ৰকাৰৰ সেৱ-ভক্তি নিবেদনৰ দ্বাৰা ভগৱান বাসুদেৱ কৃষ্ণৰ আৰাধনা কৰাৰ উপদেশ দিছে ।
***********************************
গুৰুজনাই সত্ৰ স্থাপন কৰাৰ আগৰে পৰাই অসমত বিভিন্ন দেৱী দেৱতাৰ বহু মঠ মন্দিৰ আছিল । সেই মন্দিৰসমুহত পূৰোহিতে পূজা-অৰ্চনা কৰিছিল আৰু জনসাধাৰণে তালৈ গৈ দেৱতাক অৰ্পণ কৰিব খোজা দ্ৰব্য বা দান-দক্ষিণা আদি পুৰোহিতৰ হাতত অৰ্পণ কৰি মন্দিৰৰ ফোঁট নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰিছিল । মন্দিৰত পণ্ডিতসকলেহে শাস্ত্ৰজ্ঞান আদিৰ চৰ্চা কৰিছিল আৰু জনসাধাৰণৰ কাৰণে সেইবোৰৰ সৈতে সম্পৰ্ক ৰাখিব পৰাৰ কোনো ব্যৱস্থা নাছিল । কেৱল নিজৰ মনোগত প্ৰাৰ্থনা নিবেদন কৰি পূজাৰীয়ে দিয়া আশীৰ্বাদ আৰু প্ৰসাদ নিৰ্মালি লোৱাত বাদে ভক্তৰ কৰিব লগীয়া একো নাছিল । মন্দিৰত প্ৰতিষ্ঠিত দেৱতা সম্পৰ্কত জ্ঞান লাভৰ নামত মন্দিৰৰ পূজাৰীয়ে উপাস্য দেৱতা বা বিগ্ৰহৰ যি মাহাত্ম্য বৰ্ণনা কৰে তাক মানি লোৱাত বাদে অন্য ধৰণৰ কোনো চিন্তা চৰ্চা বা আলোচনা বিলোচনা কৰাৰ কোনো সুবিধা জনসাধাৰণৰ বাবে উপলব্ধ নাছিল। ইয়াৰ বিপৰীতে গুৰুজনাই সত্ৰত কৰা ব্যৱস্থা এনে ধৰণৰ –
তিনিটি প্ৰসঙ্গ তিনি সন্ধ্যা সময়ত ।সত্ৰত পুৱা ,দুপৰীয়া আৰু গধূলি তিনিবাৰ প্ৰসঙ্গ অৰ্থাৎ হৰিৰ মাহাত্ম্য প্ৰকাশক অলোচনা –বিলোচনা , নামগুণৰ বৰ্ণনামূলক সঙ্গীতাদিৰ কীৰ্ত্তন আৰু কীৰ্ত্তনৰ অন্তত ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা কৰাৰ ব্যৱস্থা কৰা হ’ল । গুৰুজনাৰ লগত একেলগে বহি ভক্তসকলে শ্ৰৱণ কীৰ্ত্তন কৰিব পৰা হ’ল । ভগৱানৰ গুণ মাহাত্ম্য আদিৰ বিষয়ে জনসাধৰণে গুৰুৰ লগতে অন্যান্য গুণী জ্ঞানী ব্যক্তিৰ লগত আলোচনা বিলোচনা কৰাৰ ব্যৱস্থা প্ৰবৰ্ত্তিত হ’ল । তাৰ দ্বাৰা সাধাৰণ মানুহেও নিজৰ মনৰ সন্দেহ , অবিশ্বাস আদি ব্যক্ত কৰি তাৰ সমাধান বিচৰাৰ পথ প্ৰশস্ত হ’ল । সৰ্বসাধাৰণৰ কাৰণে ধৰ্মজ্ঞান চৰ্চাৰ পথ মুকলি হ’ল ।অৰ্থাৎ ধৰ্ম আচৰণৰ তৎকালীন প্ৰচলিত প্ৰথা সম্পূৰ্ণ সলনি হৈ গ’ল । পুৰোহিতে কি পূজা , কাৰ পূজা , কি নিয়ম বা কি মন্ত্ৰেৰে কৰি আছে তাৰ বিষয়ে একো নজনাকৈ আৰু লগতে নিজে কি কৰিছে আৰু কিয় কৰিছে তাৰ একো উৱাদিহ নোপোৱাকৈ মন্দিৰত সেৱা কৰি নিৰ্মালি প্ৰসাদ লোৱাৰ সলনি সৰ্বসাধাৰণে নিজে কাৰ গুণানুকীৰ্ত্তন কৰি আছে আৰু কিয় কৰি আছে তাক জানিব পৰাৰ ব্যৱস্থা প্ৰবৰ্ত্তিত হ’ল ।
***********************************
গুৰুজনাই ভাগৱত শাস্ত্ৰৰ প্ৰমাণ অনুসৰি স্থাপন কৰা সৎসঙ্গী সত্ৰ কি তাক বুজিবলৈ হ’লে সৎসঙ্গ কি তাক জনাৰ প্ৰয়োজন।গুৰুজনাৰ দ্বাৰা ৰচিত এটি গীতত কোৱা হৈছে-
সন্তে ভৈলা জল সৎসঙ্গে তণ্ডুলঅৰ্থাৎ সৎসঙ্গ চাউলৰ দৰে । চাউলৰ পৰা ভাত ৰান্ধিলেহে ই খাদ্যৰ উপযোগী হয়। চাউলৰ পৰা ভাত ৰান্ধিবৰ বাবে পানী আৰু খৰি অপৰিহাৰ্য । কিন্তু পানী আৰু খৰি চাউল সিজাবৰ বাবেহে অপৰিহাৰ্য । একেদৰে সাধু-সন্তৰূপী জল আৰু ভকতৰূপী খৰিৰ দ্বাৰা সৎসঙ্গৰূপ চাউল সিজাই তত্বজ্ঞান স্বৰূপ ভাত ৰান্ধিব লাগে ।অৰ্থাৎ ভকতৰ অনুসন্ধিৎসা আৰু প্ৰশ্নৰ মীমাংসা কৰাৰ কাৰণে সাধুসন্তসকলে নিজ অভিজ্ঞতাৰ দ্বাৰা শাস্ত্ৰৰ পৰ্যালোচনা কৰে আৰু তাৰ পৰিণামত তত্বজ্ঞানৰ উদয় হয়।
ভাত আমাৰ প্ৰধান খাদ্য হ’লেও শুদা ভাত স্বাদহীন হোৱা হেতুকে তাক ব্যঞ্জন সানি সুস্বাদু কৰি খোৱা হয় । সেইদৰে শুদ্ধ তত্বজ্ঞান নিৰস হোৱা হেতুকে জ্ঞান সাধনৰ প্ৰতি সাধাৰণ লোকৰ আগ্ৰহ নাথাকে । শ্ৰৱণ কীৰ্ত্তনৰ মাধ্যমত পৰস্পৰৰ মাজত হোৱা আলোচনা বিলোচনাৰ দ্বাৰা ব্যঞ্জনৰ দৰে সুমধুৰ ৰস পোৱা যায় । সেয়েহে শ্ৰৱণ আৰু কীৰ্ত্তনৰ দ্বাৰা শুষ্ক নিৰস তত্বজ্ঞান ৰসাল কৰি জ্ঞান লাভৰ আনন্দ সহজে উপভোগ কৰিব পাৰি ।
গুৰুজনাই জগতত যাৰ অখণ্ড সৎ স্বৰূপ ব্যাপ্ত হৈ আছে , সেই পৰম পুৰুষ পৰমেশ্বৰ বা পৰব্ৰহ্মৰ সঙ্গলাভৰ হেতু সত্ৰ স্থাপন কৰিছিল বুলি আগতে কৈ অহা হৈছে- ‘ অখণ্ড সৎ বিদ্যমান জগতে যাহাৰ ।তান সঙ্গ লাভ হেতু সত্ৰ নাম তাৰ ॥’ । সৎসঙ্গী সত্ৰ শব্দৰ দ্বাৰাও একেটা কথাকে কোৱা হৈছে । কাৰণ সৎ হৈছে পৰমেশ্বৰৰ অখণ্ড সৰ্বব্যাপ্ত অস্তিত্ব যি পৰব্ৰহ্মৰ স্বৰূপ । ই হৈছে পৰম সত্য আৰু জগতত এনে কোনো বস্তু নাই যাৰ মাধ্যমত এই সত্যৰ প্ৰকাশ হোৱা নাই । জগতৰ স্থাৱৰ জঙ্গম প্ৰত্যেক বস্তু , প্ৰত্যেক নাম আৰু ৰূপ এক পৰব্ৰহ্মৰ বিভিন্ন ভঙ্গীমাৰ প্ৰকাশ মাত্ৰ ।মাটিৰ পাত্ৰ এটাৰ সৎভাৱ বা অস্তিত্ব যিদৰে মাটিৰ অস্তিত্বমাত্ৰ সেইদৰে সমগ্ৰ জগতত বহ্মাৰ পৰা আৰম্ভ কৰি তৰু-তৃণ পৰ্যন্ত সমস্ত বস্তুৰ অস্তিত্ব পৰব্ৰহ্মৰ অস্তিত্ব । সত্ৰত এই সত্যৰ উপলব্ধি কৰিব পাৰি অৰ্থাৎ সঙ্গলাভ কৰিব পাৰি কাৰণে ইয়াক সৎসঙ্গী সত্ৰ বুলি কোৱা হৈছে । এনে বিচাৰত ক’ব পাৰি যে সৎসঙ্গী সত্ৰত এফালে পৰম তত্বজ্ঞানী পুৰুষ আৰু আনফালে তত্বজ্ঞান লাভত উৎসুক ব্যক্তি সমবেত হৈ শাস্ত্ৰ-অধ্যয়ন , আলোচনা-বিলোচনা , ভগৱানৰ গুণানুকীৰ্ত্তন আদিৰ দ্বাৰা সৎ-চিৎ-আনন্দ স্বৰূপ পৰম পুৰুষ পৰমেশ্বৰৰ সঙ্গ লাভ কৰাৰ চেষ্টা কৰা হয় । লগতে ইয়াকো কোৱা যুক্তিসঙ্গত যে এনে অনুষ্ঠান দিন ,সপ্তাহ , মাহ ,বছৰ আদিৰ হিচাপত অনুষ্ঠিত কৰা নহয় , এবাৰ আৰম্ভ হোৱাৰ পিচত চিৰকাল ধৰি চলি থাকে ।
***********************************
শৰণ কি তাক বোধগম্য কৰিবলৈ হৰিদেৱ গুৰুজনাই কৈছে যে শৰণৰ একমাত্ৰ অৰ্থই হৈছে নিষ্ঠা সহকাৰে একমাত্ৰ কৃষ্ণ পুৰুষত একান্তভাৱে আশ্ৰয় গ্ৰহণ কৰা । গুৰুজনাই কায়বাক্যমনে একমাত্ৰ শ্ৰীকৃষ্ণৰ চৰণত শৰণ বা আশ্ৰয় গ্ৰহণ কৰিবলৈ উপদেশ দি কৈছে–
সাক্ষাৎ পুৰুষোত্তম শ্ৰীকৃষ্ণ চৰণ ।ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰম শত্ৰু আছিল লঙ্কাধিপতি ৰাৱণ ।ৰাৱণে হৰণ কৰি নিয়া সীতাক উদ্ধাৰ কৰাৰ কাৰণে ৰামচন্দ্ৰই লঙ্কা নগৰীৰ বাহিৰত বাহৰ পাতি ৰাৱণৰ বিপক্ষে যুদ্ধ কৰিছিল । বিভীষণ তেওঁৰ ভাতৃ আছিল । ৰাৱণৰ অত্যাচাৰ অনাচাৰ সহ্য কৰিব নোৱাৰি প্ৰতিবাদ কৰা হেতুকে বিভীষণে লঙ্কা ত্যাগ কৰিব লগীয়া হৈছিল । তেনে পৰিস্থিতিত পৰি তেওঁ ৰামচন্দ্ৰৰ শৰণাপন্ন হোৱাত ভগৱান ৰামচন্দ্ৰই তেওঁক শৰণ দান কৰা হেতুকে তেওঁৰ ভাতৃ লক্ষ্মণ আৰু সেনাপতি তথা সৈন্য-সামন্ত সকলে ৰাক্ষস তথা শত্ৰুৰ ভাতৃক বিশ্বাস কৰা উচিত নহয় বুলি বিভীষণৰ বিশ্বাসযোগ্যতা সম্বন্ধে সন্দেহ উত্থাপন কৰাত ভগৱান শ্ৰীৰামচন্দ্ৰই কৈছিল–বিভীষণ জাতিত ৰাক্ষস আৰু পৰম শত্ৰু ৰাৱণৰ ভ্ৰাতা হোৱাটো সত্য ,কিন্তু যি হ’লেও; তেওঁ মোৰ শৰণ গ্ৰহণ কৰিছে আৰু সেই কাৰণে তেওঁ সৰ্বতোভাৱে ৰক্ষণীয়,কাৰণ –
সকৃদেৱ প্ৰপন্নায় তবাস্মীতি যাচতে ।এবাৰ মাত্ৰ যি ব্যক্তিয়ে ‘মই তোমাৰ হ’ব খোজো’ বুলি প্ৰপন্নভাৱে মোৰ আশ্ৰয় গ্ৰহণ কৰে মই তেওঁক সকলো প্ৰকাৰৰ অভয় প্ৰদান কৰো । ই মোৰ ব্ৰত । এয়ে হৈছে শৰণ মাহাত্ম্য । ভগৱান শৰণাগতৰ ৰক্ষক আৰু পালক ।
ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰিলে কি ফল লাভ হয় তাৰ উল্লেখ কৰি গীতাত কোৱা হৈছে যে ভগৱানে তেনে ব্যক্তিৰ বুদ্ধিক পৰিচালনা কৰে আৰু সেই বুদ্ধিৰ দ্বাৰা ভগৱানক লাভ কৰাৰ উপায় ওলায় -
তেষাং সততযুক্তানাং ভজতাং প্ৰীতিপূৰ্বকম্ ।যিসকলৰ চিত্ত মোৰ ভাৱনাত সতত যুক্ত , তেনে প্ৰীতিপূৰ্বক ভজনাকাৰীক মই বুদ্ধি প্ৰদান কৰো আৰু সেই বুদ্ধিৰ দ্বাৰা তেওঁলোকে মোক লাভ কৰাৰ উপায় বিচাৰি পায়।
ভাগৱতত কোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণ একমাত্ৰ সত্য ।তেওঁত বাহিৰে আন দ্বিতীয় একো নাই যাৰ আশ্ৰয়ত নিৰাপদে থাকিব পাৰি । তেওঁৰ শৰণ গ্ৰহণ কৰা মানৱ জীৱনৰ পৰম পুৰুষাৰ্থ।ভগৱান কৃষ্ণ সকলোৰে সুহৃদ , প্ৰিয়তম আত্মা , তেওঁক আশ্ৰয় কৰি আনন্দ লাভ কৰা জীৱৰ পৰম পুৰুষাৰ্থ ।
সমাশ্ৰিতা তে পদপল্লৱপ্লবং মহৎপদং পূণ্যযশোমূৰাৰেঃ –ভাগঃ ১০.১৪.৫৮ – যিজনে ভগৱান কৃষ্ণৰ আশ্ৰয় গ্ৰহণ কৰে তেওঁৰ সমস্ত পুৰুষাৰ্থ সিদ্ধ হয় ।
তং ত্বাখিলাত্মদয়িতেশ্বৰমাশ্ৰিতানাং সৰ্বাৰ্থপ্ৰদ – ভাগঃ ১১.২৯.৫ - তেওঁ জগতৰ প্ৰিয়বন্ধু, আশ্ৰিতসকলৰ সৰ্বাৰ্থদাতা । সংসাৰ তাপত তাপিত জীৱৰ তেৱেঁ একমাত্ৰ শৰণ বা আশ্ৰয় , কাৰণ তেওঁ সমস্ত ক্লেশৰ বিনাশ সাধন কৰে ।
এনেদৰে গীতা , ভাগৱত ,পুৰাণ আদি শাস্ত্ৰত বিভিন্ন প্ৰসঙ্গত বাৰে বাৰে কোৱা হৈছে যে শ্ৰীকৃষ্ণ একমাত্ৰ পৰম আশ্ৰয়, তেওঁ সৰ্ব কাৰণৰ কাৰণ , তেওঁত বাদে দ্বিতীয় সত্য অন্য একো নাই আৰু তেওঁৰ শৰণ গ্ৰহণ কৰিলে পৰম পুৰুষাৰ্থ সিদ্ধ হয়।
গীতা-ভাগৱতৰ এনেবোৰ উক্তিৰ ভিত্তিত নৱলক্ষণা ভক্তি সাধনৰ অৰ্থে ভগৱান কৃষ্ণৰ পাদপদ্মত শৰণ গ্ৰহণ কৰাৰ পৰামৰ্শ দি হৰিদেৱ গুৰুজনাই কৈছে যে সৰ্ব প্ৰকাৰৰ ভক্তি সাধনৰ প্ৰথম পদক্ষেপ হৈছে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা-
