উত্তৰ পূৱ ভাৰত হৰিদেৱ সংঘৰ উদ্দেশ্য :

১. সাংগঠনিক সংহতি সংস্থাপন

২. হৰিদেৱ গুৰুৰ জীৱন আদৰ্শেৰে জাতিবৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সকলো লোকৰ মাজত সনাতন হিন্দু ধৰ্মৰ প্ৰচাৰ কৰা ।

৩. বৈষ্ণব মহাপুৰুষ সকলৰ তত্ব দৰ্শন অধ্যয়ন আৰু সমন্বয় সাধনৰ জৰিয়তে জাতীয় ঐক্যৰ বাবে প্ৰয়োজনীয় কাম কৰা ।

৪. মানব সেৱাৰ বিশেষকৈ নাৰী আৰু শিশুৰ মঙ্গলকৰ অনুষ্ঠান গঢ়ি তোলা,

৫. মানব সেৱা আৰু বৈঞ্চব ধৰ্ম-সম্বন্ধীয় অনুসন্ধান আৰু গবেষনা কাৰ্য্য হাতত লোৱা

৬. গুৰু আদৰ্শ প্ৰচাৰ আৰু প্ৰকাশৰ বাবে প্ৰয়োজনীয় ধৰ্ম, সমাজ-সংস্কৃতি আৰু সাহিত্যৰ আলোচনা আৰু পুথি-পাঁজি, গীত-পদ,জীৱন-চৰিত প্ৰভৃতি সংগ্ৰহৰ ব্যৱস্থা কৰা ।

৭. বাৰ্তা, আলোচনী, প্ৰৱন্ধ গ্ৰন্থ সংকলন প্ৰভৃতি প্ৰকাশ আৰু প্ৰচাৰ কৰা

৮. অঞ্চলটোৰ কেন্দ্ৰস্থল গুৱাহাটীত কেন্দ্ৰীয় কাৰ্য্যালয়, মঠ-মন্দিৰ, অতিথিশালা প্ৰভৃতি সংস্থাপিত কৰা আৰু গুৰু স্মৃতি মণ্ডিত নাৰায়নপুৰ, মানেৰী, বহৰি, “বেহাৰে হৰিপুৰ” , পুৰীৰ আৰু মান্দাৰৰ স্মৃতি সৌধ প্ৰভৃতিৰ উপযুক্ত সংৰক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা কৰা

৯. শিক্ষানুষ্ঠান, শুশ্ৰূষাগাৰ প্ৰভৃতি গঠন আৰু পৰিচালনা কৰা

১০. সামাজিক বিকাশ আৰু কৃষ্টি মূলক আঁচনি পৰিচালনা কৰা

১১. উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন ঠাইত সংঘৰ প্ৰতিষ্ঠান সমূহ গঢ়ি তোলা

১২. পশুধন কল্যান আদি ..

..................................................

মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ বাণী, কৰ্মৰাজি, সামাজিক অৱদান সমূহৰ প্ৰচাৰৰ প্ৰসাৰতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি এটি web-site design কৰাৰ কথা পৰিকল্পনা কৰিছিলো । সন্মানীয় উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ বিষয়-ববীয়া আৰু বহুতো শুভাকাংক্ষীৰ তৰফৰ পৰা web-site design কৰাৰ বাবে পোৱা অনুপ্ৰেৰণাৰ বাবে মই আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । ইয়াৰ পৰা হৰি ভকত বৃন্দৰ মাজত যোগাযোগ বৃদ্ধি কৰিব পৰা যাব বুলি মোৰ বিশ্বাস । মহাপুৰুষ জনাৰ ওপৰত ৰচিত আপোনালোকৰ বহুমূলীয়া লিখনি (soft copy in pdf/doc /docx/txt format) ইয়াত সন্নিবিষ্ট কৰাৰ বাবে ইমেইল যোগে পঠাবলৈ অনুৰোধ জনালোঁ। এই web-site টো আৰু অধিক সুচাৰু ৰাপে উপস্থাপনৰ লগতে অধিক মনোগ্ৰাহী কৰিবলৈ সন্মানীয় হৰি-ভকত বৃন্দৰ লগতে শুভাকাংক্ষী ৰাইজে দিহা-পৰামৰ্শৰে আনন্দিত কৰিব বুলিও মই আশাবাদী । ধন্যবাদ, গৌতম গোস্ৱামী, বহৰি সত্ৰ

Please enter your Name, Address, Suggession etc.

Please use english alphabets only while filling the form

Name:        
Address