সৰ্বভক্তি কৃষ্ণপদ শৰণ জানিবা ।সৰ্বপ্ৰকাৰ ভক্তি সাধনৰ পূৰ্বতে কৃষ্ণপদত শৰণ অৰ্থাৎ আশ্ৰয় গ্ৰহণ কৰা ভক্তি সাধনাৰ অপৰিহাৰ্য অঙ্গ । ভক্তি সাধনৰ কাৰণে মনৰ দৃঢ়তা অতি প্ৰয়োজনীয় । মানুহৰ জীৱনত অনুকূল বা প্ৰতিকূল বিভিন্ন পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হয় ।তেনে পৰিবেশ পৰিস্থিতি অনুসৰি মনৰ অৱস্থা পৰিবৰ্ত্তিত হৈ থাকে । সংসাৰত সকলো ঠিকে ঠাকে চলি থাকিলে আমাৰ ঈশ্বৰ বিশ্বাস বাঢ়ে । ঠিক ঠাক নাথাকিলে ঈশ্বৰৰ ওপৰত বিশ্বাসো হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে । ওপৰত উদ্ধৃত ভাগৱতৰ শ্লোকত কোৱা হৈছে যে সংসাৰৰ সমস্ত ক্লেশ নিবাৰণ কৰিব পৰা একমাত্ৰ পৰম আশ্ৰয় হৈছে ভগৱান শ্ৰীকৃষ্ণ । মনৰ দৃঢ়তা সহ এনে বিশ্বাস ৰাখি ভক্তি মাৰ্গত আগ বাঢ়িলেহে সংসাৰ দুঃখৰ পৰা নিষ্কৃতি লাভ হয় আৰু ভগৱানৰ প্ৰতি ভক্তি লাভৰ পথ প্ৰশস্ত হয়।সংসাৰৰ চিন্তাত চিত্ত-মন-বুদ্ধিক ব্যস্ত ৰাখি কেৱল মুখেৰে ভগৱানৰ কথা কৈ থাকিলে নাইবা ভগৱানৰ নাম উচ্চাৰণ কৰি থাকিলে ভগৱানক পোৱা সম্ভৱ নহয় । এই বিষয়ে গুৰুজনাই কৈছে যে তেনেদৰে কেৱল লোকক দেখুৱাবলৈ আচৰণ কৰা ভক্তিৰ ফল অৰণ্য ৰোদনৰ দৰে অৰ্থহীন চেষ্টা মাত্ৰ । জনশূন্য অৰণ্যত বিপদাপন্ন হৈ সহায়ৰ বাবে কন্দা–কটা কৰিলে যিদৰে কাৰো পৰা সহাৰি পোৱা নাযায় সেইদৰে কায়-মনো-বাক্যে অকপটভাৱে ভগৱানক প্ৰাৰ্থনা নকৰিলে ভগৱানে সহাৰি নিদিয়ে –
গৃহকাৰ্য্যে বুদ্ধি চিত্ত মন দৃঢ় কৰি ।মনৰ বিশ্বাস দৃঢ়তৰ কৰি ভক্তিমাৰ্গত অগ্ৰসৰ হোৱাৰ কাৰণে প্ৰথম পদক্ষেপ হিচাপে ভগৱান শ্ৰীকৃষ্ণৰ পাদপদ্মত শৰণ বা আশ্ৰয় গ্ৰহণ কৰা অপৰিহাৰ্য কৰ্ত্তব্য বুলি ওপৰতো উল্লেখ কৰা হৈছে । উপযুক্ত গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰি শাস্ত্ৰসন্মত নিয়ম অনুসৰি কৃষ্ণপদত শৰণ গ্ৰহণ কৰিব লাগে বুলি গুৰুজনাই কৈছে –
শৰণ উচ্চাৰি পাছে শিষ্যে যথাভাবে ।গুৰুজনাই এক উপমাৰ দ্বাৰা কথাখিনি স্পষ্ট কৰি কৈছে যে মাটিৰ পাত্ৰ এটা জুইত পুৰি কঠিন কৰাৰ পিচতহে তাত পানী ভৰাই ৰাখিব পাৰি । কেচা অৱস্থাত থকা মাটিৰ কলহত পানী ভৰাই দিলে মাটিখিনি গলি গৈ পানী ওলাই যায় । একেদৰে ভগৱানৰ প্ৰতি বিশ্বাস দৃঢ় নহলে , জীৱনৰ সমস্ত ঘাট প্ৰতিঘাটৰ পৰা একমাত্ৰ ভগৱানেহে পৰিত্ৰাণ কৰিব পাৰে বুলি দৃঢ় প্ৰত্যয় নজন্মিলে ভক্তি ভাৱ স্থায়ী নহয় । সেই কাৰণে ভক্তিপথত অগ্ৰসৰ হোৱাৰ আগতে বিশ্বাস দৃঢ়তৰ কৰাৰ অৰ্থে ভগৱানৰ পাদপদ্মত শৰণ গ্ৰহণ কৰা উচিত বুলি গুৰুজনাই কৈছে ।
শৰণ বিহনে জানা ভক্তি নজন্ময় ।
***********************************
আত্মতত্বজ্ঞান অবিহনে কৃষ্ণ দৰ্শন বা মুক্তিলাভ নহয়
হৰিদেৱ গুৰুজনাই শিষ্য সকলক উপদেশ দি কৈছে যে কলিযুগত কৃষ্ণ ভক্তিতকৈ শ্ৰেষ্ঠতৰ পাৰমাৰ্থিক সাধনৰ উপায় অন্য একো নাই । কিন্তু আত্মতত্ব জ্ঞানৰ উদয় হোৱাৰ পিচত কৃষ্ণ চিন্তা কৰিলেহে তাৰ সুফল স্বৰূপ ভগৱত দৰ্শন হয় –
কলিযুগে কৃষ্ণভক্তি সম নাহি ধন ।গীতাৰ সপ্তম অধ্যায়ৰ ষোল্ল আৰু সোতৰ সংখ্যক শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে লোকে দুঃখ কষ্টত বিপন্ন হৈ , আত্মজ্ঞান লাভৰ ইচ্ছা কৰি , ইহ-পৰলোকত সুখ-সমৃদ্ধি কামনা কৰি নাইবা আত্মজ্ঞান লাভ কৰাৰ পিচত অৰ্থাত্ ভগৱান এক অদ্বিতীয় সত্তা আৰু সকলোৰে হৃদয়ত আত্মাৰূপে সৰ্বদা বিৰাজমান বুলি উপলব্ধি কৰাৰ পিচত ভগৱানৰ প্ৰতি ভক্তিমান হয় । এই চাৰি প্ৰকাৰৰ ভক্তৰ ভিতৰত আত্মজ্ঞানী ভক্ত হৈছে সবাতোকৈ শ্ৰেষ্ঠ । তেনে ভক্তই কেৱল মাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিমান হয় আৰু সদা-সৰ্বদা ভগৱানৰ সেৱাত নিযুক্ত থাকে।তেওঁলোক নিষ্কাম ভক্ত – ভক্তিৰ বিনিময়ত ভগৱানৰ পৰা একো পাবলৈ আশা নকৰে । প্ৰহ্লাদ , শুকদেৱ , সনক আদি মহাত্মাসকল জ্ঞানী ভক্তৰ উদাহৰণ ।
যিসকলে দুঃখ কষ্টৰ পৰা পৰিত্ৰাণৰ অৰ্থে , জ্ঞানলাভৰ অৰ্থে নাইবা ইহ-পৰলোকৰ সুখ সম্পদ বিচাৰি ভগৱানৰ শৰণাপন্ন হয় তেওঁলোক সকাম ভক্ত হোৱা হেতুকে একমাত্ৰ ভগৱান কৃষ্ণৰ প্ৰতিয়ে ভক্তিমান নাথাকি নিজৰ কাম্য বস্তু দিব পৰা অন্য দেবী-দেবতাৰো ভজনা কৰাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে। তদুপৰি যিসকলে কাম্য বস্তু বিচাৰি ভগৱানক আৰাধনা কৰে তেওঁলোকৰ মনত ভগৱান যিমান প্ৰিয় কাম্য বস্তুও সিমানে প্ৰিয় । কিন্তু আত্মজ্ঞানী ভক্তই সকলো অৱস্থাতে কেৱল মাত্ৰ ভগৱান কৃষ্ণক প্ৰিয়তম আত্মাৰূপে জ্ঞান কৰে , তেওঁত বাদে দ্বিতীয় কোনো উপাস্য দেৱতা নাই বুলি দৃঢ়ভাৱে বিশ্বাস কৰে আৰু সদা-সৰ্বদা ভগৱানৰ উপাসনামূলক তথা ভগৱানৰ দ্বাৰা সৃষ্ট সমস্ত জীৱৰ কল্যাণমূলক কৰ্মত ব্যস্ত হৈ থাকে ।তেনে ভক্ত ভগৱানৰো অতি প্ৰিয় হয় ।
আত্মজ্ঞানী হৈ হৰিক স্মৰণ কৰিলেহে হৰিদৰ্শন বা ঈশ্বৰৰ অপৰোক্ষ অনুভূতি লাভ হয় বুলি হৰিদেৱ গুৰুজনাই শিশু কালতে তেওঁৰ পিতৃ অজনাভৰ পৰা শিক্ষা লাভ কৰিছিল। অজনাভে পুত্ৰক শিক্ষা দান কৰি কৈছিল যে ভগৱান ভকতৰ বশ্য , হৃদয়ত আত্মজ্ঞানৰ উদয় হ’লে ভগৱানৰ দৰ্শন লাভ হয় –
আত্মজ্ঞানী হৈয়া হৰিক দাকিলেপিতৃৰ পৰা শিশু কালতে লাভ কৰা এই পাৰমাৰ্থিক জ্ঞানৰ সাধনাত গুৰুজনাই সমস্ত জীৱন অতিবাহিত কৰিছিল । বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাকক্ষণত সমবেত হোৱা শিষ্য-ভকত সকলক দিয়া উপদেশ প্ৰসঙ্গত এই পৰম সত্য ব্যক্ত কৰি গুৰুজনাই কৈছে যে আত্মতত্বজ্ঞান অবিহনে ভগৱান কৃষ্ণৰ সাক্ষাত অনুভূতি লাভ কৰা সম্ভৱ নহয় –
গুৰুদেবে কহে শুনিওক ভক্তগণ ।আত্মতত্বজ্ঞান লাভ নকৰা পৰ্যন্ত পুত্ৰ কলত্ৰ মিত্ৰ ধন গৃহ আদিৰ প্ৰতি থকা আসক্তি ত্যাগ কৰা সম্ভৱ নহয় ।ইয়াতে প্ৰশ্ন হ’ব পাৰে যে আত্মজ্ঞানী ব্যক্তিৰ এইবোৰ বিষয় তথা সম্বন্ধৰ প্ৰতি আসক্তি সমাপ্ত হোৱৰ পিচত সংসাৰৰ প্ৰতি বিৰক্তি জন্মে নেকি ? পুত্ৰ পৰিবাৰ গৃহ সম্পদ আদি ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰে নেকি ? তত্বজ্ঞানৰ উদয় হোৱাৰ পিচত স্ত্ৰী-পুত্ৰ-পৰিবাৰ-গৃহ-সংসাৰৰ প্ৰতি থকা কৰ্ত্তব্যৰ প্ৰতি উদাসীনতা অৱলম্বন কৰে নেকি ?
প্ৰ্কৃতাৰ্থত তেনেকুৱা নহয় কাৰণে বেদ-বেদান্তৰ তত্বদৰ্শী পুৰুষ হৰিদেৱ গুৰুজনাই সংসাৰতে থাকি কৃষ্ণভক্তি আচৰণ কৰাৰ উপদেশ দিছে আৰু নিজেও সংসাৰ ধৰ্ম পালন কৰি পাৰমাৰ্থিক সাধনাৰ উচ্চতম স্তৰত কিদৰে অৱস্থান কৰিব পাৰি তাৰ উদাহৰণ দেখুৱাই গৈছে । স্ত্ৰী-পুত্ৰ-পৰিবাৰ-গৃহ-সংসাৰৰ প্ৰতি আসক্তি ত্যাগ কৰাৰ অৰ্থ এইবোৰৰ প্ৰতি উদাসীনতাপূৰ্ণ বা অনুভূতিহীন অৱস্থা নহয় । অনুভূতিহীন অৱস্থা জড় পদাৰ্থৰ ধৰ্ম – কাঠৰ টুকুৰাৰ দৰে জড় পদাৰ্থ সকলো অৱস্থাতে উদাসীন থাকে যদিও ইয়াৰ ঈশ্বৰ দৰ্শন বা মুক্তিলাভ সম্ভৱ নহয় । বহু লোকে স্ত্ৰী-পুত্ৰ-পৰিবাৰ-গৃহ-সংসাৰৰ প্ৰতি অনুভূতিহীন জড়বত অৱস্থা প্ৰাপ্তিকে মুক্তি বুলি ভুলকৈ ভাৱে । এই কথা উল্লেখ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে এনে লোক অন্ধ ব্যক্তিৰ দৰে । অন্ধৰ দৰ্শন ইন্দ্ৰিয় আবৃত থকা কাৰণে কোন ক’ত আছে দেখা নাপায় আৰু সেয়েহে জগতৰ সমস্তকে অন্ধকাৰ দেখে ।একেদৰে অনুভূতিহীন সাধক জ্ঞানচক্ষু বিবৰ্জিত হোৱা হেতুকে সংসাৰত স্ত্ৰী-পুত্ৰ-গৃহ-পৰিবাৰৰ প্ৰকৃত স্থিতি আৰু প্ৰয়োজনীয়তা অনুভৱ কৰাত সক্ষম নহয় কাৰণে এইসমুহৰ প্ৰতি অনুভূতিহীন জড়বত আচৰণ কৰে আৰু ইয়াকে মুক্তিলাভৰ অৱস্থা বুলি ভ্ৰমিত হয় । গুৰুজনাই এই কথা প্ৰকাশ কৰি কৈছে –
ঘোৰ ৰাত্ৰি অন্ধকাৰ নেদেখয় কোন কৈত
আত্মজ্ঞান উদয় হোৱাৰ পিচত সংসাৰৰ প্ৰতি থকা দৃষ্টিভঙ্গী সলনি হয়
আত্মতত্ব জ্ঞানৰ উদয় কিদৰে হয় তাৰ উল্লেখ কৰি বেদান্ত শাস্ত্ৰত কোৱা হৈছে যে যাৰ দ্বাৰা জাগ্ৰত-স্ব্প্ন-সুসুপ্তি তিনি অৱস্থাৰূপ প্ৰপঞ্চসমুহ প্ৰকাশিত হয়, সেই নিত্যচৈতন্য পৰব্ৰহ্মৰ সৈতে একত্ব জ্ঞান যাৰ আছে তেওঁ সংসাৰৰ সমস্ত বন্ধনৰ পৰা মুক্ত হয় ।জাগ্ৰত-স্ব্প্ন-সুসুপ্তি – এই তিনিটা অৱস্থাৰে ভোক্তা চৈতন্য বা আত্মা এক ।যিজনে আত্মাক এই তিনি অৱস্থাৰ পৰা পৃথক বুলি জানে তেওঁ জন্ম মৃত্যুৰ পৰা মুক্ত হয়।তিনি অৱস্থাৰ লগত সংশ্লিষ্ট যি ভোক্তা ,ভোগ্য আৰু ভোগ প্ৰভৃতি ভাৱ আছে আত্মা সেই সকলোৰে উৰ্দ্ধত।আত্মা মঙ্গলময় চৈতন্য মাত্ৰ আৰু সেয়ে আমাৰ প্ৰকৃত স্বৰূপ।এই বিচাৰকে তত্ববিচাৰ বুলি কোৱাহয়। এনেপ্ৰকাৰৰ তত্ববিচাৰৰ দ্বাৰা স্বয়ংপ্ৰকাশ স্বৰূপ আত্মজ্ঞানৰ উদয় হয় ।
বেদান্তত কোৱা হৈছে যে ওপৰত উল্লেখ কৰা ধৰণে কৰা তত্ববিচাৰৰ দ্বাৰা তত্বজ্ঞানৰ উদয় হোৱাৰ পিচত নিজৰ পূৰ্বকৃত কৰ্ম বা প্ৰাৰব্ধ কৰ্ম অনুসৰি কৰিবলৈ বাধ্য হোৱা সংসাৰৰ বিষয় ভোগ তথা স্ত্ৰী পুত্ৰ কন্যা আৰু অন্যান্য সম্বন্ধ সমুহৰ প্ৰতি পূৰ্বতকৈ পৃথক প্ৰকাৰৰ মনোভাৱ অৱলম্বন কৰা হয় । ভাগৱত আৰু উপনিষদত এই তত্ব এনেদৰে পৰিষ্কাৰ কৰা হৈছে ।ভাগৱতত কোৱা হৈছে –
পুত্ৰদাৰাপ্তবন্ধূনাং সঙ্গমঃ পান্থসঙ্গমঃ ।
অনুদেহং বিয়ন্ত্যেতে স্বপ্নো নিদ্ৰানুগো যথা ॥ ভাগঃ ১১.১৮.৫৩
সংসাৰত স্ত্ৰী -পুত্ৰ , আত্মীয়-স্বজন আৰু পিতৃ-মাতৃ আদি গুৰুজনসকলৰ লগত হোৱা পৰিচিতি আৰু সম্বন্ধ পথযাত্ৰ্ৰীৰ আশ্ৰয় গৃহত যাত্ৰীসকল একত্ৰিত হোৱাৰ নিচিনা ।যথা সময়ত সকলো পথযাত্ৰী নিজৰ নিজৰ পথেৰে গুচি যায় । যিদৰে সপোনৰ স্থায়ীত্ব নিদ্ৰাৱস্থাৰ অৱসান পৰ্যন্ত থাকে সেইদৰে সংসাৰত পৰিচিত লোক সকলৰ সৈতে সম্বন্ধ শৰীৰ ধাৰণ কৰি থকালৈকে থাকে ।তাৰ পিচত আৰু কোনে কাৰ খবৰ ৰাখে ?
উপনিষদে আমাক শিক্ষা দি কৈছে - সংসাৰত নিজৰ স্বাৰ্থ সিদ্ধিৰ নিমিত্তে পতি ,পত্নী, পুত্ৰ , বিত্ত , পশু প্ৰভৃতিক প্ৰিয় বুলি ভাবিব নালাগে । এই সমস্ততে পৰমাত্মা বিদ্যমান । পতিত পৰমাত্মাৰ প্ৰেমময়ী ভৰণকাৰী প্ৰতিপালক মূৰ্ত্তি , পত্নীত পৰমাত্মাৰ প্ৰেমময়ী সহচাৰিণী সেৱিকা মূৰ্ত্তি , পুত্ৰত পৰমাত্মাৰ বাৎসল্য ৰস অনুভৱী মূৰ্ত্তি , বিত্ত সম্পদ পশু আদিত পৰমাত্মাৰ সেৱা আৰু সাধনাৰ অনুকূল উপায় মূৰ্ত্তি প্ৰত্যক্ষ কৰাৰ চেষ্টা কৰিব লাগে । এনেদৰে ভাৱিলে পতি ,পত্নী, পুত্ৰ , বিত্ত , পশু প্ৰভৃতিক সমস্তকে পৰমাত্মাৰ সাধন পথৰ সহায়কাৰীৰ ৰূপত পাব পাৰি । শাস্ত্ৰোক্ত নিৰ্দ্দেশ মতে এইবোৰ যথোচিতভাৱে ব্যৱহাৰ কৰিলে সাধনাৰ পথত অগ্ৰসৰ হোৱাত সহজ হয় কাৰণেই এইবোৰৰ প্ৰিয়ত্ব আৰু এইবোৰৰ প্ৰতি প্ৰিয় আচৰণ কৰি সাধকো সকলোৰে প্ৰিয় হয় । ভাগৱততো কোৱা হৈছে –
যদা ন কুৰুতে ভাবং সৰ্বভূতেষ্বমঙ্গলম্ ।পুৰুষে যেতিয়া সকলো প্ৰাণীৰ প্ৰতি অমঙ্গল ভাৱ অৰ্থাৎ ৰাগ–দ্বেষ আদি বৈষম্য ভাৱ পৰিত্যাগ কৰে আৰু সৰ্বত্ৰ সমদৃষ্টি সম্পন্ন হয় তেতিয়া তেওঁৰ সকলো দিশ সুখময় হয় । সৰ্বত্ৰ সমদৃষ্টি সম্পন্ন সাধকে পতি ,পত্নী, পুত্ৰ , বিত্ত , পশু প্ৰভৃতি সকলোতে পৰমাত্মাৰ বিভিন্ন মঙ্গলময় মূৰ্ত্তি দৰ্শন কৰে । গতিকে তেওঁৰ মনত কোনো প্ৰাণীৰ প্ৰতি কোনো প্ৰকাৰৰ অমঙ্গল ভাৱ উদয় হ’ব নোৱাৰে । তেওঁৰ কাৰণে সমস্তই সুখময় আৰু তেওঁ নিজেও সকলোৰে প্ৰিয় হয় ।
সেই কাৰণে মায়ানিৰ্মিত অসত্য বস্তু হোৱা হেতুকে স্ত্ৰী –পুত্ৰ-কলত্ৰ- গৃহ-ধন আদি সমস্তকে ত্যাগ কৰি সংসাৰৰ পৰা আতৰি গুচি যোৱাৰ পৰামৰ্শ গুৰুজনাই দিয়া নাই | সংসাৰতে থাকি উপনিষদ আৰু ভাগৱতৰ ওপৰোক্ত শিক্ষা গ্ৰ্হণ কৰি জগত তথা সংসাৰৰ প্ৰতি যথোচিত দৃষ্টিভঙ্গী গ্ৰহণ কৰাৰ কথা কৈছে । তেনে কৰিলে স্ত্ৰী –পুত্ৰ-গৃহ-ধন আদিৰ প্ৰতি যি অন্ধ মায়ামোহ বা আসক্তি তাক পৰিত্যাগ কৰিব পাৰি আৰু এই সমস্তকে কৃষ্ণভক্তি সাধনাৰ পথত সহযোগী কৰি ল’ব পাৰি।লগতে গুৰুজনাই ইয়াকো কৈছে যে এই মায়া অতিক্ৰম কৰা অতি কঠিন যদিও প্ৰপন্ন চিত্তে শ্ৰীকৃষ্ণৰ পাদপদ্মত আশ্ৰয় গ্ৰহণ কৰিলে সংসাৰতে থাকিও মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ যথাযথ ভাৱে ভক্তিধৰ্ম আচৰণ কৰিব পাৰি –
গুণময়ী দৈৱী এহি আহ্মাৰ মায়াক ভেদিগুৰুজনাই উপদেশ দি কৈছে পুত্ৰ কলত্ৰ মিত্ৰ ধন গৃহ আদিৰ প্ৰতি আসক্তি ত্যাগ কৰি গোবিন্দক ভজনা কৰা । জগতত শুভ বা অশুভ যি প্ৰাপ্তি ঘটিছে সেই সমস্তকে ভগৱানৰ চৰণত অৰ্পণ কৰা । ভগৱানৰ বিধানমতেই সংসাৰৰ সুখ বা দুঃখ নিজৰে পূৰ্বাৰ্জিত কৰ্মৰ ফল অনুসৰি ভোগ কৰিব লগীয়া হৈছে, আৰু যাত্ৰাপথত লগালগি হোৱা পথযাত্ৰীৰ সৈতে সংযোগ হোৱাৰ দৰে ইহ জনমৰ স্ত্ৰী –পুত্ৰ-কলত্ৰ- গৃহ-ধন আদিৰ সৈতে ক্ষণস্থায়ী সংযোগ সাধন হৈছে বুলি বিবেচনা কৰি মনক শান্ত কৰা ।এনেদৰে কোনো প্ৰকাৰৰ ৰাগ-দ্বেষৰ বশৱৰ্ত্তী নোহোৱাকৈ শান্ত মনেৰে ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰিলে মায়াৰ আৱৰণ বা চিত্তমল অপসাৰিত হৈ আত্মজ্ঞানৰ প্ৰকাশ ঘটে ।
ভাগৱতৰ মতে আত্মজ্ঞান লাভ কৰাৰ পথ বৰ কঠিন নহয়
ভাগৱতৰ 11.28.35 শ্লোকত কোৱা হৈছে -আত্মতত্ব স্বতঃসিদ্ধ ,চিৰবৰ্ত্তমান । চিত্তমল নষ্ট হ’লে আত্মতত্ব স্বতঃ উদ্ভাসিত হয় । সূৰ্য উদয় হ’লে ৰাতিৰ অন্ধকাৰত আবৃত হৈ থকা বস্তুসমুহ প্ৰকাশিত হয় । একো নতুন বস্তুৰ সৃষ্টি নহয় ।একেদৰে আত্মতত্বজ্ঞান সদাবৰ্ত্তমান যদিও চিত্তমলৰ দ্বাৰা আবৃত থাকে । কৃষ্ণভক্তি আচৰণৰ দ্বাৰা চিত্তৰ মলিনতা বা অজ্ঞান আৱৰণ দূৰ হয় আৰু তাৰ লগে লগে তত্বজ্ঞান নিজে নিজে প্ৰকাশিত হয় । হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে –
সাক্ষাত পুৰুষোত্তম শ্ৰীকৃষ্ণ চৰণ ।ভাগৱত শাস্ত্ৰৰ মতে ভগৱানৰ শৰণ গ্ৰহণ তত্বজ্ঞান লাভৰ পথ । ভোকাতুৰ ব্যক্তিয়ে ক্ষুধা নিবাৰণৰ কাৰণে খাদ্য খায় । খাদ্য খাই থকা অৱস্থাত প্ৰতি গৰাহ খাদ্য বস্তু পেটলৈ গৈ থাকে আৰু ক্ৰমান্বয়ে ক্ষুধাৰ যন্ত্ৰণা কমি আহে । অকল ভোকৰ পৰা অব্যাহতি দিয়াতে খাদ্যৰ উপকাৰীতা শেষ নহয় । ক্ষুধা নিবাৰণৰ উপৰিও খাদ্যৰ দ্বাৰা জিভাৰ তৃপ্তি , মনৰ সন্তোষ আৰু সমস্ত শৰীৰৰ সকলো প্ৰকাৰৰ পুষ্টি সাধন হয় । একেদৰে ভগৱানৰ পাদপদ্মত একান্ত ভাৱে শৰণ গ্ৰহণ কৰিলে ভক্তি ,জ্ঞান আৰু বৈৰাগ্য একেলগে লাভ হয় বুলি ভাগৱত শাস্ত্ৰত কোৱা হৈছে ।
ভক্তি পৰেশানুভৱো বিৰক্তিৰন্যত্ৰ চৈষ ত্ৰিক এককালঃ ।প্ৰতিগ্ৰাস অন্ন গ্ৰহণৰ সৈতে ভোক্তাৰ তুষ্টি অৰ্থাত তৃপ্তি বা সুখ , পুষ্টি অৰ্থাত্ জীৱনীশক্তিৰ সঞ্চাৰণ আৰু ভোকৰ নিবৃত্তি একেলগে সাধিত হয় ।সেইদৰে শৰণাগত ভক্তই যেতিয়া ভগৱানৰ উদ্দেশ্যে ভজন কীৰ্ত্তন কৰাত প্ৰবৃত্ত হয় তেতিয়া তেওঁ ভগৱত প্ৰেমভক্তি আৰু, প্ৰেমাস্পদ প্ৰভূৰ স্বৰূপ জ্ঞান লাভ কৰে আৰু তাৰ লগতে অন্য বস্তুৰ প্ৰতি বৈৰাগ্যৰ আগমন প্ৰতিক্ষণে আৰু একেলগে হৈ থাকে ।
ইত্যুচুতাঙ্ঘ্ৰিং ভজতোহনুবৃত্ত্যাঃ ভক্তিৰ্বিৰক্তিৰ্ভগবতপ্ৰবোধঃ ।গ্ৰহণ কৰা অন্নৰ প্ৰ্তিটো গৰাহৰ দৰে ভক্তৰ মনত ক্ষণে ক্ষণে উদয় হোৱা প্ৰতিটো মনোবৃত্তিৰ দ্বাৰা যিজনে ভগৱানৰ চৰণ কমলত শৰণ গ্ৰহণ কৰি ভজনা কৰে তেওঁৰ ভগৱানৰ প্ৰতি প্ৰেমভক্তি , সংসাৰৰ প্ৰতি বৈৰাগ্য আৰু প্ৰিয়তম ভগৱানৰ স্বৰূপ জ্ঞান – সমস্তৰে প্ৰাপ্তি ঘটে । তেনে প্ৰাপ্তিৰ অন্তত পৰম শান্তি লাভ হয় ।
গতিকে প্ৰেমভক্তি , আত্মজ্ঞান আৰু বৈৰাগ্য লাভ কৰাৰ বাবে ইচ্ছুক ভক্তই অন্য দেৱতাৰ ভজন এৰি কেৱল মাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰে আৰু একমাত্ৰ তেওঁকেই উপাসনা কৰে বুলি ভক্তক উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে –
অন্য দেৱে শৰণৰ কথা পৰিহৰি ।আত্মতত্ব জ্ঞানৰ উদয় কিদৰে হয় তাৰ উল্লেখ কৰি বেদান্ত শাস্ত্ৰত কোৱা হৈছে যে যাৰ দ্বাৰা জাগ্ৰত-স্ব্প্ন-সুসুপ্তি তিনি অৱস্থাৰূপ প্ৰপঞ্চসমুহ প্ৰকাশিত হয়, সেই নিত্যচৈতন্য পৰব্ৰহ্মৰ সৈতে একত্ব জ্ঞান যাৰ আছে তেওঁ সংসাৰৰ সমস্ত বন্ধনৰ পৰা মুক্ত হয় ।জাগ্ৰত-স্ব্প্ন-সুসুপ্তি – এই তিনিটা অৱস্থাৰে ভোক্তা চৈতন্য বা আত্মা এক ।যিজনে আত্মাক এই তিনি অৱস্থাৰ পৰা পৃথক বুলি জানে তেওঁ জন্ম মৃত্যুৰ পৰা মুক্ত হয়।তিনি অৱস্থাৰ লগত সংশ্লিষ্ট যি ভোক্তা ,ভোগ্য আৰু ভোগ প্ৰভৃতি ভাৱ আছে আত্মা সেই সকলোৰে উৰ্দ্ধত।আত্মা মঙ্গলময় চৈতন্য মাত্ৰ আৰু সেয়ে আমাৰ প্ৰকৃত স্বৰূপ।এই বিচাৰকে তত্ববিচাৰ বুলি কোৱাহয়। এনেপ্ৰকাৰৰ তত্ববিচাৰৰ দ্বাৰা স্বয়ংপ্ৰকাশ স্বৰূপ আত্মজ্ঞানৰ উদয় হয় ।
আনহাতে ভাগৱতৰ 11.28.35 শ্লোকত ইয়াক অতি সহজভাৱে কোৱা হৈছে – “ আত্মতত্ব স্বতঃসিদ্ধ ,চিৰবৰ্ত্তমান । চিত্তমল নষ্ট হ’লে আত্মতত্ব স্বতঃ উদ্ভাসিত হয় । সূৰ্য উদয় হ’লে ৰাতিৰ অন্ধকাৰত আবৃত হৈ থকা বস্তুসমুহ প্ৰকাশিত হয় । একো নতুন বস্তুৰ সৃষ্টি নহয় ।একেদৰে আত্মতত্বজ্ঞান সদাবৰ্ত্তমান যদিও চিত্তমলৰ দ্বাৰা আবৃত থাকে । ভক্তি আচৰণৰ দ্বাৰা চিত্তৰ মলিনতা বা অজ্ঞান আৱৰণ দূৰ হয় আৰু তাৰ লগে লগে তত্বজ্ঞান প্ৰকাশিত হয়” ।
ভাগৱত শাস্ত্ৰৰ মতে ভগৱানৰ শৰণ গ্ৰহণ তত্বজ্ঞান লাভৰ পথ । ভোকাতুৰ ব্যক্তিয়ে ক্ষুধা নিবাৰণৰ কাৰণে ভাত খায় । ভাত খাই থকা অৱস্থাত প্ৰতি গৰাহ ভাত পেটলৈ গৈ থাকে আৰু ক্ৰমান্বয়ে ক্ষুধাৰ যন্ত্ৰণা কমি আহে । অকল ভোকৰ পৰা অব্যাহতি দিয়াতে ভাতৰ উপকাৰীতা শেষ নহয় । ইয়াৰ উপৰিও খাদ্যৰ দ্বাৰা জিভাৰ তৃপ্তি , মনৰ সন্তোষ আৰু সমস্ত শৰীৰৰ সকলো প্ৰকাৰৰ পুষ্টি সাধন হয় । একেদৰে ভগৱানৰ পাদপদ্মত ওপৰোক্ত প্ৰকাৰে শৰণ গ্ৰহণ কৰিলে ভক্তি ,জ্ঞান আৰু বৈৰাগ্য একেলগে লাভ হয় বুলি ভাগৱত শাস্ত্ৰত কোৱা হৈছে ।
প্ৰতিগ্ৰাস অন্ন গ্ৰহণৰ সৈতে ভোক্তাৰ তুষ্টি অৰ্থাত তৃপ্তি বা সুখ , পুষ্টি অৰ্থাত্ জীৱনীশক্তিৰ সঞ্চাৰণ আৰু ভোকৰ নিবৃত্তি একেলগে সাধিত হয় ।সেইদৰে শৰণাগত ভক্তই যেতিয়া ভগৱানৰ উদ্দেশ্যে ভজন কীৰ্ত্তন কৰাত প্ৰবৃত্ত হয় তেতিয়া তেওঁ ভগৱত প্ৰেম আৰু, প্ৰেমাস্পদ প্ৰভূৰ স্বৰূপ অনুভূতি লাভ কৰে আৰু তাৰ লগতে অন্য বস্তুৰ প্ৰতি বৈৰাগ্যৰ আগমন প্ৰতিক্ষণে আৰু একেলগে হৈ থাকে ।
অন্নৰ প্ৰতিটো গৰাহৰ দৰে ভক্তৰ মনত ক্ষণে ক্ষণে উদয় হোৱা প্ৰতিটো মনোবৃত্তিৰ দ্বাৰা যিজনে ভগৱানৰ চৰণ কমলত শৰণ গ্ৰহণ কৰি ভজনা কৰে তেওঁৰ ভগৱানৰ প্ৰতি প্ৰেমভক্তি , সংসাৰৰ প্ৰতি বৈৰাগ্য আৰু প্ৰিয়তম ভগৱানৰ স্বৰূপ জ্ঞান – সমস্তৰে প্ৰাপ্তি ঘটে । তেনে প্ৰাপ্তিৰ অন্তত পৰম শান্তি লাভ হয় ।গতিকে ভক্তি ,জ্ঞান আৰু বৈৰাগ্য লাভ কৰাৰ বাবে ভক্তক উপদেশ দি হৰিদেৱ গুৰুজনাই অন্য দেৱতাৰ ভজন এৰি একান্ত চিত্তে কেৱল মাত্ৰ ভগৱান শ্ৰীহৰিক ভজন অৰ্থাত্ শ্ৰৱণ-কীৰ্ত্তন-অৰ্চন-বন্দন ইত্যাদি প্ৰকাৰে আৰাধনা কৰিবলৈ কৈছে । তেনে ভক্ত সাধকৰ আচৰণ বৰ্ণনা কৰি হৰিদেৱ গুৰুজনাই কৈছে –
অন্য দেৱে শৰণৰ কথা পৰিহৰি ।
হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ আধাৰত নৱবিধ ভক্তি ধৰ্মৰ অনুষ্ঠানৰ দ্বাৰা তেওঁৰ শিষ্যক মুক্তিৰ পথ প্ৰদৰ্শন কৰি গৈছে । তেওঁৰ ধৰ্মত একমাত্ৰ উপাস্য দেৱতা হৈছে ভগৱান কৃষ্ণ আৰু উপাসনৰা পদ্ধতি হৈছে নৱবিধ ভক্তিৰ এক বা একাধিক অনুষ্ঠানৰ আচৰণ । নববিধ ভক্তিৰ ভিতৰত আকৌ শ্ৰৱণ আৰু কীৰ্ত্তনৰ ওপৰত গুৰুজনাই অধিক গুৰুত্ব আৰোপ কৰিছে ।গুৰুজনাই কৈছে – ‘ কৃষ্ণ প্ৰিয়তম আত্মা যৈত নাহি ভয়’- অৰ্থাত কৃষ্ণ প্ৰিয়তম আত্মা ৰূপে নিজৰ হৃদয়তে আছে আৰু লগতে জগতৰ সমস্তৰে অন্তৰত আছে , জগতৰ সকলো বস্তু কৃষ্ণৰে ভিন্ন ভিন্ন ৰূপৰ প্ৰকাশ , তেওঁত বাদে জগতত অন্য একো বস্তু নাই ।কৃষ্ণ জগতৰ সমস্তৰে আত্মা , আত্মাই পৰম ব্ৰহ্ম আৰু একমাত্ৰ অখণ্ড সদ্বস্তু । এই অখণ্ড সদ্বস্তু পৰমাত্মা পৰম ব্ৰহ্মৰে অন্য নাম কৃষ্ণ আৰু এই তত্বৰ অপৰোক্ষ অনুভৱ কৰাৰ বাবে শিষ্যক শিক্ষা দান কৰাই হৈছে তেওঁৰ দ্বাৰা উপদিষ্ট ধৰ্মমত আৰু প্ৰতিষ্ঠিত ধৰ্ম অনুষ্ঠান বা সত্ৰৰ অন্যতম লক্ষ্য –
অখণ্ড সৎ বিদ্যমান জগতে যাহাৰ ।এই লক্ষ্য আগত ৰাখিয়ে হৰিদেৱ গুৰুজনাই তেওঁৰ শৰণ সিদ্ধান্ত গ্ৰন্থত শিষ্যৰ বাবে শাস্ত্ৰ নিৰ্দ্দিষ্ট সাধাৰণ নীতি-নিয়ম-কৰ্ত্তব্য ইত্যাদি বৰ্ণনা কৰাৰ উপৰিও তেওঁৰ দ্বাৰা প্ৰচাৰিত ধৰ্মমতৰ অনুগামী শিষ্যসকলৰ কাৰণে কিছুমান বিশেষ উপদেশ দি গৈছে । অন্য ধৰ্মমত অনুসৰি কিছুমান মন্ত্ৰ জপ কৰাৰ বেলিকা ব্ৰাহ্মণ –ক্ষত্ৰিয় আদি বৰ্ণৰ বিচাৰ কৰিব লাগে । উদাহৰণ স্বৰূপে গায়ত্ৰী মন্ত্ৰৰ কথাই ধৰিব পাৰি । উপনয়ন সংস্কাৰ সম্পন্ন হোৱাৰ পিচতহে গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰি ।স্ত্ৰী-শূদ্ৰৰ উপনয়ন সংস্কাৰ নাই কাৰণে গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ অধিকাৰ নাই ,ইত্যাদি বাধা-নিষেধৰ বহু প্ৰকাৰৰ উদাহৰণ দিব পাৰি । কিন্তু হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম সাৰ্বজনীন ধৰ্ম হোৱা হেতুকে তেওঁৰ ধৰ্মত এনে কোনো বাচ-বিচাৰ নাই । উচ্চ-নীচ সকলো বৰ্ণৰ তথা স্ত্ৰী-পুৰুষ সকলো শিষ্যৰ বাবে হৰিনাম জপ কৰাৰ বিধান দি গুৰুজনাই কৈছে-
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰো শূদ্ৰ সৱ ।কৃষ্ণ ভক্তি আচৰণ কৰিলে অতি নিম্ন জাতিৰ লোকো শুদ্ধ হয় বুলি উল্লেখ কৰি গুৰুজনাই কৈছে –
চাৰুগুণ কৃষ্ণে প্ৰণমিলে ভক্তিভাৱে ।সকলো ধৰ্মীয় মত আৰু পথতে গুৰুৰ পৰা দীক্ষা গ্ৰহণ কৰাৰ নিয়ম আছে । সেই সকল মতৰ অনুগামী শিষ্যবৃন্দৰ ভিতৰতো শাস্ত্ৰ অধ্যয়ন কৰি জ্ঞান প্ৰাপ্ত হোৱা লোকৰ অভাৱ নাই । তেওঁলোকৰ মাজতো অনেক কবি সাহিত্যিক গুণী জ্ঞানী ব্যক্তি আছে । কিন্তু সেইসকল গুণী জ্ঞানী ব্যক্তিয়ে যদি ভক্তিভাৱে ভগৱান শ্ৰীকৃষ্ণক পূজা নকৰে তেন্তে তেওঁলোকৰ সমস্ত সাধনা বিফল । অৰ্থাৎ কৃষ্ণভক্তিবিহীন সমস্ত প্ৰকাৰৰ ধৰ্ম কৰ্ম সাধনাৰ দ্বাৰা পৰম অভীষ্ট বা মোক্ষলাভৰ পথৰ পৰা ভ্ৰষ্ট হয় বুলি উল্লেখ কৰি গুৰুজনাই কৈছে –
বহু শাস্ত্ৰ অধ্যয়ন যতনে কৰয় ।গুৰুজনাই আৰু কৈছে যে কিছুমান লোক বিদ্যাৱন্ত কাৰ্যত নিপুণ । তেওঁলোকে নিস্বাৰ্থভাৱে আৰ্ত্ত ,দৰিদ্ৰ , ৰোগাক্ৰান্ত , পীড়িত বৃদ্ধ , শিশু , নাৰী ইত্যাদি সকলোৰে কল্যাণৰ অৰ্থে কাম কৰে ।বহুতে অক্লান্ত পৰিশ্ৰম কৰি জগতৰ সমস্ত জীৱ জগতৰ কল্যাণৰ অৰ্থে কৰ্ম কৰে । নিস্বাৰ্থ ভাৱে অনুষ্ঠিত কৰা সমস্ত প্ৰকাৰৰ কৰ্মই বিদ্যাৱন্ত কৰ্ম । আনহাতে বহু লোক সৎ পৰামৰ্শদাতা আৰু অতিশয় গুণ-জ্ঞানসম্পন্ন । তেনে লোকো যদি হৰিভক্তি পৰায়ণ নহয় তেন্তে শাস্ত্ৰই তেওঁক উচ্চ স্তৰৰ গুণ-জ্ঞানসম্পন্ন ব্যক্তি বুলি গণ্য নকৰে। অৰ্থাৎ গুৰুজনাই ক’ব বিচাৰিছে যে যিসকল ব্যক্তি সমাজৰ একান্ত সেৱক হিচাপে সুপৰিচিত আৰু আদৰণীয় তেওঁলোকেও নিজৰ সুকৃতিৰ বিনিময়ত সমাজে আগবঢ়োৱা মান সন্মানৰ প্ৰতি মোহগ্ৰস্ত হৈ কৃষ্ণভক্তি আচৰণৰ পৰা দূৰত থাকিব নালাগে । তেওঁলোকৰ দ্বাৰা অনুষ্ঠিত হোৱা সুকৰ্ম নিশ্চিতভাৱে প্ৰসংশাৰ যোগ্য আৰু সেই কাৰণে এনে কৰ্মসমুহক গুৰুজনাই বিদ্যাৱন্ত কৰ্ম বুলি কৈছে ।কিন্তু তেনে কৰ্মৰ অনুষ্ঠানকাৰী লোকে সদায় মনত ৰখা উচিত যে মানুহে কৰিব পৰা সমস্ত মহত্তম সেৱা কৰ্মৰ দ্বাৰাও জগত আংশিকভাৱেহে উপকৃত হ’ব পাৰে কিন্তু ভগৱানৰ সেৱা জগতৰ স্থাৱৰ জঙ্গম সমস্তকে সামৰি অনুষ্ঠিত কৰা পূৰ্ণৰূপৰ সেৱাকাৰ্য।
তথাপিতো বিদ্যাৱন্ত কাৰ্যত নিপুণ ।গুৰুজনাই কৈছে শিষ্য যদি বেদমন্ত্ৰ , নৃত্য ,গীত , কলা , শিল্প আদি সকলো বিদ্যাত পাৰদৰ্শী হয় , পৰম জ্ঞানী আৰু গভীৰ চিন্তাশীল ব্যক্তি হয় কিন্তু ভক্তিহীন হয় তেন্তে তেনে শিষ্যক অধম শিষ্য বুলি গণ্য কৰা উচিত ।
লৌকিক দৃষ্টিত কোনো ব্যক্তি বেদ-বেদান্তৰ পণ্ডিত হ’ব পাৰে , গভীৰ দাৰ্শনিক চিন্তা কৰি বিখ্যাত দাৰ্শনিক পণ্ডিত হিচাপে সমাজত পৰিচিত হ’ব পাৰে , বিখ্যাত গায়ক –নৃত্যবিদ , বিভিন্ন প্ৰকাৰৰ শিল্প বিদ্যাত পাৰ্গত হ’ব পাৰে বা কোনো প্ৰখ্যাত ৰাজনৈতিক নেতা হ’ব পাৰে আৰু তেনে প্ৰকাৰৰ বিখ্যাত লোক কোনো গুৰুৰ ওচৰ চাপিলে গুৰুৱে তেওঁক বিশেষ ব্যক্তি হিচাপে গণ্য কৰি শিষ্যত্বৰ যোগ্যতা নিৰূপণৰ ক্ষেত্ৰত কিবা দুৰ্বলতা দেখুওৱাৰ সম্ভাৱনা থাকে । সেই কাৰণে গুৰুজনাই সাবধান কৰি কৈছে যে তেওঁৰ ধৰ্মত কৃষ্ণভক্তিৰ প্ৰতি আগ্ৰহেই হৈছে যোগ্যতাৰ একমাত্ৰ মাপকাঠী । অন্য প্ৰকাৰে সুবিখ্যাত হ’লেও যি ব্যক্তি কৃষ্ণভক্তিৰ প্ৰতি আগ্ৰহান্বিত নহয় তেওঁক গুৰুৱে অধম শিষ্য হিচাপেহে গণ্য কৰা উচিত ।
বেদমন্ত্ৰ গীত আদি বিদ্যাত চতুৰ ।লগতে গুৰুজনাই এনে প্ৰকাৰৰ অযোগ্য বা ভক্তিবিহীন শিষ্যক তত্বজ্ঞান দান কৰিলে তাৰ পৰিণাম অমঙ্গলজনক হয় বুলিও উল্লেখ কৰি কৈছে ।
যদিচ পৰমা বিদ্যা দুৰ্জনে মিলয় ।
মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই তেৰাৰ শৰণ সিদ্ধান্ত গ্ৰন্থত ভক্তই নিজৰ জ্ঞান-বুদ্ধিৰ স্তৰ অনুযায়ী তিনি প্ৰকাৰৰ শৰণ গ্ৰহণ কৰিব পাৰে বুলি কৈছে । এই তিনি প্ৰকাৰৰ শৰণ হৈছে - প্ৰথম শৰণ , মধ্যম শৰণ আৰু উত্তম শৰণ ।
জগতৰ প্ৰত্যেক বস্তুতে পৰম পুৰুষ পৰব্ৰহ্ম অনুস্যুত হৈ আছে ।কিন্তু জগতত সৃষ্ট বস্তুসমুহৰ প্ৰতি আমাৰ আসক্তিৰ কাৰণ এনে নহয় যে আমি সৰ্ববস্তুতে ব্যাপ্ত সেই ব্ৰহ্মৰ প্ৰতি আকৰ্ষিত হওঁ ।জগতত ব্ৰহ্মক দেখা নাযায় বা ইয়াত বিশ্বসৃষ্টিৰ সৈতে যুক্ত বিৰাট , হিৰণ্যগৰ্ভ বা ঈশ্বৰকো দেখা নাযায় ।সমগ্ৰ সৃষ্টিয়ে ব্ৰহ্ম , ঈশ্বৰ , হিৰণ্যগৰ্ভ ,বিৰাটৰ ব্যাপ্ত ৰূপ যদিও এইসকলৰ একোৱে আমাক আকৰ্ষিত কৰিব নোৱাৰে । এইসকলৰ আমাক আকৰ্ষণ কৰিব পৰাকৈ একো নথকাৰ কাৰণ হৈছে সৃষ্টিত এইসকল কেতিয়াও আমাৰ দৃষ্টিগোচৰ নহয়। আমি দেখা পাওঁ ৰঙ , বৈচিত্ৰ , পৰ্বত পাহাৰৰ মনোমোহা দৃশ্য , ইত্যাদিৰ প্ৰদৰ্শনী আৰু অন্যান্য অসংখ্য বস্তু যি অতি ৰহস্যময় বিষয় । এই ৰহস্যকে সৃষ্টি বুলি কোৱা হয়।
সৃষ্টিৰ অন্তৰ্গত আমাৰ দৰে এক ব্যক্তি হৈছে এক বিশেষ অৱস্থাৰ গঠন আৰু ইয়াৰ প্ৰকাশ ব্যক্তিবিশেষৰ বুদ্ধিত শুদ্ধ চৈতন্যৰ প্ৰতিফলনৰ ফলত হয় ।শুদ্ধ চৈতন্য সকলো ক্ষেত্ৰতে এক কিন্তু প্ৰতিফলনৰ মাধ্যম বুদ্ধি প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত পৃথক । এনে পৃথক পৃথক মাধ্যমৰ কাৰণে আমি জগতত বিভিন্ন প্ৰকাৰৰ ব্যক্তি দেখা পাওঁ , যিসকলৰ প্ৰত্যেকৰে চিন্তা , দৃষ্টিকোণ , আচৰণ আৰু প্ৰয়োজন পৃথক পৃথক ।
জগতত অসংখ্য মানুহ আছে আৰু প্ৰত্যেকৰে ব্যক্তিত্বৰ পাৰ্থক্য আছে । এই বহুত্ব প্ৰত্যেক ব্যক্তিৰ বুদ্ধি বা অন্তঃকৰণৰ গঠনৰ পাৰ্থক্যৰ ফলত হয় । প্ৰত্যেক ব্যক্তিৰ বুদ্ধিত যি চৈতন্য বা আত্মাৰ প্ৰতিফলন হয় সি এক ,তাত বহুত্ব নাই , কেৱল অন্তঃকৰণৰ গঠনৰ পাৰ্থক্যৰ ফলত প্ৰতিফলনৰ বিভিন্নতা সৃষ্টি হয়। যিদৰে এক ৰঙৰ চিযাঁহীৰে একেখন কাপোৰতে বিভিন্ন ধৰণৰ চিত্ৰ আঁকিব পাৰি, ইও তেনেকুৱা – চৈতন্যৰূপী পট এক , প্ৰতিফলনৰূপী চিয়াঁহী এক কিন্তু চিত্ৰ বিভিন্ন ।এই একে নিয়ম সাধাৰণ পৰুৱাৰ পৰা আৰম্ভ কৰি বৃহৎ হস্তী পৰ্যন্ত , অতি মুৰ্খ মানৱৰ পৰা আৰম্ভ কৰি ঋষি-মুনি তথা উচ্চতৰ দেৱলোকৰ বাসিন্দা পৰ্যন্ত সকোলোৰে বাবে প্ৰযোজ্য ।সৃষ্টিত এনেদৰে স্বতন্ত্ৰ ব্যক্তি বৈশিষ্ট গঠনৰ পিচতে সেই স্বতন্ত্ৰতা ৰক্ষাৰ কাৰণে বুদ্ধিৰ লগত অহংকাৰ সংযুক্ত হয় আৰু অহংচেতনা , শৰীৰ চেতনা , মানসিক চেতনা ইত্যাদি বিভিন্ন ব্যক্তিচেতনা জাগ্ৰত হয় আৰু জীৱ সংসাৰত আৱদ্ধ হয় ।
মুক্তি হৈছে জগতৰ বৈচিত্ৰ মিছা আৰু চৈতন্যৰ একত্বই সত্য বুলি হোৱা সাকাৰাত্ম্ক জ্ঞান – অৰ্থাৎ জগতৰ সত্যতা নাই বুলি জ্ঞান হোৱাৰ লগতে ঈশ্বৰ সত্য বুলি একেলগে হোৱা জ্ঞান । পৰম সত্যৰ জ্ঞানলাভ কৰাৰ পিচৰ অৱস্থাত জগতবিষয়ক বহিৰ্মুখি জ্ঞানক নাকচ কৰাৰ প্ৰয়োজন নাই , জগত সত্য বুলি থকা জ্ঞান বাধাপ্ৰাপ্ত হোৱাহে দৰ্কাৰ । এখন চিত্ৰত গভীৰভাৱে মনোনিবেশ কৰিলে ৰঙৰ আঁৰত থকা চিত্ৰপট জ্ঞানগোচৰ হয় । গভীৰ মনোনিবেশৰ ফলত ৰঙৰ জ্ঞান বাধাপ্ৰাপ্ত হোৱাৰ ফলত এনে হোৱাটো সম্ভৱ হয় । একেদৰে ভালদৰে বিচাৰ কৰি চালে জগতৰ জ্ঞান বাধাপ্ৰাপ্ত হয় আৰু জগতবৈচিত্ৰৰ আঁৰত থকা সৰ্বব্যাপ্ত ব্ৰহ্মচৈতন্য দৃষ্টিগোচৰ হয় । তেনে অৱস্থাতো জগতৰ জ্ঞান থাকিব পাৰে বা আমি বাহিৰৰ জগতখন দেখিব পাৰো কিন্তু লগতে ইয়াৰ কোনো সত্যতা নাই বুলি অনুভৱো থাকিব। এনেকুৱা অৱস্থাপ্ৰাপ্তিকে জীৱনমুক্তি বুলি কোৱা হয় ।
সৃষ্টিৰ সৰ্বত্ৰতে ব্যাপ্ত ব্ৰহ্ম , ঈশ্বৰ , হিৰণ্যগৰ্ভ বা বিৰাট আত্মা বা চৈতন্য স্বৰূপে আমাৰ শৰীৰত সৰ্বদা বিদ্যমান । এই আত্মাৰ বিচাৰ তিনিপ্ৰকাৰে কৰা হয় – মুখ্যাত্মা , গৌণাত্মা আৰু মিথ্যাত্মা। অভ্যন্তৰৰ কূটস্থ বা সত্যস্বৰূপ আত্মাক মুখ্যত্মা বুলি কোৱা হৈছে । ইয়াকে পৰমাত্মা বা কূটস্থ আত্মা বুলিও কোৱা হয় ।
মিথ্যাত্মা হৈছে আমাৰ শৰীৰ অৰ্থাৎ মুখ্যাত্মাক কেন্দ্ৰীভুত কৰি – অন্নময়্, প্ৰাণময় , মনোময় , বিজ্ঞানময় আৰু আনন্দময় – এই পঞ্চকোষৰ ৰূপত গঢ় লৈ উঠা এক মিথ্যাৰ বেষ্টনী । কোষসমূহ সত্যস্বৰূপ পৰমাত্মাত মিথ্যা আৰোপ আৰু সেয়েহে এইবোৰৰ সমষ্টি এই দেহক মিথ্যাত্মা বুলি কোৱা হৈছে ।
তৃতীয় প্ৰকাৰৰ আত্মা হৈছে গৌণাত্মা, অৰ্থাৎ বস্তু , যি আমাৰ আকৰ্ষণীয় আৰু প্ৰিয় । প্ৰিয় বস্তুক সকলোৱে আকোৱালি লয় আৰু নিজৰ আত্মত্বক সেই বস্তুত সমৰ্পণ কৰে ।মানুহে তাকে নিজৰ আত্মা জ্ঞান কৰে । ।মাকে সন্তানক নিজৰ আত্মা হিচাপে জ্ঞান কৰে । কিন্তু সন্তান কিদৰে মাকৰ আত্মা হ’ব পাৰে ? ইয়াৰ কাৰণ মাকে নিজৰ আত্মত্বক সন্তানলৈ স্থানান্তৰিত কৰে । সংসাৰী মানুহে সোণ-ৰূপ ,টকা-পইচা আদিলৈ নিজৰ আত্মত্ব স্থানান্তৰিত কৰে । এনেদৰে অসংখ্য বস্তু আছে যিবিলাকত আমাৰ আত্ম্ত্ব সমৰ্পিত হয় আৰু সেইবিলাকক আমি আত্মা জ্ঞান কৰো ।
যেতিয়ালৈকে কোনো বস্তুৰ ওপৰত আমি আমাৰ আত্মত্ব আৰোপ নকৰো তেতিয়ালৈকে আমি তাক ভাল পাব নোৱাৰো ।বাহিৰত থকা কোনো বস্তুৰ দিশত আত্মাৰ যি বহিৰ্মুখী গতি সিয়ে সেই বস্তুৰ প্ৰতি আমাৰ প্ৰেম ।যি বস্তুত যিমান বেছি আত্মত্ব আৰোপিত হয় , সেই বস্তুৰ প্ৰতি আমাৰ প্ৰেম সিমানে বেছি হয় আৰু তাৰ লগতে আমাৰ আভ্যন্তৰীণ আত্মত্ব সেই অনুপাতে হ্ৰাস হয় । অৰ্থাৎ বস্তুৰ প্ৰতি আমাৰ আত্মত্ব যিমান বৃদ্ধি হয় , সেই অনুপাতে বস্তু প্ৰিয় আৰু অৰ্থব্যঞ্জক হয় আৰু আমাৰ আভ্যন্তৰীণ আত্মাৰ অৰ্থবহতা হ্ৰাসপ্ৰাপ্ত হয় ।এনেদৰে ঘটনাৰ অন্তিম পৰ্যায়ত বিষয়-বস্তু আত্মা যেন প্ৰতীয়মান হয় আৰু সত্য স্বৰূপ আত্মাৰ অনুভুতি সম্পূৰ্ণ ৰূপে বিলুপ্ত হয় ।প্ৰিয় বস্তুকে গৌণাত্মা বুলি কোৱা হয় । এনেদৰে পঞ্চকোষ মিথ্যা আত্মা , কূটস্থ বা আমাৰ অভ্যন্তৰত থকা সৰ্বব্যাপ্ত আত্মা হৈছে মুখ্যাত্মা আৰু প্ৰিয় ,প্ৰিয়তৰ আৰু প্ৰিয়তম বস্তুসমুহ গৌণাত্মা ।
জ্ঞানৰ নিম্নতম স্তৰত অৱস্থিত লোকে মুখ্য আত্মা বা পৰমাত্মাক জানিব নোৱাৰে আৰু পঞ্চকোষৰ আবেষ্টনী স্বৰূপ মিথ্যা আত্মা বা শৰীৰকে আত্মা জ্ঞান কৰে। সেই কাৰণে তেওঁলোকে শৰীৰৰ সৈতে সংযুক্ত স্ত্ৰী –পুত্ৰ আদি সম্বন্ধ সমূহ আৰু শৰীৰক সুখ দিব পৰা ধন-সম্পদ-বিষয় সম্পত্তি ইত্যাদি জাগতিক বস্তুসমুহৰ প্ৰতি আকৰ্ষিত হয়- অৰ্থাৎ নিজৰ আত্মত্বক সিবিলাকত আৰোপ কৰে । যি বস্তুৱে যিমান বেছি আনন্দ দিব পাৰে জাগতিক বস্তু সেই অনুপাতে অধিকতৰ প্ৰিয় হয় ।কিন্তু ইয়াতে মন কৰিব লগীয়া কথা এই যে ইহ জগতৰ কোনো বস্তুৱে আমাক সকলো সময়তে সমানে সুখী কৰি ৰাখিব নোৱাৰে । সাময়িক প্ৰয়োজন অনুসৰি আজি যি বস্তু আমাৰ অতি প্ৰিয়, পৰিবেশ পৰিস্থিতিৰ পৰিবৰ্ত্তনৰ কাৰণে কাইলৈ যদি তাৰ প্ৰয়োজন সমাপ্ত হয় তেন্তে প্ৰিয়ত্বৰো সমাপ্তি ঘটে আৰু অন্য এটা আকৰ্ষণীয় বস্তুলৈ সেই প্ৰিয়ত্ব অৰ্থাৎ আত্মত্ব বদলি হৈ গুচি যায় । ইয়াৰ অৰ্থ হৈছে ব্যৱহাৰিক বাহ্যিক পদাৰ্থৰ ভিতৰত যি বিষয়ত যাৰ আত্মত্ব স্বীকাৰ কৰা উচিত বুলি বিবেচিত হয় সেই বিষয়ত তাৰে প্ৰাধান্য থাকে ,তাত বাদে অন্যৰ প্ৰাধান্য নাথাকে ।গৌণ , মিথ্যা আৰু মুখ্য আত্মাৰ ধাৰণাৰ ভিতৰত এটা বিশেষ ধাৰণাৰ প্ৰতি অতিশয় আসক্তিৰ বশবৰ্ত্তী হৈ মানুহে বাকী দুটাক গৌণ বুলি ভাৱে আৰু এক নিৰ্দিষ্ট পৰিস্থিতিত কোনো বিশেষ উদ্দেশ্য পূৰ্ত্তিৰ অৰ্থে যিকোনো এটাক মুখ্য আত্মা বুলি বিবেচনা কৰে। উদাহৰণ স্বৰূপে মৃত্যুকাল অসন্ন হোৱা ব্যক্তি এজনৰ গৃহ-সম্পত্তি আদি ৰক্ষাৰ বিষয়ত গৌণ আত্মাৰূপ পুত্ৰৰে প্ৰাধান্য স্বীকাৰ কৰা প্ৰয়োজন । ধৰা হওক এজন মানুহৰ মৃত্যু আসন্ন আৰু তেনে সময়ত তেওঁ ইচ্ছা কৰিলে যে মৃত্যুৰ পিচত তেওঁৰ ঘৰ-বাৰী , সা সম্পত্তিৰ সুৰক্ষা হ’ব লাগে । ইয়াক কোনে কৰিব ? বিশ্ব জগতৰ আত্মা বা পৰমাত্মাই নকৰে , কাৰণ ই অপৰিবৰ্ত্তনীয় আৰু বস্তুৰ প্ৰতি অনাসক্ত ।মিথ্যা আত্মা বা শৰীৰেও কৰিব নোৱাৰে কাৰণ ই আসন্ন মৃত্যুৰ কবলত ।এতিয়া তেওঁৰ ইচ্ছা পূৰণ কৰাৰ কাৰণে এটাই বাকী থাকিল – সি হৈছে তেওঁৰ পত্নী , পুত্ৰ ইত্যাদি ।এই ক্ষেত্ৰত আকৌ মনত ৰখা উচিত যে আমি কাৰোবাৰ পুত্ৰক আচলতে তেওঁৰ আত্মা বুলি নকওঁ, কেৱল গৌণ অৰ্থতহে তেনেকৈ কোৱা হয় । যিদৰে পিতৃৰ সা সম্পত্তি ৰক্ষা আদিৰ ক্ষেত্ৰতহে পুত্ৰৰ আত্মত্ব প্ৰযোজ্য হয় কিন্তু অন্য উদ্দেশ্যত নহয় ।এই বিষয়ত মুখ্য আত্মা বা মিথ্যা আত্মাৰ প্ৰাধান্য উপযোগী নহয় ।
যেতিয়া কোনোৱে কয় ‘মই ক্ষীণ , সেয়ে পুষ্টিকৰ আহাৰ খোৱা উচিত্’ , ইয়াত ‘ মই’ ৰ অৰ্থ হৈছে সিজনৰ শৰীৰহে - পুত্ৰ পৰিবাৰ আদি নহয়। এই ক্ষেত্ৰত নিজৰ শৰীৰৰ পুষ্টিৰ কাৰণে অন্ন ভক্ষণৰ হেতু পুত্ৰক নিয়োগ কৰাটো উপযুক্ত নহয় আৰু সেয়েহে ইয়াত পুত্ৰৰ গৌণত্ব স্বীকাৰ কৰিবলগীয়া হয় ।
যদি কোৱা হয় ‘ মই স্বৰ্গ লাভৰ অৰ্থে যজ্ঞ কৰিম তেতিয়া ‘মই’ ৰ দ্বাৰা ব্যক্তি চৈতন্য বা বিজ্ঞানাত্মাক বুজায় ।এনেস্থলত কৰ্ত্তাৰূপী জীৱৰ মুখ্য আত্মত্ব স্বীকাৰ কৰা হয় । ইয়াত শৰীৰ , পুত্ৰ আদিক মুখ্য আত্মা বুলি নুবুজায় কাৰণ যজ্ঞানুষ্ঠানত চান্দ্ৰায়ন অদি ব্ৰত পালন কৰোতে হ্’ব পৰা শাৰীৰিক কষ্ট আওকাণ কৰিও যজ্ঞ কৰিবৰ ববে যজ্ঞকৰ্ত্তা জীৱে সংকল্প কৰিছে ।
আনহাতে যদি কোনোৱে কয় যে ‘মই বদ্ধ অৱস্থাত আছো আৰু মোক্ষ লাভ কৰিব খোজো ’ তেন্তে ইয়াত ‘ মই বা আত্মাৰ’ৰ অৰ্থ সন্তান বা সম্পদ বা শৰীৰ বা আনকি নিজ ব্যক্তি চৈতন্যও হ’ব নোৱাৰে । উপযুক্ত গুৰুৰ সান্নিধ্য আৰু তেনে গুৰুৰ অধীনত কৰা শাস্ত্ৰ অধ্যয়নৰ পৰা জ্ঞান লাভ কৰাৰ পিচৰ অৱস্থাত নিজৰ ভিতৰৰ যি শুদ্ধ চৈতন্য,তাকেহে বুজোৱা হৈছে।এনে জ্ঞান লাভ কৰাৰ পিচত সেই পৰম ব্ৰহ্মক ধ্যান কৰাত বাদে আৰু আন একো কৰিব লগা নাথাকে ।
মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই তিনি প্ৰকাৰৰ শৰণৰ যি বৰ্ণনা কৰিছে তাত জ্ঞানৰ নিম্নতম ,মধ্যম আৰু উচ্চতম স্তৰত অৱস্থিত সকলো প্ৰকাৰৰ ভক্তৰ কাৰণে উপদেশ দিয়া হৈছে। ওপৰোক্ত প্ৰকাৰে আত্মতত্ব বিচাৰৰ দ্বাৰা আত্মজ্ঞান লাভ কৰা ভক্ত জ্ঞানৰ উচ্চতম স্তৰত প্ৰতিষ্ঠিত হয় । তেতিয়া ভক্তই অনুভৱ কৰিব পাৰে যে ভগৱান কৃষ্ণ শুদ্ধ চৈতন্য স্বৰূপ আৰু আত্মাৰূপে নিজ হৃদয়তে অৱস্থান কৰি আছে । লগতে তেওঁ জগতৰ সৰ্বত্ৰতে বা সৰ্ববস্তুতে ব্যাপ্ত সমস্তৰে আত্মাৰ ৰূপত কৃষ্ণ দৰ্শন কৰে । তেনে ভক্তই জগতত পৰম ব্ৰহ্ম পৰমাত্মা স্বৰূপ ভগৱান কৃষ্ণত বাদে আন একো দেখা নাপায় । আনকি তেওঁৰ মিথ্যা আত্মা স্বৰূপ নিজৰ শৰীৰ জ্ঞানো লুপ্ত হয় । ভক্ত প্ৰহ্লাদ , সনক সনন্দাদি মুনি , শুকদেৱ আদি তেনে ভক্তৰ উদাহৰণ । এইসকল মহাত্মাৰ জীৱন ধাৰা আৰু কাৰ্যকলাপ ভাগৱত শাস্ত্ৰত বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে।ওপৰোক্ত প্ৰকাৰৰ তত্ব জ্ঞানত প্ৰতিষ্ঠিত ভক্তই ভগৱানৰ চৰণত উত্তম প্ৰকাৰে শৰণ গ্ৰহণ কৰে বুলি হৰিদেৱ গুৰুজনাই কৈছে –
দেহাৰ আসক্তি ত্যাজি যথাবিধি মতে ।আনহাতে মধ্যম প্ৰকাৰৰ লোকে শৰীৰ সূত্ৰে লাভ কৰা সম্বন্ধ সমুহ যেনে স্ত্ৰী, পুত্ৰ, কন্যা, আত্মীয়-স্বজন,বংশ-পৰিয়াল ইত্যাদি নিকট সান্নিধ্যৰ ব্যক্তি সকলত নিজৰ আত্মত্ব সমৰ্পিত কৰে । যি সম্বন্ধ যিমান নিকটতৰ নিজৰ আত্মত্বও সেই অনুপাতে সমৰ্পিত হয় । সেই সকলক সুখ-স্বাচ্ছন্দ্যত ৰাখিবৰ বাবে দিন ৰাতি অহোপুৰুষাৰ্থ কৰে । অতি নিকটতম সম্বন্ধ হিচাপে গণ্য হোৱা হেতুকে নিজৰ পুত্ৰ-কন্যা-পৰিবাৰত অধিকতম আত্মত্ব সমৰ্পিত হয় আৰু নিজৰ মৃত্যুৰ পিচতো এই সকল আত্মীয় যাতে সুখ-স্বাচ্ছন্দ্যত থাকিব পাৰে তাৰ কাৰণে অশেষ কষ্ট স্বীকাৰ কৰি ধন-সম্পদ সঞ্চয় কৰে । এইসকল ভক্তই যেতিয়া ভগৱান কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি শ্ৰৱণ-কীৰ্ত্তনাদি ভক্তি আচৰণত লিপ্ত হয় তেতিয়া অনুভৱ কৰিব পাৰে যে স্ত্ৰী-পুত্ৰাদি যিসকল নিকটাত্মীয়ৰ কুশল-মঙ্গলৰ দায়িত্ব তেওঁলোকে নিজৰ বুলি ভাবি লৈছে প্ৰকৃততে সেই সকলৰ সমস্ত দায়িত্ব ভগৱানেহে বহন কৰে । আত্মীয় পৰিজন সকলৰ সৈতে আমাৰ সম্বন্ধ যাত্ৰাপথত লগ পোৱা পথিকৰ লগত হোৱা সাক্ষাতৰ দৰে ক্ষন্তেকীয়া । যিমান দিনলৈকে শৰীৰ থাকে সিমান দিনলৈকেহে এইসকলৰ সৈতে সম্পৰ্ক থাকে । এই সকলৰ প্ৰকৃত স্বৰূপ হৃদয়ঙ্গম কৰাৰ পিচত নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা বিবেচনা নকৰাকৈ উপযুক্তভাৱে অথাৎ নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা বিবেচনা নকৰাকৈ ব্যৱহাৰ কৰিব পাৰিলে এইসকল নিকটাত্মীয় ব্যক্তি ভক্তি সাধন পথৰ সহায়ক হয় । এনে ধৰণৰ জ্ঞানত প্ৰতিষ্ঠিত ভক্তই মধ্যম প্ৰকাৰে ভগৱানৰ শৰণ গ্ৰহণ কৰে বুলি গুৰুজনাই উল্লেখ কৰিছে-
পুত্ৰ কলত্ৰ মিত্ৰ ধন গৃহ আদি ।জ্ঞানৰ নিম্নতৰ স্তৰত অৱস্থিত ব্যক্তি সদা সৰ্বদা নিজৰ স্বাৰ্থসিদ্ধি বিষয়ত অত্যন্ত তৎপৰ হৈ থাকে । নিজৰ ব্যক্তিগত সুখ-স্বাচ্ছন্দ্যৰ কাৰণে ধন-সম্পদ-গৃহ-পশু আদিৰ কামনা কৰি তেনে কাম্য বস্তু লাভৰ অৰ্থে নিজৰ মন-বুদ্ধিৰ সমস্ত শক্তি প্ৰয়োগ কৰি অহোপুৰুষাৰ্থ কৰে । তেনে ব্যক্তিয়ে নিজৰ কাম্য বস্তু প্ৰাপ্তিৰ সম্ভৱনা দেখিলে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা ,বলি-বিধান , তীৰ্থ পৰ্যটন আদি কৰ্মত লিপ্ত হয় । হৰিদেৱ গুৰুজনাই কৈছে যে তেনে ব্যক্তিয়ে যদি কিবা প্ৰকাৰে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি তেওঁৰ গুণ-লীলা- কথা ইত্যাদি শ্ৰৱণ কীৰ্ত্তনাদিত মন সংযোগ কৰিব পাৰে আৰু বুদ্ধি প্ৰয়োগ কৰি তাক বুজাৰ চেষ্টা কৰে তেন্তে তেওঁ অনুভৱ কৰিব পাৰে যে যিবিলাক বস্তুৰ পৰা সুখ স্বাচ্ছন্দ্য আহৰণ কৰিব পাৰি বুলি ভবা হয় কাৰণে অতি প্ৰিয় বস্তু বুলি গণ্য কৰা হয় সেইসমুহো দিয়াৰ প্ৰকৃত অধিকাৰী হৈছে ভগৱান কৃষ্ণ । তেওঁৰ দ্বাৰা প্ৰবৰ্ত্তিত বিধান অনুসৰিহে অন্য দেৱী দেৱতাই তেওঁলোকৰ মনোকামনা পূৰ্ণ কৰিব পাৰে বা তীৰ্থযাত্ৰা তথা অন্যান্য ধৰ্ম অনুষ্ঠানৰ সুফল হিচাপে কাম্য বস্তু লাভ কৰা সম্ভৱ ।জ্ঞানৰ নিম্নতৰ স্তৰত অৱস্থিত ব্যক্তিয়ে ভগৱান কৃষ্ণৰ আৰাধনাৰ দ্বাৰা নিজৰ কাম্য বস্তু লাভ কৰিব পাৰে কাৰণে সেইবোৰৰ আকাঙ্ক্ষা কৰি অন্য দেৱ-দেৱীৰ শৰণাপন্ন হোৱাৰ প্ৰয়োজন নহয় । তদুপৰি এবাৰ ভগৱান কৃষ্ণৰ পাদপদ্মত আশ্ৰয় লাভ কৰাৰ পিচত তেওঁৰ লীলা-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰাৰ প্ৰবৃত্তি জন্মে। অবিৰতভাৱে ভগৱান কৃষ্ণৰ লীলা-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰি থাকিলে চিত্ত-মন-বুদ্ধি যুক্ত অন্তঃকৰণ ক্ৰমান্বয়ে নিৰ্মল হৈ থাকে আৰু ভক্ত ক্ৰমান্বয়ে জ্ঞানৰ উচ্চতম স্তৰ বা জীৱন্মুক্ত অৱস্থালৈ গতি কৰি থাকে ।
ভৱ সংসাৰ দুঃখ পাপ নিবৃত্তি হেতু ।গতিকে মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই শৰণ সম্পৰ্কত যি জ্ঞান আমাক দি গৈছে সি মহাজ্ঞানসম্পন্ন ব্যক্তিৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে ধৰি সকলো শ্ৰেণীৰ লোকৰ বাবে মুক্তি পথৰ নিৰ্দেশনা বুলি ক’ব পাৰি ।
গুৰুজনাৰ ওপৰোক্ত মত ভাগৱত শাস্ত্ৰৰ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত । যিসকলৰ ব্ৰহ্মপ্ৰাপ্তি আৰু মোক্ষলাভৰ জ্ঞান নাই , কেৱল সামান্য ঐহিক সুখ , যশস্যা ,কীৰ্ত্তি ,ধন , সম্পদ আদি পাবলৈ বাঞ্ছা কৰে তেওঁলোকে নিজ নিজ কামনা অনুসৰি অন্যান্য দেৱতা সকলৰ উপাসনা কৰিব পাৰে । এই সম্পৰ্কে ভাগৱতৰ ২.৩.২-৯ শ্লোকসমুহত এনেদৰে কোৱা হৈছে – ‘ ব্ৰহ্মতেজ কামী ব্যক্তিয়ে বৃহস্পতিক , ইন্দ্ৰিয় সামৰ্থ্যকামীয়ে ইন্দ্ৰক , সন্তানকামীয়ে প্ৰজাপতিক , ঐশ্চৰ্যকামীয়ে যোগমায়া বা দুৰ্গাদেৱীক , তেজস্কামী ব্যক্তিয়ে অগ্নিক , ধনকামীয়ে বসুসকলৰ , বীৰ্যকামীয়ে ৰুদ্ৰসকলৰ, যিসকলে ভোজ্য ভক্ষ আদি কামনা কৰে তেওঁলোকে অদিতিৰ , স্বৰ্গাভিলাষী ব্যক্তিয়ে দ্বাদশ আদিত্যৰ , ৰাজ্যাভিলাষীয়ে বিশ্বদেৱগণৰ আৰু যিসকল ব্যক্তিয়ে বহু প্ৰজাক নিজৰ বশ কৰি ৰাখিব বিচাৰে তেওঁলোকে সাধ্যসকলৰ উপাসনা কৰা উচিত ইত্যাদি । এনেদৰে কি কামনা পূৰণৰ অৰ্থে কোন দেৱতাক আৰাধনা কৰিব লাগে তাৰ বিস্তৃত বিৱৰণ দিয়াৰ অন্তত ভাগৱতৰ ২-৩-১0 শ্লোকত কোৱা হৈছে যে যি ব্যক্তিৰ মোক্ষ বিষয়ক জ্ঞান তথা মুক্তি লাভৰ আকাঙ্ক্ষা আছে কিন্তু ঐহিক কাম্য বস্তুৰ প্ৰতি অভিলাষ ত্যাগ কৰিব পৰা নাই তেওঁ কাম্য বস্তু লাভ কৰাৰ অৰ্থে অন্য দেৱতাৰ উপাসনা নকৰি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তেনে কাম্য বস্তুৰ প্ৰাৰ্থনা কৰা উচিত ।
অকামঃ সৰ্বকামো বা মোক্ষকাম উদাৰধীঃ ।বুদ্ধিমান পুৰুষ নিষ্কামেই হওক , সৰ্বপ্ৰকাৰৰ কামানাযুক্তই হওক অথবা মোক্ষাভিলাষীয়ে হওক-গভীৰ ভক্তি সহকাৰে কেৱল মাত্ৰ পুৰুষোত্তম ভগৱানক আৰাধনা কৰা উচিত ।
ভাগৱতৰ ৭.৯.২৬ শ্লোকত কোৱা হৈছে ভগৱান প্ৰাৰ্থনা অনুসৰি ফলদাতা কল্পতৰুৰ দৰে – কামনাযুক্ত ভক্তিৰ ফল , নিষ্কাম ভক্তিৰ ফল অথবা মোক্ষ – ভক্তই যি বিচাৰে তাকে তেওঁ দান কৰে । তদুপৰি মুক্তিদানৰ শক্তি ভগৱান কৃষ্ণত বাদে অন্য কোনো দেৱতাৰ অধিকাৰত নাই ।হৰিদেৱ গুৰুজনাই কৈছে –
দেৱ নাৰায়ণ বিনে নাহি শ্ৰেষ্ঠতৰ ।অন্য দেৱতা পৰমেশ্বৰৰ নিৰ্দিষ্ট বিধানমতে প্ৰাৰ্থনা অনুসৰি ঐহিক ফল দিয়াত সমৰ্থ যদিও মুক্তিদানৰ সামৰ্থ্য তেওঁলোকৰ নাই । আনকি তেওঁলোকৰ নিজৰ মুক্তিও একমাত্ৰ ভগৱান কৃষ্ণৰ অনুগ্ৰহতহে হ’ব পাৰে । সেই কাৰণে ভাগৱতত উপদেশ দিয়া হৈছে যে মোক্ষাকাঙ্ক্ষী সাধকৰ কোনো কাম্য বস্তু প্ৰাপ্তিৰ অভিলাষ থাকিলে তেওঁ সেই বস্তু প্ৰাপ্তিৰ অৰ্থে কেৱল মাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত ।
(বিঃদ্ৰঃ ওপৰোক্ত তিনি প্ৰকাৰৰ শৰণ উপদেশতে হৰিদেৱ গুৰুজনাৰ সম্পূৰ্ণ ধৰ্ম তত্ব নিহিত হৈ আছে বুলি এই লিখকৰ ধাৰণা বিষয়টো যিমানদূৰ সম্ভৱ বিস্তৃতভাৱে অধ্যয়ন কৰি আমি বিস্তাৰিত ভাৱে লিখি উলিয়াইছো আৰু সুবিধা পালে প্ৰায় এশ পৃষ্ঠাৰ কিতাপ আকাৰে প্ৰকাশ কৰাৰ ইচ্ছা আছে আমাৰ সেই লিখনীৰ পৰা যথাসম্ভৱ চমু আকাৰে কাটি প্ৰৱন্ধটো প্ৰকাশ কৰা হৈছে ।)
জুন মাহৰ তিনি তাৰিখ ৰবিবাৰে উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ ৪২ তম বাৰ্ষিক বঙাইগাঁও অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ দ্বিতীয় খন সাধাৰণ সভা দোলাই গাওঁ শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত মাননীয় শ্ৰীযুত ফনীভূষন চৌধুৰী ৰ সভাপতিত্তত অনুস্হিত হৈ যায়। সভাত উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ কেন্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত কুলৰঞ্জন ভূঞা ,সাধাৰন সম্পাদক শ্ৰীযুত কৰুনা কান্ত তালুকদাৰ,সহকাৰী সম্পাদক শ্ৰীযুত শৈলেন তালুকদাৰ, কোষাধ্যক্ষ শ্ৰীযুত বিমল আগৰৱালা আৰু সক্ৰিয় সদস্য শ্ৰীযুত গৌতম গোস্বামী উপস্থিত থাকি অহা ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১, ২ আৰু ৩ তাৰিখে অনুস্হিত হব লগা অধিবেশনৰ বিষয়ে আলোচনা কৰাৰ উপৰিও উপ-সমিতি বিলাক গঠন কৰে । সভাপতি আসন গ্ৰহণ কৰাৰ পিচত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অভ্যৰ্থনা সমিতিৰ সাধাৰন সম্পাদক শ্ৰীযুত ৰামেশ্বৰ চৌধুৰী। ইয়াৰ পিচত উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘ হৈ কেন্ৰীয় কমিটিয়ে মাননীয় শ্ৰীযুত ফনীভূষন চৌধুৰী ক এখন চেলেং চাদৰ,এখন শৰাই,এটা জপি,এটা কিতাপৰ টোপোলা আৰু এখন মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। সভাত অধিবেশনৰ বিষদ আলোচনা হোৱাৰ পিচত সভাপতিৰ সাৰুৱা ভাষণেৰে সভাৰ সমৰনি মাৰে ।
সহকাৰী সম্পাদক শ্ৰীযুত শৈলেন তালুকদাৰ, উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘ
***************************************
দোলাইগাওঁ হৰিদেৱ সত্ৰত স্বৰ্গীয়া ধৰ্মেশ্বৰী দেৱীৰ নামত তোৰণৰ শিলান্যাস
দোলাইগাওঁ হৰিদেৱ সত্ৰত মাতৃ স্বৰ্গীয়া ধৰ্মেশ্বৰী দেৱীৰ নামত তেওঁৰ পুত্ৰসবে মিলি এখন তোৰণ দান ৰূপে দিবলৈ সিদ্ধান্ত কৰে। সেই উপলক্ষে ইং 22/10/2018 তাৰিখে আধাৰশিলা স্থাপন কৰা হয় । ইয়াৰে কিছু দৃশ্য ইয়াত দিয়া হ'ল
******************************************
যোৱা ১২ আৰু ১৩ জুন ২০১৮ (ইং) তাৰিখে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ পূণ্য তিথি আন প্ৰতিবছৰৰ দৰেই উলহ-মালহেৰে বহৰি সত্ৰত উদযাপন কৰা হয়। ১২ জুন গধুলি গোন্ধোৎসৱৰ বন্তি জোলোৱা সময়ত অৰু ১৩ জুন তাৰিখে পিণ্ড দান কৰাৰ সময়ৰ কিছু চিত্ৰ দিয়া হ’ল ।
******************************************
নমস্কাৰযোৱা ১২ আৰু ১৩ জুন ২০১৮ (ইং) তাৰিখে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ পূণ্য তিথি আন প্ৰতিবছৰৰ দৰেই উলহ-মালহেৰে বহৰিস্থিত হৰিপুৰ সত্ৰত উদযাপন কৰা হয়।
এই বছৰ এই উৎসৱ হৰিপুৰ সত্ৰৰ নতুনকৈ নিৰ্মান কৰি থকা মন্দিৰটোত অনুস্থিত কৰা হয়। ১২ তাৰিখে গধুলি গোন্ধোৎসৱৰ বন্তি জোলোৱা সময়ত তোলা এই ফ'টো খনত নৱনিৰ্মিত মন্দিৰৰ ভিতৰৰ নিৰ্মিয়মান বিগ্ৰহ সমুহ এক আকৰ্শণীয় ৰূপত দেখা যায়।
শ্ৰী শিৱৰঞন গোস্বামী, হৰিপুৰ সত্ৰ, বহৰি
গুৰুজনাৰ অসম মুলুকলৈ অহা প্ৰথম জন পূৰ্বপুৰুষ পণ্ডিত দ্বিজ নৰোত্তমৰ বংশৰ সূৰ্যবৰৰ দুই পুত্ৰ অজনাভ আৰু পদ্মনাভ । অজনাভৰ পুত্ৰ মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ আৰু পদ্মনাভৰ পুত্ৰ বিখ্যাত পণ্ডিত, কোচবিহাৰৰ মহাৰাজ নৰনাৰায়ণৰ সভাপণ্ডিত তথা সংস্কৃতি ব্যাকৰণ "ৰত্নমালা" ৰ ৰচয়িতা পুৰুষোত্তম বিদ্যাবাগীশগুৰুজনাৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ সক্ৰাহি গাওঁত ১৩৪৮ শক বা খ্ৰীষ্টীয় ১৪২৬ চনত ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত । গুৰুজনাৰ প্ৰাথমিক শিক্ষা পণ্ডিত গোবিন্দদেৱৰ তত্বাৱধানত শুভাৰম্ভ হৈছিল । ৯ বছৰ বয়সত সংস্কৃত পাণিনি ব্যাকৰণৰ লগতে বেদ আৰু ধৰ্ম-শাস্ত্ৰৰ শিক্ষা পিতৃ অজনাভৰ পৰা পাইছিল । পৰবৰ্তী কালত এই গোবিন্দ পণ্ডিতে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ জ্ঞানী গোবিন্দ নামেৰে পৰিচিত হৈছিল ।
গুৰুজনাৰ ১০ বছৰ বয়স হওঁতে তেওঁৰ নুমলীয়া ভনীয়েক সুভদ্ৰা দেবীৰ জন্ম হয় । মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ মাত্ৰ ১৬ বছৰ বয়সত ১৩৬৪ শকত তেওঁৰ পিতৃ স্বনামধন্য শাস্ত্ৰজ্ঞ পণ্ডিত অজনাভ দেবৰ মৃত্যু হয় । স্বামীৰ জলন্ত চিতাত আচম্বিতে জাপ দি মাতৃ পাৰিজাতী দেৱীও সতী যায় ।
প্ৰখৰ বুদ্ধিমত্তা, অসাধাৰণ পাণ্ডিত্য, ধৰ্ম-শাস্ত্ৰৰ জ্ঞান, ঈশ্বৰ ভক্তি পৰায়ণতা, ধৰ্মনিষ্ঠাৰে সমাদৃত ঐশ্বৰিক ব্যক্তিত্ব, গুণ, গৰিমা, যশ দশোদিশ বিয়পি পৰিছিল গুৰুজনাৰ নিচেই কম বয়সৰ পৰা । কলুষিত অনীতি, ধৰ্মবিৰোধী আচাৰ আদিৰ কৰাল গ্ৰাস ধৰ্মৰ বাণীৰে মানুহৰ মনৰ পৰা আঁতৰাই সুস্থিৰ সমাজ ব্যৱস্থা গঠনৰ হোতা শ্ৰীশ্ৰী হৰিদেৱ মহা প্ৰভু সাক্ষাৎ ঈশ্বৰৰ প্ৰেৰিত দেৱদূত ।।।।
খৃষ্টীয় ১৪৪২ চনত সৌমাৰৰ ৰজা চুচেনফা, টংচু নগাৰ সতে হোৱা এখন যুদ্ধত পৰাস্ত হয় । মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ধৰ্মৰ প্ৰভাৱত সৈন্য সকলৰ মাজত সোমাই পৰা আহাৰ-বিহাৰৰ বাচবিচাৰ আদিৰ বাবে সৈন্য সকল নিশকতীয়া হৈ পৰাটোৱেই পৰাজয়ৰ প্ৰধান কাৰণ বুলি ৰজাৰ বিবেচিত হোৱাত গুৰুজনা ৰাজ-ৰোষত পাৰে । ভনীয়েক সুভদ্ৰাক লৈ দৈৱশক্তিৰে কিছুসংখ্যক ভক্ত সহিতে গুৰুজনা নাৰায়ণ পুৰৰ পৰা পিতাকে পতা পঢ়াশালি অশ্বক্লান্ত আহি পালে ।
গুৰুজনাৰ অশ্বক্লান্ত আহি পোৱাত কথিত আছে যে অশ্বক্লান্তৰ জনাৰ্দন মন্দিৰত গুৰুজনাৰ প্ৰৱেশ হোৱাৰ লগে লগে দুৱাৰ আপোনা আপুনি বন্ধ হয়। এগৰাকী শুভ্ৰবেশী জটাধাৰী সন্যাসীয়ে হৰিদেৱক দীক্ষামন্ত্ৰ দিয়াৰ পিছতহে দুৱাৰ খোল খায় । অশ্বক্লান্তৰ পৰা গুৰুজনাই হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ আৰু কেদাৰৰ শিৱমন্দিৰ দৰ্শন কৰে
অশ্বক্লান্তৰ পৰা গুৰুজনাই হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ আৰু কেদাৰৰ শিৱমন্দিৰ দৰ্শন কৰাৰ পিছত পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যায়। হৰিদেৱ মহাপ্ৰভু জগন্নাথৰ একান্ত মনে স্তুতি কৰি থকাৰ সময়তে ৮ বছৰীয়া ভনীয়েক সুভদ্ৰাদেবী হঠাতে মূৰ্চ্ছা যায় আৰু ইহলীলা সম্বৰণ কৰে ।
গুৰুজনাৰ দেউতাক শাস্ত্ৰজ্ঞ পণ্ডিত অজনাভক অশ্বক্লান্তৰ পৰা নাৰায়ণ পুৰলৈ নিয়া ব্ৰাহ্মণ নিত্যানন্দৰ পুত্ৰ গোবিন্দ ব্ৰাহ্মণ হৰিদেৱৰ লগত সৰ্ব্বদা সহচৰ হিচাপে থাকিছিল । পুৰীত কিছুদিন থাকি গোবিন্দ ব্ৰাপাণ্ডাৰ ঘৰত থাকে । সিদ্ধপুৰুষ হৰিদেৱে অতি কম বয়সতে বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি সকলো ঠাইতে মোহনীয় শক্তিৰে তেওঁৰ সান্নিধ্যত অহা লোকসকলক আকৰ্ষণ কৰিব পাৰিছিল আৰু আপোন কৰি লব পাৰিছিল ।হ্মণক লৈ গুৰুজনা বৈদ্যনাথলৈ যায় আৰু তাত দিনমণি নামৰ এজন পাণ্ডাৰ ঘৰত থাকে । গুৰুজনা বৈদ্যনাথৰ পৰা গায়া, কাশীধাম, প্ৰয়াগ, বৃন্দাবনলৈ যায় আৰু বদ্ৰীনাথৰ ধাম পৰিভ্ৰমণ কৰি পুনৰ বৃন্দাবন, প্ৰয়াগ হৈ কাশীধামলৈ আহি হৰলাল
কাশি ধামত চাৰি বছৰ হৰলাল পাণ্ডাৰ ঘৰত থাকি গুৰুজনাই বিখ্যাত বেদজ্ঞ পণ্ডিত আচাৰ্য্য শ্ৰদ্ধানন্দ বেদাচাৰ্য্যৰ তলত বেদ আৰু দৰ্শন শাস্ত্ৰৰ কঠিন গূঢ়তত্ব খৰচি মাৰি অধ্যয়ন কৰে । প্ৰখৰ বুদ্ধিমত্তা সম্পন্ন হৰিদেৱ মহাপ্ৰভূৱে অতি কম সময়ৰ ভিতৰতে আচাৰ্য্য শ্ৰদ্ধানন্দ বেদাচাৰ্য্যৰ পৰা বেদ আৰু শাস্ত্ৰৰ গূঢ়তত্ব অধ্যয়ন কৰি বেদজ্ঞ আৰু দৰ্শন শাস্ত্ৰজ্ঞ হৈ পৰিল ।
কাশীধামত বেদ আৰু দৰ্শন অধ্যয়ন কৰি থাকাৰ সময়ত আত্মোপলব্ধিৰ বাবে তাৰ ব্যৱহাৰিক প্ৰয়োগ, অধ্যাত্মিক সাধনা আৰু যোগ দৰ্শনতো ব্ৰতী হৈছিল । প্ৰতি মাহৰ কৃষ্ণা-চতুৰ্দশী তিথিত অহোৰাত্ৰ অনাহাৰে থাকি কঠোৰ ব্ৰত পালন কৰি বিশ্বেশ্বৰ মন্দিৰত শিৱৰ ধ্যান আৰু স্তুতি কৰি কটাইছিল ।
এই স্তুতিৰ মাজতে গুৰুদেৱ এদিন স্ৱপ্নাদিষ্ট হল আৰু সপোনত পোৱা নিৰ্দ্দেশ অনুসৰি অমৱস্যা তিথিত সম্পূৰ্ণ ব্ৰতত থাকি এক দৈৱ ডম্বৰুৰ শব্দ অনুসৰণ কৰি গঙ্গাৰ পাৰৰ এজোপা বেল গছৰ ওচৰলৈ যায় । তাতে এজনা অচিনাকি জটাধাৰী সন্যাসী আহি গুৰুজনাক আশিৰ্ব্বাদ দি সোনৰ কবচ এটা হাতত দি কলে, সেয়া শ্ৰীকৃষ্ণ-কৱচ । শ্ৰীকৃষ্ণ-কৱচ নিস্থাৰে ধাৰণকৰীয়ে কোনো আপদে বিপদে নপৰে আৰু একোলৈ ভয় নাথাকে, সাতকুৰি বছৰ পৰমায়ু হয় । সাতকুৰি বছৰত এই শ্ৰীকৃষ্ণ-কৱচ নিজে নিজে অন্তৰ্ধান হব বুলিও জটাধাৰীয়ে ভৱিষ্যত বানী কৰে, আৰু তেতিয়াই হৰিদেৱৰ প্ৰানবায়ু দেহ ত্যাগ কৰিব ।
গুৰুজনাই বেদ আৰু দৰ্শন অধ্যয়ন সমাপ্ত কৰি উভতিবৰ সময়ত বিদায় দিয়াৰ উপলক্ষে আচাৰ্য্য শ্ৰদ্ধানন্দ বেদাচাৰ্য্য দেৱে তেখেতৰ পঢ়াশালিতে কাশীৰ পণ্ডিত সকলৰ এখন সভা পাতিলে । মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ অলৌকিক পাণ্ডিত্যৰ কাহিনীবিলাক শুনি কামৰূপৰ এজন বিশিষ্ট পণ্ডিত পুৰুষোত্তম সেই সভাত উপস্থিত হৈছিল আৰু দুই ভাতৃ হৰিদেৱ আৰু পুৰুষোত্তমদেৱৰ পুনৰমিলন হয় । আচাৰ্য্য শ্ৰদ্ধানন্দ বেদাচাৰ্য্যই সেই সভাত হৰিদেৱৰ অসধাৰণ বুদ্ধিমত্তা, পাণ্ডিত্যৰ কথা বিবৰিলে আৰু বেদ দৰ্শন আচাৰ্য্যৰ উপধিৰে গুৰুজনাক বিভূষিত কৰিলে ।
তাৰ পৰা বিদায় লৈ হৰিদেৱ, পুৰুষোত্তমদেৱ, গোবিন্দ আৰু লগতে ৰামপাল আৰু হৰিপাল নামৰ দুই বৈশ্যৰ সহিতে পুৰীলৈ আহে ।
পুৰীত বিশ্বম্ভৰ মহাপাত্ৰৰ ঘৰত গুৰুজনা স্ৱপ্নাদিষ্ট হল যে, পুৰিৰ জগন্নাথ মন্দিৰত থকা মূল ভাগৱত খন পাঁচ বছৰ মন্দিৰৰ বিগ্ৰহৰ সমুখত পাঠ কৰিব লাগে । ৰতিপূৱা জগন্নাথ মন্দিৰৰ আন চাৰিজন মহাপাত্ৰইও অনুৰূপ সপোন দেখা বুলি জানিব পাৰি হৰিদেৱ আচৰিত হয় । পণ্ডিত পুৰুষোত্তম তাৰ পৰা নবদ্বীপলৈ যায় আৰু প্ৰভূৰ ইচ্ছানুযায়ী গুৰুদেৱে যথাৰীতি পাচ বছৰ কাল জগন্নাথ মন্দিৰত থাকি ভাগৱত পাঠ কৰে । ভাগৱত পাঠ সামৰণি হোৱাত মন্দিৰৰ মহাপাত্ৰ সকলে হৰিদেৱ গুৰুজনাক ভাগৱত আচাৰ্য্য উপাধি প্ৰদান কৰে ।
পণ্ডিত পুৰুষোত্তম পুনৰ কাশিলৈ আহে আৰু হৰিদেৱ আৰু সহচৰ সকলৰ সৈতে তাৰ পৰা বিদায় লৈ পুনৰ নবদ্বীপলৈ যায় ।
নবদ্বীপত কিছুদিন থাকি হৰিদেৱ, পুৰুষোত্তমদেৱ আৰু সহচৰ সকল সমন্বিতে কামৰূপলৈ আহি পিতৃপুৰুষ সকলৰ পুৰ্ব্স্থান বহৰিলৈ আহে ।
প্ৰবাদ আছে, বহৰি আহি পোৱাৰ পিছতে বাৰজন দুষ্ট প্ৰকৃতিৰ লোকে হৰিদেৱৰ অন্যায় কৰিবলৈ চেষ্টা কৰে আৰু এগৰাকী বেশ্যাই নানা লয়লাস ভঙ্গীমাৰে হৰিদেৱক আকৃষ্ট কৰিবলৈ চেষ্টা কৰে । মহাপুৰুষ হৰিদেৱৰ কোপদৃষ্টিত আটায়কেইজন মূৰ্চ্ছিত হয় । গুৰুজনাৰ মাহাত্ম্য দেখি আটাইকেইজনে হৰিদেৱৰ শৰণ লয় । মহাপুৰুষ হৰিদেৱে এই বাৰ ভকতৰ হতুৱাই হৰি মন্দিৰ, নামঘৰ আৰু দৌল এটা তৈয়াৰ কৰিলে । এই হৰি মন্দিৰত বাসুদেৱ বিগ্ৰহ স্থাপন কৰি নিত্য পূজা সেৱা, নাম-প্ৰসঙ্গ আৰু ভাগৱত পাঠৰ ব্যৱস্থা কৰি ১৩৭৫ শকত বহৰিত সত্ৰ স্থাপন কৰিলে । গুৰুজনাৰ গুণ গৰিমা,মাহাত্ম্য চৌদিশে বিয়পি পৰাত বহৰি সত্ৰলৈ নিতৌ নানা লোক আহি ধৰ্মৰ কথা শুনিব আৰু নাম প্ৰসঙ্গত যোগ দিব ধৰিলে । পুৰুষোত্তম পণ্ডিতে মোমায়েকৰ গাওঁ শিলাত পঢ়াশালি পাতি থাকিব ল’লে ।
কিছুদিন বহৰিত এইদৰে থাকি বাৰজন ভক্তৰ হাতত সত্ৰৰ দায়িত্ব অৰ্পণ কৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ আন এক নিৰ্জন স্থানত আশ্ৰম পাতি থাকিব ল’লে । এই আশ্ৰমত ভক্তসকলে পঞ্চৱতী বৃক্ষ ৰোপণ কৰে আৰু গুৰুৰ কাৰণে ঘৰ , হৰিমন্দিৰ নিৰ্মাণ কৰি দিলে । এই আশ্ৰমত হৰিদেৱে লক্ষ্মীনৰায়ণ বিগ্ৰহ স্থাপন কৰি ধৰ্ম চৰ্চ্চা আৰু আৰু ভক্তসকলক শৰণ ভজন আৰু দীক্ষা দি ধৰ্ম প্ৰৱৰ্ত্তাই থাকিল । এই আশ্ৰমক ভক্তসকলে প্ৰথমতে হৰিদেৱাশ্ৰম আৰু পিছত গুৰুদেৱাশ্ৰম নামেৰে নামাকৰণ কৰিছিল ।
গুৰুদেৱাশ্ৰমত থকা সময়তে ভক্তসকলৰ অনুৰোধত হৰিদেৱ গুৰুৱে কৃষ্ণকান্ত অধ্যাপকৰ কন্যা তিলোত্তমা দেৱীক বিয়া কৰায় । হৰিদেৱৰ প্ৰথম সন্তান ভুৱনেশ্ৱৰী দেৱী,তাৰ পিছত পুত্ৰ সন্তান দামোদৰ আৰু পিছত বনমালা নামে এজনী কন্যা জন্মে । বিধিৰ বিধান নাযায় খণ্ডন , পুত্ৰ দামোদৰ অকালতে কছৰা বিলত সাতুৰি পাৰ হওতে অকস্মাতে ডুবি ইহলীলা সামৰে । পুত্ৰৰ শোকত আতুৰ নহৈ হৰিদেৱ গুৰুৱে শ্ৰাদ্ধাদি প্ৰেতকৰ্ম সমাপন কৰি পুনৰ ঈশ্বৰ সেৱাত ব্ৰতী হয় ।
হৰিদেৱ গুৰুৱে তেওঁৰ আশ্ৰমৰ পৰা মহাপুৰুষ শঙ্কৰদেৱৰ পাট্-বাউসী স্ত্ৰলৈ খোজ কাঢ়ি অহা-যোৱা কৰি তত ভাগৱত পাঠ কৰে আৰু বাখ্যা কৰি সকলোকে শুনায় ।
হৰিদেৱে গুৰুদেৱাশ্ৰমৰ পৰা পাটবাউসীলৈ ভগৱত পাঠ কৰিবলৈ অহা যোৱা কৰোঁতে ভালেমান অলৌকিক কাম কৰিছিল বুলি চৰিত পুথিত বৰ্ণিত আছে । বাঘ,বনৰীয়া ম’হ আদিয়ে বাটত আক্ৰমণ কৰাত গুৰুদেৱে এই হিংস্ৰ জন্তুবোৰকো কেনেকৈ বশ কৰাৰ আচৰিত কাহিনী চৰিত পুথিত পোৱা যায় । হৰিদেৱ মহাপুৰুষ আছিল সাধনা-সিদ্ধ যোগী পুৰুষ, শাস্ত্ৰজ্ঞ পণ্ডিত আৰু পৰম বৈঞ্চৱ । তেওঁ প্ৰকৃততে সৰ্বভূতময়ো বিঞ্চুতত্ব উপলব্ধি কৰিছিল,কোনো প্ৰাণীক হিংসা নকৰি বিঞ্চুৰ সৃষ্টি জীৱ আৰু একে আত্মা সৰ্বত্ৰ বিৰাজমান এই তত্ব উপলব্ধি কৰি সকলোকে আপোন কৰি লব পাৰিছিল বাবেই এনে নিৰাশক্ত ভাবে আছৰিত কামবিলাক কৰিব পাৰিছিল ।
মহাপুৰুষ হৰিদেৱ গুৰুদেৱাশ্ৰমত থাকোঁতে এদিন মহাপুৰুষ শংকৰদেৱে দামোদৰ দেৱৰ লগত আলোচনা কৰি আটাইকৈজনৰ ভিতৰতে বয়সত আৰু জ্ঞানত শ্ৰেষ্ঠ হৰিদেৱৰ আশ্ৰমলৈ গৈ তাতে দৌলোত্সব পালন কৰাৰ সিদ্ধান্ত কৰি আশ্ৰমলৈ গ’ল আৰু মহা পয়োভৰেৰে গুৰুদেৱাশ্ৰমত দৌলোত্সব পালন কৰি হৰিদেৱক সন্মান জনালে । আটায়ে গৈ হৰিদেৱক মান সত্কাৰ কৰা বাবে তেতিয়াৰ পৰা এই হৰিদেৱাশ্ৰম বা গুৰুদেৱাশ্ৰম মানেৰী সত্ৰ নামে জনাজাত হোৱা বুলি কথিত আছে ।
মানেৰি সত্ৰত থকা কালত এদিন বাৰজন জ্ঞানভিমানী ব্ৰাহ্মণে এতোলা বিষ লৈ হৰিদেৱৰ ওচৰলৈ গল আৰু বিষতোলা খাই হজম কৰা গুৰুতহে তেওঁ শৰণ লব বুলি কৈ হৰিদেৱ গুৰুক বিষতোলা খাব ক’লে । এই বাৰ ব্ৰাহ্মণ ইয়াৰ আগেয়ে দামোদৰদেৱ আৰু শংকৰদেৱৰ ওচৰলৈ গৈছিল আৰু তেওঁলোকে এনে অদ্ভুত কাম কৰিবলৈ স্বীকাৰ নকৰাত হৰিদেৱৰ ওচৰলৈ গৈছিল । হৰিদেৱেও প্ৰথমতে সন্মতি প্ৰকাশ কৰা নাছিল । পাছত ব্ৰাহ্মণ সকলৰ আক্ৰন্তি এৰাব নোৱাৰি বিষ তোলা তিনি ভাগ কৰি গঙ্গাজল, লক্ষ্মীনাৰায়ণ বিগ্ৰহ আৰু বিষ্ণুৰূপী শালাগ্ৰামৰ পাদোকত আৰু ব্ৰাহ্মণসকলৰ পাদোকৰ লগত বস্তুখিনি বিষ বুলি নধৰি অপেয় অন্য দূষিত দ্ৰব্য বুলি তিনিবাৰত পান কৰি পেলালে । এইদৰে বিষ পান কৰি গুৰুজনা কিছুসময় অচেতন হৈ থাকি পুনৰ সুস্থ হৈ উঠিল । কিন্তু তেৰাই এই ব্ৰাহ্মণ সকলক শৰণ দিবলৈ সন্মত নহ’ল । যি শিষ্যই গুৰুক পৰীক্ষা কৰিহে শৰণ লব খোজে, শ্ৰদ্ধাত বা আধ্যাত্মিক প্ৰয়োজনত নহয়্, তেনে শিষ্যক তেওঁ শৰণ দিব নোৱাৰে । নানা কাকুতি মিনতি কৰাতো হৰিদেৱে এই ব্ৰাহ্মণ কেইজনক শৰণ দিবলৈ মান্তি নহ’ল আৰু তেওঁলোকক ব্ৰাহ্মণ অতিথি হিচাপে খুৱাই-ধুৱাই মান সত্কাৰ কৰি বিদায় দিলে । অতি হতাশ মনেৰে ব্ৰাহ্মণ কেইজন এইদৰে উভতি যাবলৈ বাধ্য হ’ল । আকৌ পিছদিনা তেওঁলোক আহি কাকুতি মিনতি কৰাত তেওঁলোকৰ চাৰিজনক গুৰুৱে দীক্ষা মন্ত্ৰ দিলে ।
১৪০৩ শকত কুসুম্বৰ ভুঞাৰ পুত্ৰ আৰু মহাপুৰুষ শংকৰদেৱৰ সৰু ভায়েক বনগঞাগিৰি হৰিদেৱৰ এই মানেৰী সত্ৰলৈ আহে । বনগঞাগিৰি এবছৰ কাল হৰিদেৱৰ আশ্ৰমত থাকাৰ পিছত গুৰুজনাই তেওঁক শৰণ-দীক্ষা দিয়ে । বনগঞাগিৰি তেখেতৰ জীৱনৰ বাকীছোৱা কাল গুৰুজনাৰ লগতে কটায় ।
মহাপুৰুষ হৰিদেৱ আছিল এজন পৰম বৈষ্ণৱ যোগী সিদ্ধ পুৰুষ । তেৰাই কোনো সন্মান বা নাম যশ নিবিচাৰিছিল আৰু নিৰ্জন ঠাইত বহি একান্ত মনে ভগৱানৰ চিন্তা আৰু ধ্যান কৰি থাকিবলৈ ভাল পাইছিল । সেইবাবে বহৰি সত্ৰত বৰ বেছি জনসমাগম হোৱাত সেই সত্ৰ ভক্ত সকলক গোটাই দি আৰু ধৰ্ম চিন্তা ধ্যানৰ উপযুক্ত স্থান বিচাৰি মানেৰীত আশ্ৰম পাতি আছিল । তাতো নানাঠাইৰ পৰা গুণমুগ্ধ ভক্তসকলক ধৰ্ম আচৰণক সকলো শিক্ষা নিয়ম-নীতি শিকাব লগাত পৰে । সত্ৰ পাতি শিষ্য ভজোৱাত হৰিদেৱ গুৰুৰ কোনো বিশেষ আগ্ৰহ নাছিল আৰু শ্ৰাদ্ধাৰে তেওঁৰ ওচৰলৈ আধ্যাত্মিক প্ৰেৰণাৰে অহা লোক সকলকহে তেওঁ শৰণ ভজন আৰু দীক্ষা দিছিল ।মহাপুৰুষ হৰিদেৱে বহৰি, মানেৰী আৰু কোচবিহাৰ হৰিপুৰ সত্ৰ স্থাপন কৰে । মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষৰ খুৰাকৰ পুত্ৰ, ৰত্নমালা ব্যাকৰণৰ প্ৰণেতা পুৰুষোত্তম বিদ্যাবাগীশৰ মুখত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ মাহাত্ম্য আৰু পাণ্ডিত্যৰ কথা শুনি তেওঁক পুৰুষোত্তমৰ হতুৱাই ৰাজসভালৈ আমন্ত্ৰণ কৰি আনি মহাৰাজ নৰনাৰায়ণে ৰাণীৰ সৈতে যথাবিধি নিয়মতে হৰিদেৱৰ ওচৰত শৰণ লয় ।
হৰিদেৱ গুৰুৰ শিষ্যসকলৰ ভিতৰত যদুমণি দেৱ, নাৰায়ণদেৱ, হৰিচৰণদেৱ, গোপীনাথ বা জগন্নাথদেৱ আদিয়েই প্ৰধান আৰু প্ৰখ্যাত । হৰিদেৱৰ আজ্ঞা অনুসৰি যদুমণিদেৱে উজনি অসমত মহৰা সত্ৰ স্থাপন কৰে, নাৰায়নদেৱে কামৰূপত শুভা সত্ৰ, হৰিচৰণদেৱে জাগাৰা সত্ৰ, জগন্নাথদেৱে বৈনাকুছি সত্ৰ স্থাপন কৰে । জগন্নাথদেৱৰ আন এটা নাম আছিল গোপীনাথ । এইজনা জগন্নাথদেৱলৈ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ নুমলীয়া কন্যা বনমালাক বিয়া দিয়ে । হৰিদেৱৰ এই প্ৰধান শিষ্য কৈজন আটায়ে আছিল শাস্ত্ৰজ্ঞ পণ্ডিত । হৰিচৰনদেৱৰ জেষ্ঠ পুত্ৰ হৰিহৰ মিশ্ৰৰ আমন্ত্ৰণ ৰক্ষা কৰি কোচবিহাৰৰ তোৰ্ষা নদীৰ পাৰৰ গছ এজোপাৰ তলত হৰিপুৰ সত্ৰৰ পৰা গুৰুজনা আহি মাজে সময়ে ভাগৱত বাখ্যা কৰে । এই গছজোপা তপস্ৱী গছ নামে জনাজাত হয় ।
মহাপুৰুষ হৰিদেৱৰ শিষ্যসকলে স্থাপন কৰা এই সত্ৰবোৰক সত্সঙ্গী সত্ৰও বুলিছিল । এই সত্ৰকেইখনৰ উপৰিও সৰু-সুৰা অনেক সত্ৰ শিষ্যসকলে স্থাপন কৰি শুদ্ধ ভাগৱতী বৈষ্ণৱ ধৰ্ম পালন কৰিছিল । বহৰি সত্ৰৰ ভাৰ বাৰজন ভকতৰ হাতত অৰ্পণ কৰি হৰিদেৱ গুৰুৱে মানেৰীত উদাৰ গোবিন্দ, বনগঞাগিৰি,থানেশ্বৰ আদি ভক্তসকলৰ লগত থাকি ভক্তি ধৰ্ম, হৰিনাম প্ৰসঙ্গ কৰি ধৰ্ম প্ৰচাৰ কৰি আছিল । জ্ঞানী গোবিন্দ জন্মস্থান নাৰায়ণপুৰলৈ ঘুৰি গৈছিল ।
১৪১৫ শকত ভাদ মাহত হৰিদেৱৰ জন্ম তিথি,বাৰ আৰু নক্ষত্ৰ মিলাত আৰু সেই দিনতো আৰু গোটেই বছৰটো হিন্দু জ্যোতিষ শাস্ত্ৰমতে অতি শুভ বুলি বিবেচিত হোৱাত হৰিদেৱে এটা ব্ৰহ্মজজ্ঞ বা জ্ঞানযজ্ঞ আৰু একেৰাহে সাতদিন ব্যাপী ভাগৱত পাঠ নবদ্বীপৰ দুজন পণ্ডিতৰ উপস্থিতিত সম্পাদন কৰে । এইদৰে ভাদমাহত হৰিদেৱৰ জন্মতিথিৰ দিনা জ্ঞান যজ্ঞ আৰু ভাগৱত পাঠ প্ৰতিবছৰে অনুস্থিত হয় আৰু নবদ্বীপৰ পণ্ডিত আহি সম্পাদন কৰে ।
১৪৩০ শকত এইদৰে হৰিদেৱ আৰু পুৰুষোত্তম পণ্ডিতে নৱদ্বীপলৈবেদজ্ঞ ব্ৰহ্মণক যজ্ঞৰ বাবে নিমন্ত্ৰণ কৰিব যাওঁতে তাতে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক লগ পায় ।
পুৰুষোত্তম পণ্ডিতক কোচবিহাৰৰ ৰজা নাৰায়ণদেৱে তেওঁৰ সভাৰ সভাপণ্ডিত পাতিলে, আৰু তেওঁ হৰিদেৱ গুৰুৰ লগত আলোচনা কৰি ৰাজসভাত যোগ দিলেগৈ ।
মহাপ্ৰভূ শ্ৰী শ্ৰী হৰিদেৱ গুৰুৱে এইদৰে মানেৰী সত্ৰত ভক্তবৃন্দৰে সৈতে পালনীয় ধৰ্মীয় অনুস্থান আৰু নামকীৰ্ত্তন কৰি ধৰ্মা আলোচনা আৰু নিয়মমতে ভাগৱত পাঠ কৰি কটাবলৈ ধৰিলে । প্ৰায়েই তেৰাই প্ৰতিমাহে একো সপ্তাহ পাটবাউসীত থকা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সত্ৰলৈ গৈ তাত ভাগৱত পাঠ কৰে আৰু তিনিজনা বৈষ্ণৱ গুৰু হৰিদেৱ, দামোদৰদেৱ আৰু শংকৰদেৱ একেলগে বহি ভাগৱত আৰু আন আন শাস্ত্ৰৰ বাখ্যা আৰু আলোচনা কৰে । শংকৰদেৱ আৰু দামোদৰদেৱেওঁ হৰিদেৱ গুৰুৰ আশ্ৰম মানেৰীলৈ আহি মাজে মাজে থাকিছিল আৰু এই তিনিজনা গুৰুৰ মাজত অতি বন্ধুত্ব আছিল ।
এইদৰে কিছুদিন চলাৰ পিছত গুৰুজনাক মৃয়মান কৰি কিছু অন্তৰে অন্তৰে জ্ঞানী গোবিন্দ, গুৰুপত্নী তিলোত্তমা আৰু ভায়েক পুৰুষোত্তম বিদ্যাবাগীষৰো কোচবিহাৰত মৃত্যু হয় ।
১৪৮৮ শকৰ জেঠ মাহত হৰিগুৰুদেৱৰ সতকুৰি বছৰ পূৰ্ণ হয় । হৰিদেৱ মহাপ্ৰভূৱে সেই সময়ত মানেৰীত এটা উত্সবৰ আয়োজন কৰিলে আৰু তাত বিস্তৰ লোকৰ সমাবেশ হয় । গুৰুজনাই সকলোকে নিজে পালন কৰি অহা শুদ্ধ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মূল উপদেশবানী শুনালে আৰু সেইমতে ধৰ্ম পালন কৰি থাকিবলৈ ক’লে । মানেৰী সত্ৰৰ দায়িত্ব তেওঁৰ অবিবাহিতা জেষ্ঠা কণ্যা ভুৱনেশ্বৰীৰ হাতত অৰ্পন কৰি মালা নিৰ্মালী দিলে ।
গুৰুজনাই ৰাতিপূৱা স্নান অহ্নিক কৰি অমৱস্যা তিথি পৰাৰ লগে লগে কুশাসনত বহি গীতা পাঠ আৰম্ভা কৰিলে । তেৰাই ওচৰত থকা শিষ্য আৰু ভক্ত সকলক জনালে যে সেইদিনা মাজ ৰাতি চৈধ্যদণ্ড সময়ত গীতা পাঠ শেষ হোৱাৰ লগে লগে সন্ন্যাসী প্ৰদত্তশ্ৰী কৃষ্ণ কবচ অন্তৰ্ধান হব আৰু সেই ক্ষণতে তেওঁ পৰলোকলৈ গতি কৰিব । এই কথা মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে আগৰে পৰাই ভক্ত আৰু শিষ্য সকলক জনাইছিল । গুৰুৱে সেই সময়ত হবিষ্যান্ন নকৰে বুলি জনাইছিল । সন্ধ্যা আদি শেষ কৰি গুৰুদেৱে কুশাসনত বহি থাকিল । চতুৰ্দশ দণ্ড ৰাতি গীতা পঠ শেষ কৰি গুৰুজনা কুশাসনত বহি গীতখন হাতত লৈ থাকিচকুমুদি যোগবলে প্ৰাণয়াম কৰি যোগস্থ হ’ল আৰু সকলোৱে চাই থাকোঁতে মূদ্ৰাস্ফোট কৰি প্ৰাণবায়ু নিৰ্গমন কৰি পাঞ্চভৌতিক দেহ-ত্যাগ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰিলে । এই দৰেই অলৌকিক ভাবে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ নৰ-নাটৰ সামৰণি পৰিল ।
মহাপুৰুশ হৰিদেৱে অসমত শুদ্ধ ভাগৱতী বৈষ্ণৱ ধৰ্মকেই প্ৰচাৰ কৰিছিল। পুৰাণ সূৰ্য্য শ্ৰী মদ্ভাগৱত, শ্ৰীমদ্ভগৱতগীতা আৰু আন আন বৈষ্ণৱ ধৰ্ম প্ৰতিপাদক শাস্ত্ৰ সমুহেই গুৰুজনাৰ প্ৰচাৰিত ধৰ্মৰ মূল ভেটি । গুৰুজনাৰ নাম অনুসৰি এই সম্প্ৰদায়ৰবৈষ্ণৱসকলক হৰিদেৱী বোলা হয় ।
মহাপুৰুষ হৰিদেৱ আছিল এগৰাকী সৰল, ধৰ্মপৰায়ন, বেদ্-উপনিষদ গীতা ভাগৱত আদি শাস্ত্ৰৰঅগাধ জ্ঞান থকা বিদগ্ধ পণ্ডিত আৰু যোগসিদ্ধ মহাপুৰুষ । হৰিত একান্ত ভক্তি আৰু একান্ত শৰণেই বৈষ্ণৱ ধৰ্মৰ মূল কথা । ধৰ্মৰমূল তত্ত্ব সকলো শাস্ত্ৰৰ পৰা আনি হৰিদেৱে ‘ভক্তিৰস তৰঙ্গিনী’ নামৰ গ্ৰন্থতলিপিবদ্ধ কৰি থৈ গৈছে । হৰিত একান্ত ভক্তি, ভক্তৰ সচেষ্ট সাধনাৰ আৰু ভগৱানৰ কৃপাৰ ফল । এই পৰামৰ্শ লাভ কৰিবলৈ শাৰিৰীক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন । পৰমাত্মা পৰম বিষ্ণু হৰি বা শ্ৰী কৃষ্ণ অন্তৰ্য্যামী ৰূপে সকলোৰে হৃদয়স্থ --- এই উপলব্ধি আৰু জীৱনত তাৰ প্ৰকৃত প্ৰতিফলনেই ধৰ্ম । সকলো ভূততে বিষ্ণুব্যাপী আছে সকলো জীৱ, বস্তু । এই উচ্চতম মানসিক স্তৰত উপনীত হবলৈ ভাগৱতত বৰ্ণণা কৰা নৱ বিধা ভক্তিৰ সাধনতে স্তৰে স্তৰে আগুৱাই গৈ আধ্যাত্মিক উত্কৰ্ষতা ক্ৰমে লাভ কৰিব লাগিব । তাৰ বাবে ধৰ্মীয় আচৰণ, একান্ত মনেৰেআৰু নিষ্ঠাৰে বিষ্ণুৰ পূজা সেৱা, বাহ্যিক সুচিতা-- - যেনে স্নান, আচাৰ আদি পালন, আৰু অন্তৰ শুদ্ধি বা চিত্ত শুদ্ধিৰ বাবে সত্গুণ আৰু স্দাচাৰৰ অণুশীলনৰ ওপৰত হৰিদেৱ গুৰুৱে গুৰুত্ত দিছিল । চিত্ত শুদ্ধিৰ বাবে অমানিত্ব বা সকলো প্ৰকাৰৰ অভিমান বৰ্জন, অহিংসা, ক্ষমা, সৰলতা, গুৰুসেৱা,পবিত্ৰতা, আৰু সদাচাৰ, আত্মসংযম, বিষয় সুখৰ প্ৰতি উদসীনতা, নিৰহংকৰিতা, অতিথি সেৱা বেদবিহিত ক্ৰিয়া - - - যেনে পিতৃ-মাতৃৰ শ্ৰ্দ্ধাদি সম্পাদন আদিৰএকান্ত প্ৰয়োজন। এই কৰ্মবিলাক নিষ্ঠাৰে আচৰণ আৰু পালন কৰিলেহে মনত হৰি ভক্তিৰ প্ৰেৰণা জাগে আৰু ভক্তিৰ পৰিপূৰ্ণতাতহে এই ক্ৰিয়া কৰ্মৰ প্ৰয়োজনীয়তা নোহোৱা হব পাৰে।
হৰিদেৱ মহাপ্ৰভূৱে হৰি ভক্তিৰ নামত দেহবিহিত ক্ৰিয়াআদি ত্যাগ, একশৰণ ধৰ্মৰ নামত আন ধৰ্ম, অন্য দেৱতাৰ আৰু অন্য ধৰ্মৰ গুৰুৰআৰু ভক্তৰ নিন্দবাদ আদিৰ পৰা বিৰত থাকিবলৈ শিষ্য সকলক দঢ়াই দঢ়াই উপদেশ দিছিল । পৰম পুষ পুৰুষোত্তম শ্ৰীকৃষ্ণ বা হৰিত একান্ত ভক্তি বৈষ্ণৱ ধৰ্মৰ মূল কথা । কিন্তু কৃষ্ণ ভক্তই আন দেৱতা সকলক নিন্দাবদ কৰা দোষণীয় । অধৰ্মী লোকৰ কথাত কান নিদিবলৈ হৰিগুৱে শিষ্যসকলক উপদেশ দি গৈছিল । শৱন কীৰ্ত্তন, স্মৰণ আদি কেনেকৈ কৰিব লাগে তাৰ ব্যৱস্থাও গুৰুৱে ভক্তা আৰু শিষ্য সকলক শিকাইছিল । সত্ৰ বিলাকত তিনি প্ৰকাৰৰ বেলাৰ প্ৰসঙ্গ, ভাগৱত অহংকাৰ ত্যাগ কৰি মানৱ সেৱাই হৰিভক্তি লাভৰ প্ৰথম পাঠ বুলি শিষ্য সকলক শিক্ষা দিছিল । মানুহে মানুহক ঘিণ বা অবহেলা কৰি জীৱে-জীৱক হিংসা কৰি কেতিয়াও ভগৱত কৃপা লাভ কৰিব নোৱাৰে --- এয়ে গুৰু হৰিদেৱৰ বাণী ।
লেখক শৰতচন্দ্ৰ গোস্ৱামী দেৱৰ “জনগণৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ” গ্ৰন্থৰ আধাৰত